Narendra Modi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam, Jan / 21/ 2024:-

1. ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে ৰামসেতু নিৰ্মাণ হোৱা স্থান পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰী কোঠানডাৰামা স্বামী মন্দিৰত সেৱা ল’য় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

2. ওদালগুৰিৰ মাজবাটত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী।
উক্ত কাৰ্যসূচীত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3. ২২ জানুৱাৰীত মৰিগাঁৱত ড্ৰাই ডে’ঘোষণা।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ উপলক্ষে এই নিৰ্দেশনা জিলা আয়ুক্তৰ।
পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধ থাকিব সুৰাৰ বিপনী।

4. ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৃশ্যৰ লাইভ টেলিকাষ্টত নিষেধাজ্ঞা তামিলনাডু চৰকাৰৰ।
প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ সৈতে জড়িত সকলো অনুষ্ঠান প্ৰচাৰত নিষেধাজ্ঞা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ।
ছ’চিয়েল মিডিয়াত এই কথা সদৰী কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

5. মহানগৰীৰ বশিষ্ঠ মন্দিৰত মন্ত্ৰী অশোক সিংঘালৰ স্বচ্ছ অভিযান কাৰ্যসূচী।
মন্ত্ৰীগৰাকীক চাফাই অভিযানত সংগ দিয়ে মেয়ৰ মৃগেন শৰণীয়াই।
কাইলৈ অসমবাসীক ঘৰে ঘৰে চাকি-বন্তি জ্বলাবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংঘালে।

6. APCCৰ সভাপতি ভূপেন বৰাক আক্ৰমণ।
ন্যায় যাত্ৰাৰ ৰেলীৰ মাজতে জামুগুৰিহাটত আক্ৰমণ কৰে বৰাক।
ৰাহুল গান্ধীৰ গাড়ীৰ পৰা নামি যোৱাৰ সময়তে আক্ৰমণ দুৰ্বৃত্তই।
ৰেলীৰ মাজতে জামুগুৰিত সংঘটিত হয় এই ঘটনা।

7. ৩ বজাৰ পূৰ্বে বটদ্ৰৱা থানত প্ৰৱেশ কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে।
থান পৰিচালনা সমিতিৰ কৰ্ণধাৰ সমিতিৰ এই সিদ্ধান্ত।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে থকা কাৰ্যসূচীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে।

8. ২২ জানুৱাৰীত বন্ধ নাথাকে দিল্লী এইমছৰ OPD সেৱা।
উপলব্ধ হ’ব সকলো চিকিৎসা সেৱা।
এক বিজ্ঞপ্তিযোগে এইমছ কৰ্তৃপক্ষই সদৰী কৰে এই কথা।

9. কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ।
দিনৰ ২ বজালৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, সম্পূৰ্ণৰূপে বন্ধ থাকিব শিক্ষানুষ্ঠান।
সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

10. ‘মিঞা শব্দটো ETHNIC WORD’।
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত মিঞাসকলক অংশগ্ৰহণৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

11. ২২ জানুৱাৰীত ৰাজ্যৰ প্ৰতিটো নামঘৰত নাম-কীৰ্তন কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক সোমবাৰে বিশেষ প্ৰাৰ্থনা কৰাৰ আহ্বান।

12. ২২ জানুৱাৰীত বিয়লি ৪ বজালৈ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
হোটেল-ৰেষ্টোৰাসমূহতো নিৰামিষ আহাৰ যোগান ধৰিবলৈ আহ্বান।
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়লৈকে উপবাসৰো আহ্বান।

13. চৰাইদেউৰ কাকতিবাৰীৰ লিকচন পথাৰত সোণাৰু, কৃষ্ণচূড়া, কাঞ্চনৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান।
৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে অনুষ্ঠানৰ।
অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, কেইবাগৰাকীও সাংবাদিক, বহু গণ্য মান্য ব্যক্তি।

14. অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হয়।
আটাইকেইজন তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী।
খাৱৈৰ পৰা উদ্ধাৰ কৰি তিনিচুকীয়ালৈ অনা হয় মৃতদেহকেইটা।

15. অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ লিখি DP ল’বলৈ দিছে ।
ড০ হীৰেন গোঁহাইৰ বিতৰ্কৰ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল দত্ত।

16. বাংলাদেশলৈ ৰপ্তানিৰ চেষ্টা কৰা চেনি জব্দ।
ইঞ্জিনচালিত নাওঁসহ ২২৮ বস্তা চোৰাং চেনি জব্দ কৰে BSFএ।
ব্ৰহ্মপুত্ৰৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয় চেনিখিনি।

17. মিজোৰামৰ ভাইৰেণ্টিত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বলেৰ’ পিকআপ বাহন।
বাহনখনত আছিল কেইবাজনো শ্রমিক।
থিতাতে নিহত হয় ২ জন শ্ৰমিক।

18. হাফলঙত বেংকৰ মহিলা কৰ্মচাৰীৰ ঘৰৰ পৰা ৫০ লাখ টকা জব্দ কৰা হয়।
হাফলঙত পথ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ।
মহিলা কৰ্মচাৰীগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।

19. অৰুণাচলৰ আনজাওত ভয়ংকৰ পথ দুৰ্ঘটনা।
পাহাৰীয়া পথৰ পৰা দ’ খাৱৈত বাগৰিল ৱাগনাৰ বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৩ জনকৈ লোক।

20. নগাঁৱৰ দক্ষিণপাটত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথাৰত বাগৰিল মালভৰ্তি ট্রেক্টৰ।
থিতাতে নিহত হয় ট্রেক্টৰচালক,
আহত হয় আন এজন।
নিহত চালকজনৰ নাম ৰকিবুল হুছেইন।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *