৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 28/2023:- 

১/ আজি দেশজুৰি ৰোজগাৰ মেলা অনুষ্ঠিত হয়।
গুৱাহাটীত আয়োজিত ৰোজগাৰ মেলাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তি।
অনুষ্ঠানত ১০১ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

২/ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ঘোষণা।
শিক্ষাবিদ ড০ অনিল শইকীয়ালৈ আগবঢ়োৱা হয় এই বঁটা।
ঘোষণা কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।

৩/ মুক্তিৰ প্ৰথম দিনা বক্স অফিচত ‘ৰাঘৱ’ৰ উপাৰ্জন হয় ৩০ লক্ষাধিক টকা।
‘ৰাঘৱ’ক লৈ আশাবাদী অভিনেতা যতীন বৰা।

৪/ উৎকোচ লৈ পুনৰ জালত পৰিল আৰক্ষী বিষয়া৷
হাতে লোটে গ্ৰেপ্তাৰ হয় ধূপধৰা আৰক্ষী থানাৰ ASI আহমেদ আলী।

৫/ ইন্ধনৰ নাটনিৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰীয় বিমান সংস্থাৰ বিমান বাতিল ।
১৪ অক্টোবৰৰ পৰা বাতিল কৰে ৩৪৯ খন বিমান।
দুসপ্তাহৰ বাবে স্থগিত ৰখা হয় বিমান সেৱা।

৬/ উদ্যোগপতি মুকেশ আম্বানীক ই-মেইলযোগে ভাবুকি অজ্ঞাত লোকৰ৷
২০ কোটি টকা দাবী অজ্ঞাত লোকৰ৷
ভাবুকি ভৰা মেইলৰ পাছতে মুম্বাইৰ আৰক্ষীক অভিযোগ আম্বানী গ্ৰুপৰ৷
২৭ অক্টোবৰত আহিছিল হত্যাৰ ভাবুকি দিছিল ই-মেইলযোগে।

৭/ প্ৰয়াত ড০ বীৰেন্দ্ৰনাথ দত্তৰ শিলপুখুৰীস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে সাহিত্যিকগৰাকীৰ আৰ্দশ ল’বলৈ যুৱপ্ৰজন্মক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

৮/ আলফাৰ শিবিৰত পুনৰ মৃত্যুদণ্ডৰ ঘটনা।
মৃত্যুদণ্ডৰে দণ্ডিত হ’ল পাঠশালাৰ যুৱক অবিনাশ কলিতা।

৯/ NHPCৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল গোগামুখ।
সোৱণশিৰি নদীৰ পানী শুকোৱাক লৈ NHPCৰ সন্মুখত আছু, AJYCP এ সাব্যস্ত কৰে প্ৰতিবাদ ।

১০/ অসমৰ পৰা অমৃত কলহ লৈ দিল্লীত উপস্থিত হয় ২৭০গৰাকী যাত্ৰী।
দিল্লীত দলটোক আদৰণি জনায় মন্ত্ৰী বিমল বৰাৰ লগতে জ্যেষ্ঠ বিষয়াসকলৰ।

১১/ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজস্থান কংগ্ৰেছ নেত্ৰী জ্যোতি খাণ্ডেলৱালৰ বিজেপিত যোগদান৷
২০১৯ত জয়পুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল খাণ্ডেলৱাল৷
এইবাৰ হাৱামহল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল খাণ্ডেলৱাল৷

১২/ ‘অখিল গগৈয়ে প্ৰেম কৰিছে নেকি sacrifice কৰিবলৈ?
‘sacrifice প্ৰেমত হয়, ৰাজনীতিত নহয়।
‘পলিটিক্সত sacrifice নহয়, আজুৰি আনিব লাগিব- মন্তব্য
বিজেপিৰ বিধায়ক মানৱ ডেকাৰ।

১৩/ কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° গাৰ্গী বৰগোহাঁইৰ দেহাৱসান।
মৃত্যুৰ সময়ত বয়স ৩৫ বছৰ।

১৪/ গুজৰাটত চাঞ্চল্যকৰ ঘটনা।
একেটা পৰিয়ালৰে ৭গৰাকীকৈ সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
চুৰাটৰ পালানপুৰ অঞ্চলত সংঘটিত হয় এই ৰহস্যজনক ঘটনা।

১৫/ পৰ্বতঝোৰাত NLFB ৰ কেডাৰ আটক।
আটকাধিন কেডাৰজনৰ পৰা তিনিটা ৱেৰলেছ,নম্বৰ প্লেটহীন এখন বাইক,এটা মোবাইল ফোনৰ লগতে যাৱতীয় খাদ্য সামগ্ৰী জব্দ কৰা হয়।
আটকধিন কেডাৰ জনৰ নাম সুজিত মাৰাক।

১৬/ সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
মালিকপক্ষই শ্ৰমিকক দৰমহা আদায় নিদিয়াৰ অভিযোগ৷
দৰমহা আদায় নিদিয়াৰ বাবে
ক্ষুব্ধ চাহ শ্ৰমিকে ঘেৰাও কৰে বাগিচাখনৰ কাৰ্যালয়।

১৭/ ২৪ ঘণ্টাত গুৱাহাটীত দুটা মৃতদেহ উদ্ধাৰ৷
চানমাৰিত এটা বস্তাত উদ্ধাৰ কৰে মৃতদেহ৷
পুৱাৰ ভাগত উজান বজাৰত ৰূপম দাস নামৰ এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হয়।

১৮/ মণিপুৰৰ নিষিদ্ধ সংগঠন KCPৰ ৫জন কেডাৰক গ্ৰেপ্তাৰ৷
পূব ইম্ফল জিলাৰ দুখন গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে কেডাৰকেইজনক।
লগতে জব্দ কৰে কেইবাটাও ম’বাইল ফোন, এটা পিষ্টল সহ সক্ৰিয় গুলী।

১৯/ গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ৷
আগৰতলা ছিকেণ্ড্ৰাবাদ ৰে’লৰ পৰা জব্দ কৰে ৪৮০ বেগ চুপাৰি।
GRP-RPF-STFৰ যুটীয়া উদ্যোগত জব্দ কৰা হয় চুপাৰিখিনি।

২০/ মৰিগাঁৱৰ মানিপুৰত অগ্নিকাণ্ড৷
গৰিমা এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানত লাগে জুই৷
অগ্নিকাণ্ডত দোকানখনৰ বহু সামগ্ৰী জ্বলি ভস্মীভূত হয়।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *