৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 7/2023:- 

1. ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2. আজি বৰাকত ডুংৰিপাৰ দলং, ব্ৰদীঘাট দলং আৰু ইটখোলাঘাট দলং আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আন কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী গৰাকীয়ে।
আনহাতে, শিলচৰতো মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত এক সুউচ্চ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

3. গোৱালপাৰাত ১৩ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি নিৰ্মাণ।
মহাৰাষ্ট্ৰৰ এটা মন্দিৰৰ মূৰ্তিৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গণেশৰ মূৰ্তিটো।
৩০ হাজাৰ টকা ব্যয়ৰে মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াই টিলাপাৰা সাৰ্বজনীন গণেশ পূজা কমিটীয়ে ।

4. তিনিচুকীয়াৰ ডুমডুমাত দিন ডকাইতি।
বেংকৰ পৰা ওলাই অহাৰ সময়তে এজন লোকৰ পৰা ডকাইতে কাঢ়ি নিয়ে টকাৰ বেগ।
বেংকৰ পৰা ওলাই অহাৰ সময়তে সংঘটিত হয় এই ঘটনা।

4. শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
৪ দিনৰ মূৰত NDRFৰ অভিযানত উদ্ধাৰ হয় কিশোৰটিৰ মৃতদেহ।
বাকী দুগৰাকী কিশোৰৰ সন্ধানত অব্যাহত NDRFৰ অভিযান।

6. গোসাইগাঁৱত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বাহনসহ ৫টাকৈ গৰু।
দুটা গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

7. লখিমপুৰত আৰক্ষীক আক্ৰমণৰ ঘটনা।
বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ গৈ আক্ৰমণৰ বলি হয় আৰক্ষীৰ দলটো।

8. হঠাৎ অহা প্ৰবল ধুমুহাত
ব্ৰহ্মপুত্ৰত আবদ্ধ হয় মাজুলীমুখী দুখনকৈ ফেৰী৷
জানিব পৰা মতে পদ্মা নামৰ ফেৰীখনত আছিল ৪৯ গৰাকী যাত্ৰী আৰু চেনিমাই নামৰ ফেৰীখনত আছিল ৭৮ যাত্ৰী৷

9. গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদী সমদল৷
GU শিক্ষক সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী৷
নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰযোজ্যৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

10. হোজাই থানাত উত্তপ্ত পৰিস্থিতি।
গণপ্ৰহাৰত আহত হোৱা ব্যক্তি GMCHত মৃত্যু হয়।
নাম হিৰো ৰয়।
দোষীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

11. মেঘদূত ভৱনৰ সমীপত চি পি আই এমৰ কামৰূপ মহানগৰ জিলা কমিটিৰ বিক্ষোভ কাৰ্যসূচী।
ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধ, নিযুক্তিৰ নামত দুৰ্নীতি বন্ধ কৰা, নিবনুৱা সমস্যা সমাধান আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

12. সোণাপুৰৰ ম’হপুৰত উত্তৰ-পূবৰ প্ৰথমটো চকলেট ফেক্টৰী উদ্বোধন।
উদ্যান শস্যৰ বিশেষ প্ৰকল্প‌ শুভাৰম্ভ কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব যোগিতা ৰাণাই।

13. ডিগবৈ শোধনাগাৰত উত্তাল প্ৰতিবাদ।
শোধনাগাৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ঠিকাভিত্তত শ্ৰমিকৰ প্ৰতিবাদ।
ভাৰতীয় ঠিকা মজদুৰ ইউনিয়নৰ নেতৃত্বত শ শ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে।

14. গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিভিন্ন সমস্যাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ-ছাত্ৰীৰ।

15. খেৰণিত গছ বাগৰি গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা।
হোজাইত ধুমুহাত ঘৰ-দুৱাৰ, গছ-গছনিৰ বিস্তৰ ক্ষতিসাধন হয়।

16. সোণাপুৰৰ কমাৰকুছিত ভয়ংকৰ ঘটনা।
প্ৰকাণ্ড গছ বাগৰি তিনিখনকৈ গাড়ীৰ বিস্তৰ ক্ষতি।
সোণাপুৰৰ জলপান ধাবাত সংঘটিত হয় এই ঘটনা।

17. অসম-অৰুণাচল সীমান্ত বৰডুমচাত চাঞ্চল্যকৰ ঘটনা।
দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় এজন CRPF জোৱান।
গুৰুতৰভাৱে আহত হয় আন এজন জোৱান।

18. আজি মুক্তি পালে শ্বাহৰুখ খানৰ চিনেমা ‘জৱান’।
মুক্তিৰ দিনাই হাউছফুল প্ৰতিটো ছবিগৃহ।
অনুৰাধা চিনেমা হলত শ্বাহৰুখ খানৰ ফেন ক্লাবৰ সদস্যসকলে কেক কাটি প্ৰথম দৰ্শনী উপভোগ কৰিলে।

19. এতিয়া আমি BHARAT হে চিনি পাওঁ, INDIA চিনি নাপাওঁ’- মন্তব্য হোজাইৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।

20. গোলাঘাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সমন্বয় দিৱস।
ড৹ ভূপেন হাজৰিকাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান আয়োজন কৰে।

Sangita Dutta

সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com

One thought on “৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

  1. অনুপম সৃষ্টি । খুব কম সময়ৰ ভিতৰতে সকলো লাগতীয়াল খৱৰ চাবলৈ পাইছোঁ ।সময় সাপেক্ষ পদক্ষেপ। 🙏 জয়তু আৰ্ নিউজ পৰিয়াল

Leave a Reply

Your email address will not be published. Required fields are marked *