৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 5/2023:-
1. ২০২৩ বৰ্ষত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ১০০জনক।
এই তথ্য সদৰী কৰে DGP জি পি সিঙে।
2. আজি ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ কৰে।
ড° ভূপেন হাছৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে জালুকবাৰীৰ সমাধিক্ষেত্ৰত চৰকাৰৰ বিশেষ কাৰ্যসূচী।
অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰা আৰু আছুৰ নেতৃত্বই।
3. বঙাইগাঁৱত উপস্থিত হয় মন্ত্ৰী বিমল বৰা।
ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
4. যোৰহাটৰ তৃতীয়খন উৰণীয়া সেঁতুৰ শিলান্যাস কৰে মন্ত্রী অজন্তা নেওগে
5. ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন পৰ্যালোচনা সভা।
উক্ত সভাত মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ পৰা জিলাখনত চলি থকা বিভাগীয় বিভিন্ন আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰে।
উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, সাংসদ প্ৰদান বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
6. ৪৮ নং টংলা বিধানসভা সমষ্টিত বিশাল জন জাগৰণ সভা।
সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, ওদাগুৰি জিলা সমিতিৰ সভাপতি মুনীন বসুমতাৰী, দলৰ বিষয়ববীয়া-কাৰ্যকৰ্তা আৰু গণ্যমান্য ব্যক্তি ।
7. গুৱাহাটীত প্ৰথম North East Orthodontic Symposium অনুষ্ঠান। গ্ৰীণউড ৰিজ’ৰ্টত Orthodontic Study Groupৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। উপস্থিত থাকে ৰাজ্যিক চিকিত্সা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন।
8. চিলাপথাৰ টাউন মহাবিদ্যালয় আৰু চিলাপথাৰ টাউন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, বহু গণ্যমান্য ব্যক্তি।
9. ‘‘কংগ্ৰেছে ৫০-৫৫ বছৰ শাসন কৰিছিল আৰু মধ্যপ্ৰদেশ দেশত ‘বিমাৰু ৰাজ্য’ নামেৰে জনাজাত আছিল। তেওঁলোকে ৰাজ্যখনৰ বাবে আন্তৰিকতাৰে কাম কৰা নাছিল।’’
মধ্যপ্ৰদেশত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য।
10. গঁড় সুৰক্ষা, সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্যে কাজিৰঙাত ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৫২কি:মি: জোৰা ‘আলট্ৰা দৌৰ’।
এই কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হৈছে অনুশীলন দৌৰ।
11. দিল্লীত আজিৰ দিনটোত এয়াৰ কোৱালিটী ইনডেক্স হয় ৪৯৮।
নয়দাৰো এয়াৰ কোৱালিটী ইনডেক্স হয় গৈ ৪২০।
অতি ভয়াৱহ স্তৰত বাঢ়িছে প্ৰদূষণৰ মাত্ৰা।
12. ‘অসমৰ মানুহে মৰমত কলিজাও দি দিব।
‘ৰঙা চকু দেখালে তাক প্ৰত্যুত্তৰ দিবলৈও ভালকৈ জানে’- মন্তব্য অভিনেতা নয়ন নীলিমৰ।
13. তিনিচুকীয়াৰ মাকুম কলাবাৰীত হত্যাকাণ্ড।
আজান দি থকা সময়তে মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা কৰে দুৰ্বৃত্তই।
মৃত ব্যক্তি গৰাকীৰ নাম ইমামজন বিহাৰৰ তেজ্জীব্বুৰ ইছলাম।
ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য।
14. জালুকবাৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বিকি চৌধুৰী।
অভিযানত জব্দ হয় বুজন পৰিমাণৰ গাঞ্জা।
15. শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৩জনকৈ লোক।
তীব্ৰবেগী ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ।
16. তামাৰহাটত গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
গুলীবিদ্ধ এটা চোৰাং গৰু সৰবৰাহকাৰী।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন দুটা গৰু সৰবৰাহকাৰীক।
অভিযানত জব্দ কৰে এখন বলেৰ’, এখন ৱাগনাৰ বাহন।
17. আত্মসমৰ্পণ আন এক আলফা স্বাধীন সদস্যৰ।
নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ সদস্য মাধৱ চেতিয়া।
18. মিজোৰামত অসম ৰাইফলছ আৰু নাৰ্কোটিকছ বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।
জব্দ কৰে ২৪টা বাকচত প্ৰায় ৩০০ গ্ৰাম হেৰ’ইন ।
হেৰ’ইন খিনিৰ বজাৰ মূল্য ২.০৬ কোটি টকা।
19. গাড়ীগাঁও মেধিপাৰাত জালুকবাৰী আৰক্ষীৰ অভিযান।
অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ বেপাৰী।
20. গোলাঘাটৰ আইতনীয়া মিৰিগাঁৱত কিংকোব্ৰা সাপ উদ্ধাৰ।
সাপটোৰ দৈৰ্ঘ্য ১০ ফুট।
দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বিচৰণ কৰি আছিল সাপটোৱে।
Sangita Dutta News Editor Rnewsindia24.com