দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ ৩ দিনীয়া কাৰ্যসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ছিংগাপুৰ ভ্ৰমন কৰিব নৰেন্দ্ৰ মোদীয়ে।

ব্ৰুনাইত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।

দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে আলোচনা কাৰ্যসূচীৰে আজি ব্ৰুনাই দাৰুছলামত অৱতৰণ প্ৰধানমন্ত্ৰীৰ।

উল্লেখযোগ্য যে, এই ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মোডীৰ কাৰ্যকালৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ।

২/ আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোত প্ৰতিবছৰে পালন কৰা হয় এই দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে

জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সামূহিক দৌৰ অনুষ্ঠিত কৰা হয়।

সামূহিক দৌৰত অংশগ্ৰহণ কৰে বক্সাৰ লাভলীনা বৰগোহাঁই, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই।

আনহাতে, জন্মস্থান শিৱসাগৰতো ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত উদযাপন কৰে অভিৰুচি ক্ৰীড়া দিৱস।

৩/ পশ্চিমবংগ বিধানসভাত দাখিল ধৰ্ষণ বিৰোধী বিধেয়ক।

মহিলা আৰু শিশুৰ বাবে সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে দাখিল ‘অপৰাজিতা মহিলা আৰু শিশু (পশ্চিম বংগ অপৰাধ আইন সংশোধনী) বিধেয়ক, ২০২৪’।

প্ৰস্তাৱিত বিধেয়ক খন আইনত পৰিণত হ’লে ধৰ্ষণকাণ্ডত ভুক্তভোগীৰ মৃত্যু হ’লে দোষী সাব্যস্ত হোৱা ব্যক্তিসকলক দিয়া হব মৃত্যুদণ্ড।

৪/ ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত সদস্যতা অভিযান শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজিৰে পৰা সমগ্ৰ অসমতে সদস্যতা অভিযান কাৰ্যসূচী।

দ্বিতীয় দিনত সদস্য পদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ভৱেশ কলিতা আৰু বহু দল-সংগঠনৰ নেতৃত্বই।

৫/ গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।

শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে গৌতম গম্ভীৰে।

৬/ গুৱাহাটীত Yellow Alert জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই।

আগন্তুক ২৪ ঘণ্টাত মহানগৰীত আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

৭/ নিতাইপুখুৰী আৰক্ষী চকীৰ IC পাৰ্থ চুতীয়াক ৰিজাৰ্ভ ক্ল’জ।

শিৱসাগৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত পাৰ্থ চুতীয়াক ৰিজাৰ্ভ ক্ল’জ।

লগতে ৮ গৰাকী আৰক্ষীক বদলি কৰা হৈছে।

৮/ পেৰিছ পেৰালিম্পিকত তৃতীয়টো স্বৰ্ণ জয় ভাৰতৰ।

জেভলিন থ্ৰ’ৱাৰ সুমিত আন্তিলে অৰ্জন কৰে স্বৰ্থপদক।

৯/ “ক্ৰীড়া ক্ষেত্ৰখনত ৰাজনীতি সোমাবই নালাগে।

কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাওক উঠি অহা প্ৰজন্ম।

অভিৰুচি দিৱসৰ দিনটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ এই আহ্বান।

১০/ ব্ৰুনাইত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।

দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে আলোচনা কাৰ্যসূচীৰে মঙলবাৰে ব্ৰুনাই দাৰুছলামত অৱতৰণ প্ৰধানমন্ত্ৰীৰ।

উল্লেখযোগ্য যে, এই ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মোডীৰ কাৰ্যকালৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ।

১১/ চতিয়া থানাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

২০ আগষ্টত চতিয়া দিৱস পালনৰ কথা বিধানসভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ বাবে চতিয়া থানাত সভাৰ আয়োজন।

১২/ চলিত বৰ্ষৰ শেষৰফালে অৱসৰ ল’ব ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অলিম্পিকৰ প্ৰাক্তন ব্ৰঞ্জৰ পদক বিজয়ী ছাইনা নেহৱালে।

স্বাস্থ্যজনিত সমস্যাৰ বাবেই অৱসৰ ল’ব খেলুৱৈগৰাকীয়ে।

১৩/ ৫ ছেপ্টেম্বৰত দেশে উদযাপন কৰিব শিক্ষক দিৱস।

এই বিশেষ দিনটোতেই ৰাজ্যৰ ১৩গৰাকী কৃতি শিক্ষকক প্ৰদান কৰা হ’ব ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা।

কিন্ত এইদিনাই বিভিন্ন শিক্ষক-সংগঠনে বৰ্জন কৰিব শিক্ষক দিৱসৰ কাৰ্যসূচী।

১৪/ প্ৰৱঞ্চক স্বপ্ননীল দাসৰ ফ্লেটত আৰক্ষীৰ অভিযান।

ফ্লেটৰ পৰা জব্দ বহু সামগ্ৰী।

জব্দ ১৭খন চেকবুক, ৫১খন ডেবিট আৰু ক্ৰেডিট কাৰ্ড।

৪০খন বেংক পাছবুক আৰু ৮টা QR স্কেনাৰো জব্দ কৰে।

অভিযোগ প্ৰমাণ হ’লেই ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে স্বপ্ননীল দাসৰ।

সংবাদমেলত মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

১৫/ বঙাইগাঁৱৰ উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।

দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান।

১৬/ মুক্তিৰ পথত নতুন অসমীয়া ছবি ‘লোকেল কুংফু–৩’।

অহা ৫ ছেপ্তেম্বৰত ৰাজ্যৰ চিনেমা হলত মুক্তি পাব ছবিখন।

পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰীমিয়াৰ শ্ব’।

১৭/ ডিব্ৰুগড় আৰক্ষীৰ জালত প্ৰৱঞ্চক বিশাল ফুকন।

ডিব্ৰুগড়ৰ প্ৰভাঞ্জলি এপাৰ্টমেন্টৰ পৰা গ্ৰেপ্তাৰ কৰে বিশালক।

বিশাল ফুকনৰ ফ্লেটত চাৰি ঘন্টা ধৰি আৰক্ষীৰ তালাচী।

১৮/ বঙাইগাঁও পৰিবহণ বিভাগত বৃহৎ কেলেংকাৰিৰ অভিযোগ।

৪ শতাধিক বাহন ভুৱা পৰিচয়েৰে পঞ্জীয়ন।

লক্ষদ্বীপৰ ভুৱা পঞ্জীয়নেৰে পুনৰ পঞ্জীয়ন কৰিছে বঙাইগাঁও পৰিবহণ বিষয়াই।

৪১৭ খন বাহন ভুৱা পৰিচয়েৰে কৰিছে পঞ্জীয়ন।

আন্তঃৰাষ্ট্ৰীয় কোচ-ৰাজবংশী সন্থাৰ এই গুৰুতৰ অভিযোগ।

১৯/ বিশ্ব নাৰিকল দিৱস উপলক্ষে আজাৰাৰ কাহিকুছিস্থিত কৃষি বিশ্ববিদ্যালয় চৌহদত নাৰিকল উন্নয়ন ব’ৰ্ডে উদযাপন কৰে নাৰিকল দিৱস।

২০/ বানত গৃহহীন সহস্ৰাধিক লোক।

তেলেংগানা, অন্ধ্ৰপ্ৰদেশত বানত মৃত্যুৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি।

তেলেংগানাত মৃত্যু হয় ১৬জন লোকৰ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *