Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 16/2024:- 

1. মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান।
ৰাজ্যৰ ৪২,৮৫,৭৪৫ হিতাধিকাৰীক প্ৰদান কৰে নতুন ৰেচন কাৰ্ড।
বৰিপাৰাত মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান হয় নতুন ৰেচন কাৰ্ড।

‘ৰেচন কাৰ্ড থাকিলে পাব আয়ুষ্মান কাৰ্ড।
লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা সেৱা।
ৰেচন কাৰ্ড থকা লোকে পাব জীৱন বীমা আৰু দুৰ্ঘটনা বীমা’।

বছৰি ৪ লাখ টকাতকৈ কম আয়ৰ লোকে পাব ৰেচন কাৰ্ড।
ৰেচন কাৰ্ড থাকিলে পাব ৫ কেজি চাউল, উজ্জ্বলা আঁ‌চনিৰ সুবিধা।
এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

2. শীঘ্ৰে মুকলি হ’ব পাণবজাৰৰ নৱনিৰ্মিত উদ্যান।
২০ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব উদ্যানখন।
মুকলিৰ পূৰ্বে উদ্যান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

3. আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ তৃতীয় দিন।
নাগালেণ্ডৰ ক’হিমাত স্থানীয় লোকসকলক সাক্ষাৎ কৰে ৰাহুল গান্ধীয়ে।

4. ঘোষণা হ’ল অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা।
১৭গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বঁটা।
সংবাদমেলত নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

5. আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হয় পৰম্পৰাগত ম’হযুঁজ।
লক্ষ্মীনাথ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় এই যুঁজ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই ম’হযুঁজ।
ম’হক যুঁজাবলৈ গোনাম’হক প্ৰশিক্ষণ দি সাজু হৈছে গোৱালসকল।

6. লক্ষ্ণৌৰ হনুমান সেঁতু মন্দিৰত উপস্থিত হয় ৰাজনাথ সিঙক।
মন্দিৰত পূজা-অৰ্চনাও কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

7. পদত্যাগ আৰু গৃহ বিভাগৰ অনুমোদন সন্দৰ্ভত উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাই আনন্দ মিশ্ৰই।
সামাজিক মাধ্যমত বিশেষ পোষ্ট IPS বিষয়াগৰাকীৰ।

8. সৰভোগৰ গৰখীয়া গোসাঁই থানত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
ঐতিহাসিক থানখনত আশীষ লয় মন্ত্ৰীগৰাকীয়ে।

9. অসমৰ চাহ জনগোষ্ঠীয় লোকৰ বাবে সুখবৰ।
‘ইটালিয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’লৈ নিৰ্বাচিত হৈছে ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’।
অভিনেতা তথা চলচ্চিত্র নিৰ্মাতা পংকজ মহন্তৰ প্ৰযোজিত ছবি ‘মিনি’।

10. ওড়িশাত ATMৰ ধন চোৰক গ্ৰেপ্তাৰ।
ভুৱনেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৫ চোৰক।
চোৰকেইটাৰ পৰা উদ্ধাৰ কৰে ৬ লাখ ১৩ হাজাৰ টকা।

11. দিল্লী-NCRত ঘন কুঁৱলীৰ বাবে বাতিল বিমানৰ উৰণ।
১৭ খনকৈ বিমানৰ উৰণ বাতিল কৰা হৈছে ।
IGI বিমান বন্দৰত ৩০ খনকৈ বিমানৰ উৰণত পলম।
২ ডিগ্ৰী ছেলছিয়াছলৈ হ্ৰাস পাইছে দিল্লীৰ তাপমাত্ৰা।
ঘন কুঁৱলীৰ বাবে বাতিল কৰা হয় কেইবাখনো ৰে’লৰ চলাচল।

12. কাইলৈ অসমলৈ আহিব ISROৰ মুৰব্বী এছ সোমনাথ।
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব এছ সোমনাথে।

13. ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত লখিমপুৰত কংগ্ৰেছৰ সংবাদমেল।
সংবাদমেল সম্বোধন কৰে APCCৰ সভাপতি ভূপেন বৰা আৰু সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই।

14. ১৮ বছৰ বিৰতিৰ পাছত পুনৰ ডিব্ৰুগড়ত হ’ব ৰঞ্জি ট্ৰফীৰ মেচ।
অসম আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত হ’ব মেচ ।
জালান আউটড’ৰ ষ্টেডিয়ামত হ’ব ৰঞ্জি ট্ৰফীৰ বিশেষ মেচখন ।
১৯-২২ জানুৱাৰীলৈকে চলিব এই মেচ।
ৰিয়ান পৰাগ অসম ৰঞ্জি টীমৰ অধিনায়ক ।

15. বাক্সাৰ চূণবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্র বেগী অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন লোক।
লোকজনৰ নাম ল’বেন নাথ।

16. হাইলাকান্দিত বাৰ্মিজ গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
লক্ষীনগৰৰ পৰা জব্দ কৰে ট্রাকসহ ৯টা বাৰ্মিজ গৰু।
গ্রেপ্তাৰ কৰে ট্রাকৰ চালক অক্তামুল হক লস্কৰক।

17. কাছাৰৰ ধলাত চাঞ্চল্যকৰ ঘটনা।
জামালপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু হয় এজন যুৱকৰ।
আক্ৰমণত মৃত্যু বাবু লস্কৰ নামৰ যুৱকজনৰ।
১০ হাজাৰ টকা দিব নোৱৰাৰ বাবে বাবু লস্কৰক হত্যা।
উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰে হত্যাকাৰীৰ বাসগৃহ।

18. তামুলপুৰৰ ১ নং পাহাৰপুৰত বোমা বিস্ফোৰণ।
বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে ৭ জনীয়া এটি পৰিয়ালৰ।
সেনাৰ ফায়াৰিং ৰেঞ্জত প্ৰশিক্ষণৰ সময়তে লক্ষ্যভ্ৰষ্ট হৈ সংঘটিত হয় এই ঘটনা।
গাঁওখনত থকা ভাৰতীয় সেনাৰ শিবিৰত চলি আছিল প্ৰশিক্ষণ।

19. হাইলাকান্দিত অঘটন।
কাটাখালত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত ২৪ গৰাকীকৈ যাত্ৰী আহত হয়।
সংকটজনক অৱস্থাত আহত ৪ গৰাকীক SMCHত ভৰ্তি কৰোৱা হয়।
তীব্ৰবেগী ট্ৰেভেলাৰ আৰু অল্টোৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

20. বিহুৰ আনন্দৰ মাজতে যোগীঘোপাত শোকাৱহ ঘটনা।
মালবাহী ৰে’লৰ খুন্দাত নিহত হয় এজন।
যোগীঘোপাৰ চলন্তাপাৰা ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই ঘটনা।
মৃত লোকজনৰ নাম মইনাল হ’ক ।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *