১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
12 June 2024
১/ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা।
একাদশ শ্ৰেণীৰ যোগ্য ছাত্ৰীয়ে পাব মাহিলী ১,০০০ টকা ।
স্নাতক শ্ৰেণীৰ ছাত্ৰীয়ে পাব ১,২৫০ টকা ।
স্নাতকোত্তৰ ছাত্ৰীলৈ ২,৫০০ টকা ।
প্ৰতি মাহৰ ১১তাৰিখে একাউণ্টত সোমাব এই ধন।
ইয়াৰে প্ৰথমটো কিস্তি মুকলি কৰা হ’ব অহা ১১অক্টোবৰত।
১জুলাইৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হ’ব।
২/ ড’নাৰ মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই।
প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ কাৰ্যকালত উত্তৰ-পূবৰ যুগান্তকাৰী উন্নয়ন হোৱা বুলি মন্তব্য কৰে সিন্ধিয়াই।
৩/ উপ-মুখ্যমন্ত্ৰী হিচাপে জনসেনা পাৰ্টীৰ পৱন কল্যানে শপতগ্ৰহণ কৰে।অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
লগতে দক্ষিণ ভাৰতৰ ছবি জগতৰ মেগাষ্টাৰসকল।
৪/ প্ৰেমা খাণ্ডু হ’ব অৰুণাচল মুখ্যমন্ত্ৰী।
আনুষ্ঠানিক ভাৱে ঘোষণা কৰে বিজেপিয়ে।
৫/ জনতা ভৱনৰ সভাকক্ষত ট্ৰান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ গুৰুত্বপূৰ্ণ বৈঠক৷
মন্ত্ৰী পীযূষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
বৈঠকত ট্ৰান্সজেণ্ডাৰসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে পৰ্য্যালোচনা কৰা হয় আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
৬/ আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰে জয়ন্ত বসুমতাৰীয়ে।
২৪ জুনৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ অধিৱেশন।
এই অধিৱেশনতে শপত ল’ব নৱনিৰ্বাচিত সাংসদগৰাকীয়ে।
৭/ ইটালীত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰে খালিস্তানী উগ্ৰপন্থীয়ে।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
G7 সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী ভ্ৰমণৰ পূৰ্বে সংঘটিত হয় এই ঘটনা।
৮/ দক্ষিণ কুৱেইটৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড।
দক্ষিণ কুৱেইটৰ মংগাফ চহৰৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
ঘটনাত প্ৰায় ডেৰ শতাধিক লোক অগ্নিদগ্ধ হয়।
ঘটনাত শোক প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
৯/ উত্তৰ-পূব বিকাশ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে জ্যোতিৰদিত্য সিন্ধিয়াই।
উত্তৰ-পূবত সুদূৰপ্ৰসাৰী বিকাশ সাধন কৰাৰ প্ৰতিশ্ৰুতি সিন্ধিয়াৰ।
জ্যোতিৰাদিত্য সিন্ধিয়াক সংগ দিয়ে ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে।
১০/ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় চন্দ্ৰবাবু নাইডুৱে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, নীতিন গাডকাৰী।
১১/ ২৪ জুনৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হ’ব অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন।
শপত ল’ব নৱ নিৰ্বাচিত সাংসদসকলে।
অনুষ্ঠিত হ’ব লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ।
২৭ জুনৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ ২৬৪তম অধিৱেশন।
সামাজিক মাধ্যমত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে।
১২/ পুনৰ মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ।
পশ্চিমবংগৰ এটি ৪ বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ।
২০১৯ৰ পাছত মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ এয়া দ্বিতীয়টো ঘটনা।
বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰে এই তথ্য।
১৩/ ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব উপেন্দ্ৰ দ্বীবেদী।
৩০ জুনত অৱসৰ ল’ব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই।
বৰ্তমান উপ-সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে উপেন্দ্ৰ দ্বীবেদীয়ে।
১৪/ অসমৰ চাহ উদ্যোগৰ বাবে সুখবৰ ।
মৰাণৰ সুখমল ব্ৰেণ্ডৰ চাহে গঢ়িলে বিশ্ব অভিলেখ।
কলকাতাত সুখমল ব্ৰেণ্ডৰ প্ৰতিকেজি চাহপাত ১,৫০৬ টকাত বিক্ৰী।
কলকাতা চাহ নিলাম কেন্দ্ৰৰ ২৪নং চেলত লাভ কৰে এই নিৰিখ।
১৫/ বিশ্ববিদ্যালয় অনুদান আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এতিয়াৰে পৰা এটা শৈক্ষিক বৰ্ষত দুবাৰকৈ নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীয়ে।
UGCৰ শেহতীয়া বৈঠকত গ্ৰহণ কৰে এই সিদ্ধান্ত।
UGCৰ অধ্যক্ষ জগদীশ কুমাৰে সদৰী কৰে এই তথ্য।
অৱশ্যে বাধ্যতামূলক নহয় বছৰত দুবাৰকৈ নামভৰ্তি প্ৰক্ৰিয়া।
১৬/ শিলচৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী।
ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ এছিষ্টেণ্ট সৌম্য ভট্টাচাৰ্য গ্ৰেপ্তাৰ।
১৭/ আজি গণশিল্পী খগেন মহন্তৰ মৃত্যু বাৰ্ষিকী।
কলাক্ষেত্ৰৰ গণশিল্পী খগেন মহন্ত উদ্যানত শিল্পীগৰাকীক স্মৰণ কৰে কলাক্ষেত্ৰ সমাজে।
১৮/ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ।
সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত হয় এজন CRPF জোৱান, ২জন সন্ত্ৰাসবাদী আৰু আহত হয় ৬জন নিৰাপত্তাৰক্ষী।
কাশ্মীৰৰ কাথোৱা আৰু ড’ডাত পৃথকে হৈছিল দুটা সন্ত্ৰাসবাদী আক্ৰমণ ।
১৯/ ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা।
অম্বুবাচী মেলা উপলক্ষে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে বৈঠক অনুষ্ঠিত কৰে।
২০/ কোকৰাঝাৰ যমদুৱাৰত বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন।
এবছুৰ উদ্যোগত অনুষ্ঠিত কৰে ৩৭ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস।
শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আয়োজন বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়।
Sangita Dutta Editor in Chief Rnewsindia24.com