PM Narendra Modi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam December 1/3023:- 

১/ আজি বিশ্ব এইডছ দিৱস।
শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং ৱাঘেল, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।

২/ ডুবাইত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে প্ৰৱাসী ভাৰতীয়ই আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীক৷

৩/ আজি তিনিচুকীয়াত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
উক্ত বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৪/ চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড।
সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

৫/ অসমৰ ঔদ্যোগিক ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৩৮ কোটি টকা।
সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

৬/ বিশিষ্ঠ সাহিত্যিক, সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱালৈ ২০২৩ বৰ্ষৰ ‘চুকাফা বঁটা’ আগবঢ়োৱা হয়।

৭/ “HIV ৰোগৰ সংক্ৰমণে গ্ৰাস কৰিছে উত্তৰ-পূৰ্বাঞ্চল” -এই ভয়াৱহ তথ্য সদৰী কৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে।

৮/ মৰিগাঁৱৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী৷
তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি৷

৯/ আজিৰে পৰা সলনি হ’ব চিম কাৰ্ড ক্ৰয় কৰাৰ নিয়ম৷
একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক চিম কাৰ্ড৷
চিম কাৰ্ড ক্ৰয় কৰাৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক৷
চিম কাৰ্ড ব্যৱহাৰকাৰীসকলক সুৰক্ষিত কৰা আৰু চাইবাৰ প্ৰৱঞ্চনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে এই ব্যৱস্থা৷

১০/ Red Sea Film Festivalত বিশেষ সন্মান অভিনেতা ৰণবীৰ সিঙলৈ৷
ৰণবীৰক অলৰাউণ্ডাৰ আখ্যা দিয়ে অভিনেত্ৰী শ্বাৰণ ষ্টনে।

১১/ হাৱালা চক্ৰৰ ধন লুটৰ অভিযোগত গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়া৷
গ্ৰেপ্তাৰ হয় SI অনুৰাগ বৰা।

১২/ ONGCৰ গেছ পৰিবাহী পাইপ ফাটি জয়সাগৰত আতংক।
বলিয়াঘাট GGS 1ত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু জয়সাগৰ আৰক্ষী।

১৩/ মণিপুৰত চাঞ্চল্যকৰ বেংক ডকাইতি৷
পঞ্জাৱ নেচনেল বেংকৰ পৰা লুটি নিয়ে ১৮ কোটি ৮০ লাখ টকা৷
সামৰিক পোছাকত মুখ বান্ধি আহিছিল ডকাইতৰ দলটোৱে৷
বেংকৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক বাথৰূমত আবদ্ধ কৰি ধন লুট৷

১৪/ কোকৰাঝাৰৰ হত্যাকাৰী শম্ভু কাহাৰ ওৰফে শীলক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে।
কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী শম্ভু কাহাৰক৷
২৯ নৱেম্বৰত এটা দম্পতীৰ ওপৰত চোকা অস্ত্ৰৰে চলাইছিল আক্ৰমণ ৷
আক্ৰমণৰ ফলত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীৰ৷

১৫/ আজি বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় দিন৷
ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয় দ্বিতীয় দিনৰ কাৰ্যসূচী।
দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিৰোধী নেতা আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

১৬/ গোসাইগাঁৱত ৭ বিঘা ধানত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।
অগ্নিকাণ্ডত প্ৰায় ৯০ মোন ধান জ্বলি নষ্ট হয়।
ভাওৰাগুৰিৰ ঘোনাপাৰাত সংঘটিত হয় এই ঘটনা।

১৭/ হঠাৎ দাম বাঢ়িল LPG চিলিণ্ডাৰৰ৷
প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ২১ টকাকৈ৷

১৮/ এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানৰ অতিথিক কেৱল চাহ-বিস্কুটেৰেহে আপ্যায়ন কৰিব লাগিব, লগতে যোগান ধৰিব পাৰিব বিশুদ্ধ খোৱাপানী৷
ব্যয় সংকোচনৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ কঠোৰ নিৰ্দেশনা৷
চৰকাৰী অনুষ্ঠানত অতিথিৰ নামত ভৱিষ্যতে কৰিব নোৱাৰিব কোনো অযথা ব্যয়৷

১৯/ জালুকবাৰী উৰণসেতুৰ সমীপত আৰক্ষীৰ অভিযান৷
নাওবৈচাৰ আতোৱাৰ ৰহমান নামৰ এজনৰ পৰা নকল সোণৰ নাও জব্দ কৰে।
৩২ হাজাৰ টকাৰ নকল নোট উদ্ধাৰ কৰে ব্যক্তিজনৰ পৰা৷

২০/ দলগাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
মৌছিটা বজাৰৰ ১৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত ভস্মীভূত হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

 

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *