৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam December 5/2023:- 

১/ তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো৷
হায়দৰাবাদ হাউছত উইলিয়াম ৰুটোৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷
ভাৰত-কেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ আলোচনা কৰে দুই ৰাষ্ট্ৰ নেতাই।

২/ আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত জৰুৰী বৈঠক।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকখন।
উক্ত বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৩/ আলি-আঃয়ে-লৃগাং উপলক্ষ্যে ১৪ ফেব্ৰুৱাৰীত ৰাজ্যৰ ১০ জিলাত চৰকাৰী বন্ধ ঘোষণা।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই ঘোষণা কৰে ৰাজ্য চৰকাৰে।
বন্ধ থাকিব ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউ জিলা।
সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰে বন্ধৰ নিৰ্দেশনা।

৪/ তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ ব্যাপক প্ৰভাৱ।
ঘূৰ্ণিৰ প্ৰভাৱত চেন্নাইত প্ৰচণ্ড ধুমুহা-বৰষুণ।
মিচাঙে প্ৰাণ লৈছে ৫জন লোকৰ।
চেন্নাইত আবদ্ধ হৈ পৰে অসমৰ একাংশ লোক।
ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা।
ৰাজ্যখনৰ স্কুল, কাৰ্যালয় বন্ধৰ ঘোষণা কৰে প্ৰশাসনে।

৫/ তেলেংগানাত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
ৰেৱন্ত ৰেড্ডী হ’ব তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
তেলেংগানা কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী।
৭ ডিচেম্বৰত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

৬/ কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেদীক গুলীয়াই হত্যা।
ৰাজস্থানৰ জয়পুৰত সংঘটিত হয় এই ঘটনা।
দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কৰ্ণী সেনাৰ অধ্যক্ষজনক।
নিজ ঘৰত বহি থকা অৱস্থাতে সুখদেৱ সিং গোগামেদীক গুলীয়াই হত্যা কৰে।
গুলীচালনাত আহত হৈছে সুখদেৱ সিঙৰ দেহৰক্ষীও।
নবীন সিং শ্বেখাৱত নামৰ দুৰ্বৃত্তটোৰ গুলীত নিহত হয় সুখদেৱ সিং।

৭/ পাৰ্থ সাৰথি মহন্তৰ ছবি ‘Lachit The Warrior’লৈ আন এক সন্মান।
চেন্নাইৰ এডিচন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু পুডুছেৰীৰ মক্খ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান প্ৰদান কৰে।

৮/ চাৰিৰাজ্যৰ নিৰ্বাচনত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৭৮ খনকৈ প্ৰচাৰ সভাত অংশ লৈছিল, অসমীয়া সন্তান হিচাপে তেখেতক লৈ গৌৰৱ অনুভৱ কৰোঁ।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ দিল্লীত এই মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

৯/ পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন DGP জি পি সিঙৰ।
আন্তঃগাঁথনিৰ বুজ লোৱাৰ উপৰি আৰক্ষীৰ অভাৱ-অভিযোগ সন্দৰ্ভতো আলোচনা কৰে DGP গৰাকীয়ে।

১০/ আজিৰে পৰা হাজোত অনুষ্ঠিত হৈছে খেল মহাৰণৰ চূড়ান্ত প্ৰতিযোগিতা।
দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই।

১১/ CID খ্যাত অভিনেতা দীনেশ ফাডনিছৰ দেহাৱসান।
৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

১২/ মাটিৰ দালাল চক্ৰৰে জড়িতৰ অভিযোগত এজনক গ্ৰেপ্তাৰ।
চাইবাৰ চক্ৰই গ্ৰেপ্তাৰ কৰে জুৰি শৰ্মা নামৰ মহিলাগৰাকীক।
পানীখাইতি চক্ৰ বিষয়া কাৰ্য্যালয়ত কৰ্মৰত আছিল জুৰি শৰ্মা।

১৩/ মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
কটাহবাৰীৰ খুচি গেষ্ট হাউছত উদ্ধাৰ কৰে যুৱকৰ মৃতদেহ।
গেষ্ট হাউছটোৰ ১০৯ নম্বৰ কোঠালীত সংঘটিত হয় এই ঘটনা।
মৃত যুৱকজন বাইহাটা চাৰিআলিৰ পৰশমণি কাকতি ।

১৪/ চিৰাং জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুকুমাৰ বড়োৱে বিজেপি ত্যাগ কৰে ৷
হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ওদালগুৰিত BPFত যোগদান কৰে সুকুমাৰ বড়ো এ।

১৫/ ৰাতাবাৰীত পুৱাৰে পৰা বুলড’জাৰ লৈ প্ৰশাসনৰ উচ্ছেদ অভিযান।
৪০টা ভিন্ন সম্প্ৰদায়ৰ পৰিয়ালক উচ্ছেদ কৰে।

১৬/ গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।
নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে খুন্দা মাৰে গছত।
চূৰ্ণবিচূৰ্ণ হৈ পৰে ট্ৰাকখনৰ সন্মুখ ভাগ।
থিতাতে নিহত হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।
নিহতদ্বয় ক্ৰমে অঞ্জয় ৰাভা আৰু অজয় সৰকাৰ।

১৭/ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা।
কোনো অচিনাক্ত লোকে উৰণসেতুৰ ওপৰৰ পৰা পেলাই দিলে এজন যুৱকক।
যুৱকজনৰ নাম গুৰছফি আলি।

১৮/ তিনিচুকীয়াৰ ধাদুম পথাৰত পথ দুৰ্ঘটনা৷
চাৰিচকীয়া বাহনে মহটিয়ালে চাইকেল আৰোহীক৷
থিতাতে নিহত হয় চাইকেল আৰোহী বৰ ধাদুম গাঁৱৰ সভাৰাম দাস৷
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে৷

১৯/ টীয়কত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।
নিহত হয় এজন ব্যক্তি।
দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত চালক।
আনহাতে,অচিনাক্ত বাহনে মহতিয়াই নিয়ে এজনক।
মৃত ব্যক্তিজনৰ নাম শংকৰ মাহিলী।

২০/ গোলকগঞ্জৰ বিদ্যাৰডাৱৰীত পিষ্টল উদ্ধাৰ।
বিদ্যাৰডাৱৰীৰ ৫ম খণ্ডৰ পৰা পিষ্টলসহ এজনক আটক কৰে আৰক্ষীয়ে।

 

 

Sangita Dutta News Editor Rnewsindia24.com

 

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *