অসম চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক।
Rnewsindia24.com
ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত ১০০ সংখ্যক কেবিনেট বৈঠক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।
উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়-
১/ ৰাজ্যত বিলুপ্ত হ’ব ২৪টা মহকুমা।
ইয়াৰ বিপৰীতে গঠন কৰা হয় ৮১খন উপ-জিলা।
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব উপ-জিলাসমূহ।
২/ আজিৰে পৰা বৃদ্ধ পেন্সন ৩০০ টকাৰ পৰা ৯৫০ টকালৈ বৃদ্ধি।
৩/ বিহালী, বিশ্বনাথ আৰু গহপুৰ সমষ্টিক সামৰি নতুনকৈ গঠন হ’ব বিশ্বনাথ জিলা।
৪/ বিন্নাকান্দি, লামডিং, হোজাই লগ হৈ নতুন জিলা হ’ব হোজাই।
৫/ তামুলপুৰ, গোৰেশ্বৰ লগ হৈ গঠন হ’ব তামুলপুৰ জিলা।
৬/ বজালী, ভৱানীপুৰ, সৰভোগ লগ হৈ গঠন হ’ব বজালী জিলা।
৭/ শিক্ষাগত অৰ্হতা আৰু B.Ed ডিগ্ৰীক ১০ শতাংশ সীমাবদ্ধ কৰি টেট উত্তীৰ্ণক গুৰুত্ব দিয়া হ’ব।
৮/ ৰাজ্যত অনুষ্ঠিত হ’ব সংগীত আৰু খেল মহাৰণ।
সংগীত আৰু খেলৰ মহাৰণ আয়োজনত কেবিনেটৰ অনুমোদন।
৯/ স্বচ্ছতাৰ ক্ষেত্ৰতো প্ৰদান কৰা হ’ব ‘মোদী স্বচ্ছ জিলা’ পুৰস্কাৰ।
পুৰস্কাৰ লাভ কৰা জিলাখনক দিয়া হ’ব ১০ কোটি টকা।
১০/ গুৱাহাটীত ২৩০ কোটি টকাৰে CCTVৰ কেমেৰা স্থাপনৰ সিদ্ধান্ত।
সবিশেষ চাওঁক
By: Sangita Dutta