অসম চৰকাৰ

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam, Jan- 18/2024:- 

১/ ২২ জানুৱাৰী অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অৰ্ধছুটী ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ৷
এই ঘোষণা অনুসৰি সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান দিনৰ ২.৩০ বজাত বন্ধ হ’ব।

২/ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক মিঞা যাত্ৰা আখ্যা দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
গান্ধী পৰিয়ালক দেশৰ সবাতোতকৈ ভ্ৰষ্টচাৰী আৰু ডুপ্লিকেট পৰিয়াল আখ্যা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

৩/ মৰিয়নিত প্ৰশাসনৰ অনুমতি নোপোৱাৰ বাবে বাতিল ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰা।

৪/ লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষকৰ দ্বায়িত্ব প্ৰদান কৰে অপৰ্ণা নটৰাজনক।
লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি।
পদত্যাগ পত্ৰৰ আনুষ্ঠানিক অনুমোদন পৰ্যন্ত মুখ্য কাৰ্যালয়ত থাকিব IPS বিষয়াগৰাকী।

৫/ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বুলবুল চৌধুৰী।
শিক্ষকৰ এৰিয়াৰ বিল পাছ কৰাই দিয়াৰ নামত প্ৰত্যেকজন শিক্ষকৰ পৰা লৈছিল ২ হাজাৰ টকাকৈ উৎকোচ।

৬/ ৰাজ্যৰ ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যাক “মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি” প্ৰদান কৰিব।
কাইলৈ ৪খন জিলা ক্ৰমে- লখিমপুৰ, ধেমাজি, মাজুলী গোলাঘাটত পঞ্চায়তে পঞ্চায়তে বিতৰণ কৰা হ’ব আঁচনিৰ প্ৰ-পত্ৰ।

৭/ কামৰূপ মহানগৰ জিলা বিজেপিৰ বুথ সভাপতিৰ প্ৰশিক্ষণ কৰ্মশালা।
কৰ্মশালাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

৮/ ডবকাত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত।
হোজাইত তিনিখনকৈ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকী।
কাকী, হোজাই আৰু মোৰাঝাৰত বিতৰণ কৰে ৰেচন কাৰ্ড।

৯/ গুজৰাটত ভয়ংকৰ নাও দুৰ্ঘটনা৷
দুৰ্ঘটনাত নিহত হয় ১২ গৰাকী শিক্ষাৰ্থীসহ ২ গৰাকী শিক্ষক৷
গুজৰাটৰ বডোদৰাৰ হাৰ্নি হ্ৰদত সংঘটিত হয় এই দুৰ্ঘটনা৷
এখন বিদ্যালয়ৰ পৰা বনভোজৰ বাবে গৈছিল ২৭ গৰাকী শিক্ষাৰ্থী৷
নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ লাখ টকাৰ সাহায্য আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

১০/ গোসাইগাঁৱত BTRৰ চৰকাৰৰ ভূমি শিৰোনাম প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান।
জলেশ্বৰী গাঁৱত ১০,০৪৮টা পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কৰে বিটি আৰৰ প্ৰমোদ বড়োৱে।

১১/ অসম অৰুণাচল সীমান্ত চিজুছাত নৱম পাকে পাগা হৰ্ণবিল উৎসৱ।
শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ পৰিৱেশ আৰু পৰ্য্যটনৰ মন্ত্ৰী নাকাপ নাল আৰু বহু গণ্যমান্য ব্যক্তিয়ে।

১২/ ঢেকীয়াজুলিত নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ অধিৱেশন উপলক্ষে মন্ত্ৰী অশোক সিংহলৰ সংবাদমেল।
১ লাখৰো অধিক ৰাইজে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।
সংবাদমেল যোগে সকলোকে সহযোগৰ আহ্ৱান জনাই মন্ত্ৰী গৰাকীয়ে।

১৩/ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
শৰণীয়াই দাখিল কৰা STৰ প্ৰমাণ-পত্ৰ নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী মূলৰ নহয় বুলি ৰায় ন্যায়ালয়ৰ।

১৪/ ১৬ ফেব্ৰুৱাৰীত যোৰহাটত অনুষ্ঠিত হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ ২০২৪’।
অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব বলীউডৰ জনপ্ৰিয় শিল্পী চনু নিগমে।
সংবাদমেলযোগে এই কথা সদৰী কৰে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে।

১৫/ মণিপুৰত কুকি দুৰ্বৃত্তৰ গুলীত বিগত ২৪ ঘণ্টাত ৫জনকৈ লোকৰ মৃত্যু হয় আৰু আহত হয় কেইবাজনো লোক।
নিহত হয় দুই আৰক্ষী জোৱান, মেইটেই গাঁওৰক্ষী বাহিনীৰ দুই সদস্য- টি মনোৰঞ্জন আৰু ৱাংলেন মংশাটাবাম।
সেনাৰ বুলেট প্ৰুফ বাহনৰ খুন্দাত নিহত হয় এগৰাকী কুকি মহিলা।

১৬/ থাইলেণ্ডত ভয়ংকৰ ঘটনা।
এটা আতচবাজী কাৰখানাত হয় বিস্ফোৰণ।
বিস্ফোৰণত নিহত হয় ২৩জনকৈ লোক।
বেংককৰ ছুফান বুৰি প্ৰদেশত সংঘটিত হয় এই ঘটনা।

১৭/ তামুলপুৰৰ কুমাৰীকাটাত দিবা-নৈশ হেণ্ডবল প্ৰতিযোগিতা।
ল’ৰাৰ জুনিয়ৰ শাখাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিধায়ক জলেন দৈমাৰীয়ে।

১৮/ PWDৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ছামেদ আলীক আৰু উপ-বন সংৰক্ষক ভাস্কৰ ডেকাক গ্ৰেপ্তাৰ কৰে
CM ভিজিলেন্সে।
আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰে দুয়ো গৰাকী ব্যক্তিক।

১৯/ আজিৰে পৰা ১৩ দিনীয়াকৈ মাজুলীত আৰম্ভ হ’ল অসম ভাওনা সমাৰোহ।
১৫ হাজাৰ মহিলাৰ দিহানামে শুভাৰম্ভ হয় ভাওনা সমাৰোহৰ।
উক্ত সমাৰোহত ৩০ খনৰো অধিক ভাওনাই অংশগ্ৰহণ কৰিব।

২০/ তেজপুৰত যুৱকৰ পথাৰত মৃতদেহ উদ্ধাৰ।
মৃত লোকজনৰ নাম খাইৰুল ইছলাম নাম।
দুই বন্ধুৰ সৈতে অৰুণাচললৈ যাবলৈ আহে খাইৰুল ইছলাম।
দুই বন্ধুৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *