Manu Bhaker

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ আজি মোদী 3.0ৰ দ্বিতীয়টো ‘মন কী বাত’ অনুষ্ঠান।

দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘মন কী বাত’ অনুষ্ঠানত চৰাইদেউৰ ঐতিহাসিক মৈদামৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

২/ ইতিহাস ৰচি শ্বুটাৰ মনু ভাকেৰৰ পদক অৰ্জন।

১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন।

অলিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ।

৩/ সলনি হ’ল দেশৰ ১০ খন ৰাজ্যৰ ৰাজ্যপাল।

লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপালৰূপে নিযুক্তি।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নিযুক্তি দিয়ে নতুন ৰাজ্যপালক।

পূৰ্বে ছিকিমৰ ৰাজ্যপালৰ দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও দিয়া হয় আচাৰ্যক।

৪/ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি।

ৰমেন ডেকা মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ।

৫/ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰো অতিৰিক্ত দায়িত্ব প্ৰদান কাটাৰিয়াক।

বনৱাৰীলাল পুৰোহিতৰ পদত্যাগৰ পাছতে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি।

৬/ ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।

কাইলৈ শপত ল’ব নৱ-নিযুক্ত উপাচাৰ্যগৰাকীয়ে।

ৰাজ্যপালে শপত গ্ৰহণ কৰোৱাব ননীগোপাল মহন্তক।

৭/ সু-খবৰ!

এতিয়াৰে পৰা অতি কম সময়, কম খৰচতে ছটিয়াব পাৰিব সাৰ, কীটনাশক।

 ‘নমো ড্ৰোন দিদি’ আঁচনিৰ অধীনত ড্ৰোন লাভ কৰিব কৃষকে।

৮/ নেমকেয়াৰ হাস্পতালৰ MICUত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পী জুবিন গাৰ্গ।

শিল্পী গৰাকীক নেমকেয়াৰ হাস্পতালত উপস্থিত হয় স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

৯/ আজি দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত ‘দেশভক্তি দিৱস’ পালন।

মহানগৰীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয়।

১০/ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷

মৈদামত উপস্থিত হৈ উপৰিপুৰুষক স্মৰণ কৰে সাংসদগৰাকীয়ে৷

সাংসদ গৰাকীক সংগ দিয়ে বিধায়ক দেৱব্ৰত শইকীয়া, ভাস্কৰজ্যোতি বৰুৱাই৷

১১/ আজি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ ৯২ সংখ্যক ওপজা দিন।

ওপজা দিনটোত কবিগৰাকীক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জন্মস্থান যোৰহাটত হীৰুদাৰ দিন হিচাপে উদ্‌যাপন কৰে হীৰেন ভট্টাচাৰ্য সংৰক্ষণ সমিতিয়ে।

১২/ ভাৰতত বৃদ্ধি পাইছে মূৰ আৰু ডিঙিত কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা।

বিশেষজ্ঞৰ মতে, ধঁপাত সেৱনৰ ফলত যুৱক-যুৱতীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি ।

২০৪০ চন পৰ্যন্ত এই ৰোগীৰ সংখ্যা ২.১ মিলিয়ন হোৱাৰ আশংকা ব্যক্ত।

১৩/ লোকসেৱা ভৱনত দেশভক্তি দিৱসৰ আয়োজন।

অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা।

দেশভক্ত তৰুণৰাম ফুকনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই মন্ত্ৰী হাজৰিকাই।

১৪/ নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ IAS কোচিং চেণ্টাৰত ৩ শিক্ষাৰ্থীৰ মৃত্যু।

কোচিং চেণ্টাৰৰ একেবাৰে তলৰ মহলাত বানত আৱদ্ধ হৈ মৃত্যু হয় শিক্ষাৰ্থীকেইজনৰ।

বৰ্তমানো আৱদ্ধ হৈ আছে বহু শিক্ষাৰ্থী।

কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী আৰু সমন্বয়কক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

১৫/ উৎকট গৰমৰ বাবে বাক্সাত প্ৰাণ গ’ল এজন লোকৰ।

মৃত লোকজনৰ নাম প্ৰাণজিৎ শৰ্মা।

১৬/ নাগালেণ্ডত বুজন সংখ্যক মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ।

অসম ৰাইফলছ-নাগালেণ্ড আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰসমূহ।

১৭/ নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছত এগৰাকী মহিলাৰ মৃত্যু।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ৬০ ঊৰ্ধৰ এগৰাকী মহিলা।

১৮/ ২০২৫ ত শৃংখল চলিহাৰ নেতৃত্বত অসমত গঠন হ’ব নতুন আঞ্চলিক ৰাজনৈতিক দল।

২০২৬ৰ বিধানসভা নিৰ্বাচনত এঘৰী যুঁজিবলৈ সাজু বুলি ঘোষণা কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

১৯/ ব’লব’ম উপলক্ষ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিশেষ কাৰ্যসূচী।

ভক্তগণক যোগান ধৰে লঘু আহাৰ।

মহানগৰীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজন কৰে এই বিশেষ কাৰ্যসূচী৷

২০/ ৰামধেনু নাট্যগোষ্ঠীৰ সৌজন্যত শিৱসাগৰৰ শ্ৰীশ্ৰী খাটপাৰ সত্ৰৰ সব্যসাচী কলাকেন্দ্ৰত শিশু নাটক ‘ঔ তলৰ ভূত’ প্ৰদৰ্শন। শিৱসাগৰৰ হাঁহচৰাৰ শ্ৰীশ্ৰী খাটপাৰ সত্ৰৰ সব্যসাচী কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হয় এই নাটকখন৷

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *