Rnewsindia24.com Assam Sept 10/2023:-
1. ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. দিল্লীত অনুষ্ঠিত G20 বৈঠকৰ আজি অন্তিমটো দিন।
পুৱাই ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিগৰাকী ৰাষ্ট্ৰনেতাই।
3. দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে সপত্নী সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে।
4. ISROৰ সূৰ্য অভিযানৰ আন এক খবৰ।
সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ তৃতীয় প্ৰক্ৰিয়া।
প্ৰক্ষেপণৰ চতুৰ্থ পৰ্যায় আৰম্ভ হ’ব ১৫ ছেপ্টেম্বৰত।
5. কাইলৈৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন।
পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন।
অধিৱেশনত উত্থাপন কৰা হ’ব কমেও ২২খন বিধেয়ক।
6. গোৱালপাৰাৰ ধনুভাঙাৰ দেওঁশীলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইকত খুন্দা মাৰে তীব্ৰবেগী অচিনাক্ত এখন বাহনে।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ২ বাইক আৰোহী।
নিহত বাইক আৰোহীজনৰ নাম বিকাশ ৰাভা।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আন এজনৰ পৰিচয়।
7. যোৰহাটত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক।
চিনেমাৰ কায়দাৰে এজন ব্যৱসায়ীৰ পৰা ৭৫ হাজাৰ টকা লুট।
দেৱজিৎ কাৰদং নামৰ ব্যৱসায়ীজনক প্ৰৱঞ্চনা ডেনিছ কুমাৰ বৰাৰ।
দেৱজিৎ কাৰদঙৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চকটোক আটক।
8. দশম অসম আৰক্ষী ছাউনিৰ গায়ত্ৰী সোণোৱালৰ চৰকাৰী আৱাসত CIDৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে যথেষ্ট পৰিমাণৰ নথিপত্ৰৰ লগতে নগদ ধন।
গায়ত্ৰী সোণোৱালক লগত লৈ CIDএ চলাইছে অভিযান।
9. কৰিমগঞ্জৰ জয়ৰাম কলনীত চাঞ্চল্যকৰ ঘটনা।
ঘৰৰ ভিতৰত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ কৰে কিশোৰীৰ মৃতদেহ।
কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
10. গুৱাহাটীৰ পানীখাইতিত অঘটন।
ৰে’লে মহটিয়াই নিলে এজন যুৱকক।
ৰে’লৰ খুন্দাত ছিগি যায় যুৱকজনৰ দুয়োখন ভৰি।
11. গুৱাহাটীত প্ৰথমবাৰৰ বাবে দিবা-নৈশ সাঁতোৰ প্ৰতিযোগিতা সম্পন্ন।
আন্তঃজিলা স্কুল ভিত্তিত অনুষ্ঠিত প্ৰতিয়োগিতাখনত অংশগ্ৰহণ কৰে
শতাধিক প্ৰতিযোগীয়ে।
12. অসমৰ পৰা ভূটানলৈ ৰে’লসেৱা সম্প্ৰসাৰণ কৰিব ভাৰত চৰকাৰে।
কোকৰাঝাৰৰ পৰা নিৰ্মাণ হ’ব এটা সুকীয়া ৰে’লপথ।
শীঘ্ৰেই নিৰ্মাণ হ’ব অসম-ভূটান সংযোগী ৫৭.৫ কিঃমিঃ দৈৰ্ঘ্যৰ ৰে’লপথ।
ৰে’লপথ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১২০০ কোটি টকা আৱণ্টন।
13. জনতা ভৱনৰ সন্মুখত পথ দুৰ্ঘটনা।
সুৰাপায়ী যুৱকে চলোৱা বাহনে খুন্দিয়ালে আন এখন বাহনত।
বাহনখনৰ ভিতৰত পোৱা যায় সুৰাৰ বটল, গাঞ্জাৰ টোপোলা।
ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ বাহনসহ থানালৈ লৈ যায় সুৰাপায়ী যুৱকজনক।
14. দৰঙৰ শ্যামপুৰত নাহৰফুটুকীৰ আতংক।
নাহৰফুটুকীৰ আক্ৰমণত আহত হয় দুজন।
ঘৰৰ চোতালতে নাহৰফুটুকীয়ে আক্ৰমণ কৰে ব্যক্তিজনক।
15. ডিব্ৰুগড়ৰ বকুলত চাঞ্চল্যকৰ ঘটনা।
বাইপাছত পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ।
কাষতে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় এজন যুৱক।
যুৱতীগৰাকীক হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
16. মহানগৰীত গ্রেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ।
হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ।
আৰক্ষীয়ে আটক কৰে ৩টাকৈ দুৰ্ধৰ্ষ বাইক চোৰক।
17. বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৩৯ বস্তা বাৰ্মিজ চুপাৰি ভৰ্তি মেজিক ট্রাক।
আৰক্ষীয়ে খেদি খেদি জব্দ কৰিবলৈ সক্ষম হয় চুপাৰিভৰ্তি ট্রাকখন।
18. গোগামুখ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন চাইকেল আৰোহী।
19. দলগাঁৱৰ খেৰণি চাপৰিত বাঘৰ আতংক।
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৪জনকৈ লোক।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘটো ওলাই অহাৰ সন্দেহ।
20. পামহিত গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
অভিযানত জব্দ কৰে ১৬ পেকেট ড্ৰাগছ।
গ্ৰেপ্তাৰ কৰে দ্বীপেন দৈমাৰী নামৰ ড্ৰাগছ সৰবৰাহকাৰীক।
Sangita Dutta News Editor Rnewsindia24.com