১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 15 March 2024:-
1. গুৱাহাটী বিশ্ববিদ্যালয়ত ৩১ সংখ্যক দীক্ষান্ত সমাৰোহ।
বিশ্ববিদ্যালয়ৰ অধীনৰ মুঠ ৫৪,৮৪৯ শিক্ষাৰ্থীলৈ আনুষ্ঠানিক ডিগ্ৰী।
সমাৰোহত মুঠ ৩,৩৫৫গৰাকীক আনুষ্ঠানিকভাৱে ডিগ্ৰী-ডিপ্লমা প্ৰদান কৰে।
উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু বহু গণ্য মান্য ব্যক্তি।
2. ১৯ মাৰ্চৰ পৰা CAAৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
CAAৰ বিৰুদ্ধে SCত দাখিল ১৯০খনতকৈও অধিক আবেদন।
সকলো আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।
3. হোজাইত বিকাশৰ যাত্ৰা কাৰ্যসূচী।
হোজাইৰ নৱনিৰ্মিত উৰণসেতু
মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৩৯৫ কোটি টকা ব্যয়েৰে কেইবাটাও প্ৰকল্পৰ উদ্বোধন-শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।
4. নৱনিযুক্ত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
৮ মাৰ্চৰ পৰা খালী হৈ আছিল দেশৰ নিৰ্বাচন আয়ুক্তৰ দুয়োটা পদ।
5. কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিএছ য়েডিয়োৰাপ্পাৰ বিৰুদ্ধে এগৰাকী ১৭বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ।
POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।
6. নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা কৰে নিৰ্বাচন আয়োগে।
বিজেপিয়ে লাভ কৰে সৰ্বাধিক ৬০৬০.৫ কোটি টকা।
তৃণমূল কংগ্ৰেছে ১৬০৯.৫০ কোটি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ১৪২১.৯ কোটি টকা।
7. দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ সকাহ।
প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ২ টকাকৈ হ্ৰাস।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ ঘোষণা।
আজি পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী নতুন নিৰিখ।
8. বাজপেয়ী ভৱনত বিজেপিৰ পৰ্যালোচনা বৈঠক৷
যোৰহাট-কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ হ’ব আলোচনা৷
মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক৷
বৈঠকত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু৷
9. ২০ হাজাৰ সংখ্যক গৃহত পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰে মন্ত্ৰী অশোক সিংহলে।
শীঘ্ৰেই খোৱাপানীৰ সমস্যাৰ পৰা মুক্ত হ’ব মহানগৰবাসী ।
প্ৰতিটো অঞ্চলতে যোগান ধৰা হ’ব বিশুদ্ধ খোৱাপানী।
এই কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।
10. নিৰ্বাচনী বণ্ডৰ সকলো সংখ্যা প্ৰকাশ কৰিবলৈ SBIক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
সোমবাৰে বেংক কৰ্তৃপক্ষক তথ্য দাখিল কৰিবলৈ নিৰ্দেশ।
11. লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে দলত্যাগ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে৷
প্ৰাথমিক সদস্য পদো ত্যাগ কৰে আব্দুল খালেকে৷
12. ডিব্ৰুগড়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব লুৰিনজ্যোতি গগৈ।
13. চিৰাং জিলাৰ বাসুগাঁৱত মুকলি ৩০খন বিচনাযুক্ত চিকিৎসালয়।
ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ উপস্থিতিত চিকিৎসালয়খন মুকলি কৰে বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ই এম অৰূপ কুমাৰ দে’ই।
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
14. যুৱনেত্ৰী অংকিতা দত্তক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উপাধ্যক্ষা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
15. ৰঙিয়াত CAA বিৰোধী আন্দোলন।
নাগৰিকত্ব সংশোধনী আইন, বাতিলৰ দাবীৰে কামৰূপ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ।
আনহাতে, আছু আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সন্থাই চাপৰত CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে।
16. মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান।
খানাপাৰা বাছ আস্থানৰ সমীপত চলা অভিযানত জব্দ কৰে ৪৭ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।
এগৰাকী মহিলাসহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।
দুয়োৰে পৰা এটা মোবাইল ফোন আৰু নগদ প্ৰায় ২ হাজাৰ টকাও জব্দ কৰে STFৰ দলটোৱে।
17. বিলাসীপাৰাৰ মালগাঁও কৈমাৰীত শোকাৱহ ঘটনা।
ইটাভাটাৰ গাৰ্ডৱাল খহি মহিলাসহ ৩গৰাকী শ্ৰমিকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত হয় আন এজন শ্ৰমিক।
18. কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা।
ধলাইৰ লোকনাথপুৰত ১২কেজি হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ১১০ কোটি টকা।
ঘটনা সন্দৰ্ভত দুই মহিলা সৰবৰাহকাৰীক আটক কৰে।
19. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁৱত আৰক্ষীৰ অভিযান।
ৰাখালডুবিৰ পৰা ড্ৰাগছসহ ৪ সৰবৰাহকাৰীক আটক কৰে।ধৃত লোকমান আলী, তমছেৰ আলী, ৰছিদুল ইছলাম, কামাল বাদশ্বাহ।
সৰবৰাহকাৰীকেইটাই ব্যৱহাৰ কৰা ছুইফট বাহনো জব্দ কৰে আৰক্ষীয়ে।
20. ২৩টা প্ৰজাতিৰ ‘হিংস্ৰ’ কুকুৰ নিষিদ্ধৰ বাবে ৰাজ্যসমূহলৈ আহ্বান কেন্দ্ৰৰ।
পিটবুল টেৰিয়াৰ, আমেৰিকান বুলডগ, ৰটউইলাৰসহ ২৩টা প্ৰজাতিৰ কুকুৰ পোহা আৰু ব্ৰীডসমূহৰ প্ৰজননত বাধা আৰোপ কৰে কেন্দ্ৰই।
পোহনীয়া কুকুৰে কৰা আক্ৰমণৰ বাবেই এই সিদ্ধান্ত কেন্দ্ৰৰ।
Sangita Dutta Editor in Chief Rnewsindia24.com