৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 22/2023:-

1. হোজাই-লামডিঙত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
কেইবাখনো পূজাথলীত পূজা-অৰ্চনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

2. তিনিচুকীয়াত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
দাহাল বাবা মন্দিৰত পূজা-অৰ্চনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

3. মহানগৰীত দুৰ্গোৎসৱত দাণ্ডিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউদৰ অভিনেত্ৰী দেৱিনা ভট্টাচাৰ্যই।

4. ৰহাৰ গোপাল দাস সোঁৱৰণী আন্তঃক্লাৱ চলন্ত কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান।
উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা আৰু বহু গণ্য মান্য ব্যক্তি।

5. বোকাখাতৰ অফলামুখৰ পূজাথলীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা।

6. “২৫ বছৰৰ পিছত ২০৪৮ চনত ভাৰত উন্নত ৰাষ্ট্ৰত পৰিণত হ’ব”- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

7. চিৰাঙৰ বিজনীৰ ৬ খনকৈ দুৰ্গা পূজা মণ্ডপত উপস্থিত থাকে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰী।দুৰ্গা পূজাৰ সময়ত “পলিটিকেল” কথা নকয় হাগ্ৰামা মহিলাৰীয়ে।

8. বেলতলা অজন্তা পথৰ দুৰ্গা পূজাত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া,।
পত্নীসহ ৰাজ্যপালগৰাকীয়ে আৰ্শীবাদ ল’য় দেৱী দুৰ্গাৰ ।

9. তিতাবৰত দেও নামঘৰত
উপস্থিত হয় বক্সাৰ লাভলীনা বৰগোহাঁই।
শৰাই আগবঢ়াই কুশল-মংগল কামনাৰে আশীষ লয় বক্সাৰ গৰাকীয়ে।

10. পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ ভাৰতৰ।
সামগ্ৰীসহ ইজিপ্ত অভিমুখে উৰা মাৰে C-17 গ্লোব মাষ্টাৰ বিমান।
৬.৫ টন চিকিৎসা-সামগ্ৰী, ৩২ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে।

11. কাৰ্বি আংলঙত আৰম্ভ হয় জেংখা মাণ্ডলিক যুৱ মহোৎসৱ।
সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় ৩১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ।

12. সংগীতজ্ঞ দশৰথ দাসৰ দেহাৱসান।
বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে দশৰথ দাসে।

13. ‘মুছলমান ছোৱালীয়ে ৰাস্তাৰে ল’ৰা গ’লে সুহুৰি বজায়, হিন্দু ছোৱালীয়ে নবজায়।
মই আৱেগত সঁচা কথাই কৈছোঁ, কোনোবাই বেয়া পালেও উপায় নাই’- মন্তব্য বদৰুদ্দিন আজমলৰ।

14. নেপালত ভূমিকম্প।
পুৱাই ৬.১ প্ৰাৱল্যৰ ভূঁইকঁপে জোকাৰে নেপালৰ কাঠমাণ্ডু।

15. জাগীৰোড ৰে’ল ষ্টেচনত হেৰ’ইন জব্দ।
৩টা চাবোনৰ বাকচত ৪০ গ্ৰাম হেৰ’ইন জব্দ কৰে।
স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো লাহৰীঘাটৰ জুলহাক।

16. কাজিৰঙাৰ কঁহৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দ্রুতবেগী বাহনে মহটিয়ালে বাইক আৰোহীক।
দুৰ্ঘটনাত নিহত হয় মৃদুল কৰ্মকাৰ নামৰ লোকজন।

17. তামুলপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।
স্কুটী আৰু টমটম বাহনৰ মুখামুখি সংঘৰ্ষ।
আঘাতপ্রাপ্ত হয় টমটম চালকসহ স্কুটীত অহা ৩ আৰোহী।

18. “পাঠান আৰু জৱান”ৰ পিছত ডিচেম্বৰ মাহত মুকলি পাব কিং খানৰ নতুন ছবি ‘ডংকি’।

19. নগাঁও-মৰিগাঁও সংযোগী পথত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

20. হামাছৰ আক্ৰমণৰ মাজতেই ইজৰাইলৰ নাগৰিকৰ ৰাজপথত প্ৰতিবাদ।
‘নৰকৰ পৰা আমাক উদ্ধাৰ কৰক’ শ্লগানেৰে ৰাজপথ ইজৰাইলৰ জনতাই সাব্যস্ত কৰে প্ৰতিবাদ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *