৯/ গুজৰাটত ভয়ংকৰ নাও দুৰ্ঘটনা৷
দুৰ্ঘটনাত নিহত হয় ১২ গৰাকী শিক্ষাৰ্থীসহ ২ গৰাকী শিক্ষক৷
গুজৰাটৰ বডোদৰাৰ হাৰ্নি হ্ৰদত সংঘটিত হয় এই দুৰ্ঘটনা৷
এখন বিদ্যালয়ৰ পৰা বনভোজৰ বাবে গৈছিল ২৭ গৰাকী শিক্ষাৰ্থী৷
নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ লাখ টকাৰ সাহায্য আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰে।
১৪/ ১৬ ফেব্ৰুৱাৰীত যোৰহাটত অনুষ্ঠিত হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ ২০২৪’।
অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব বলীউডৰ জনপ্ৰিয় শিল্পী চনু নিগমে।
সংবাদমেলযোগে এই কথা সদৰী কৰে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে।
১৫/ মণিপুৰত কুকি দুৰ্বৃত্তৰ গুলীত বিগত ২৪ ঘণ্টাত ৫জনকৈ লোকৰ মৃত্যু হয় আৰু আহত হয় কেইবাজনো লোক।
নিহত হয় দুই আৰক্ষী জোৱান, মেইটেই গাঁওৰক্ষী বাহিনীৰ দুই সদস্য- টি মনোৰঞ্জন আৰু ৱাংলেন মংশাটাবাম।
সেনাৰ বুলেট প্ৰুফ বাহনৰ খুন্দাত নিহত হয় এগৰাকী কুকি মহিলা।
১৬/ থাইলেণ্ডত ভয়ংকৰ ঘটনা।
এটা আতচবাজী কাৰখানাত হয় বিস্ফোৰণ।
বিস্ফোৰণত নিহত হয় ২৩জনকৈ লোক।
বেংককৰ ছুফান বুৰি প্ৰদেশত সংঘটিত হয় এই ঘটনা।
১৭/ তামুলপুৰৰ কুমাৰীকাটাত দিবা-নৈশ হেণ্ডবল প্ৰতিযোগিতা।
ল’ৰাৰ জুনিয়ৰ শাখাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিধায়ক জলেন দৈমাৰীয়ে।