5. ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন পৰ্যালোচনা সভা।
উক্ত সভাত মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ পৰা জিলাখনত চলি থকা বিভাগীয় বিভিন্ন আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰে।
উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, সাংসদ প্ৰদান বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
6. ৪৮ নং টংলা বিধানসভা সমষ্টিত বিশাল জন জাগৰণ সভা।
সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, ওদাগুৰি জিলা সমিতিৰ সভাপতি মুনীন বসুমতাৰী, দলৰ বিষয়ববীয়া-কাৰ্যকৰ্তা আৰু গণ্যমান্য ব্যক্তি ।
7. গুৱাহাটীত প্ৰথম North East Orthodontic Symposium অনুষ্ঠান। গ্ৰীণউড ৰিজ’ৰ্টত Orthodontic Study Groupৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। উপস্থিত থাকে ৰাজ্যিক চিকিত্সা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন।
8. চিলাপথাৰ টাউন মহাবিদ্যালয় আৰু চিলাপথাৰ টাউন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, বহু গণ্যমান্য ব্যক্তি।