Sarbananda Sonuwal

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ সৈতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
দিল্লীত উপ-ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

২/ আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় মন্ত্ৰী ড’ মনসুখ মাণ্ডব্যক সাক্ষাৎ কৰে ড’ হিমন্ত বিশ্ব শৰ্মাই।

Himanta Biswa Sarma

আনহাতে, ঝাৰখণ্ডত উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Himanta Biswa Sarma

৩/ গুৱাহাটীৰ বৰসজাই মহৰ্ষি বিদ্যামন্দিৰত ‘স্পেচ অন হুইলছ’ৰ শুভাৰম্ভ।
ISRO, বিজ্ঞান ভাৰতীৰ উদ্যোগত কৰা হয় মহাকাশ গৱেষণাৰ প্ৰাপ্তিসমূহৰ ওপৰত ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ ব্যৱস্থা।
‘স্পেচ অন হুইলছ’ৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

৪/ ডিব্ৰুগড় পৌৰসভাৰ নিৰ্দেশনা।
পৌৰ এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ নিৰ্দেশনা৷
ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অসমীয়াত লিখিব লাগিব নামফলক৷
এসপ্তাহৰ ভিতৰত অসমীয়া ভাষাত নামফলক লিখিবলৈ নিৰ্দেশ৷

৫/ ৰাজ্যসভাৰ সাংসদৰূপে শপত ল’লে বিজেপি নেতা মিছন ৰঞ্জন দাসে।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পাঠ কৰোৱাই শপতবাক্য।

৬/ ADRE পৰীক্ষাৰ প্ৰস্তুতি তুংগত।
জিলাই জিলাই ADREৰ পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক দিয়া হয় প্ৰশিক্ষণ।
১৫ ছেপ্টেম্বৰত অৱতীৰ্ণ হ’ব ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থী ।
গুৱাহাটী মহানগৰৰ ৩২৯টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

৭/ এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ হ’ব মূল্যায়ন।
NAACৰ দৰে বিদ্যালয়ৰ মূল্যায়ন কৰিব শিক্ষা বিভাগে।
এই মূল্যায়ন পদ্ধতিৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰিছে Frame Work।
অতিশীঘ্রে আৰম্ভ হ’ব পদ্ধতি।

৮/ ‘মিছন বসুন্ধৰা ২.০ত সমাধান নোহোৱা বিষয়সমূহ মিছন বসুন্ধৰা ৩.০ত নিষ্পত্তি কৰা হ’ব।
বিশেষকৈ অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ ভূমি সমস্যা সমাধান কৰা হ’ব’।
মৰাণত এই মন্তব্য কৰে ৰাজহমন্ত্ৰী যোগেন মহনে।
লগতে অসমত থাকি ব্যৱসায়-বাণিজ্য কৰাসকলক অসমীয়া ভাষাটো হৃদয়েৰে গ্ৰহণ কৰাৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

৯/ ২০২৭ চনৰ ভিতৰত বিশ্বৰ প্ৰথমগৰাকী ট্ৰিলিয়নাৰ হ’ব এলন মাস্ক।
বছৰি ১১০% তকৈ অধিক বৃদ্ধি পাইছে মাস্কৰ উপাৰ্জন।
২০২৮ চনৰ ভিতৰত ভাৰতীয় উদ্যোগপতি গৌতম আদানী ট্ৰিলিয়নাৰৰ সীমা অতিক্ৰম কৰা দ্বিতীয়জন ব্যক্তি হোৱাৰ সম্ভাৱনা।

১০/ উচ্চ শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটী চৌহদত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদত।
এবছৰতে তিনিজনকৈ মেধাৱী শিক্ষাৰ্থীয়ে চৰম পন্থা হয়।
অধ্যাপকৰ চাপ আৰু জধে-মধে জাপি দিয়া নিয়মৰ বাবেই কেইবাগৰাকীও শিক্ষাৰ্থীয়ে শেহতীয়াকৈ চৰম পন্থা লোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষাৰ্থী সকলে।

১১/ কটনৰ ছাত্র একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসৰ পদত্যাগ।
কটন বিশ্ববিদ্যালয়ৰ প্রশাসনৰ ওচৰত দাখিল কৰে পদত্যাগ পত্র।

১২/ ২৯ ছেপ্টেম্বৰত বৰপেটা সত্ৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।
বুঢ়াসত্ৰীয়া আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
লগতে পৰিচালনা সমিতিৰ ২৮ গৰাকী সদস্য পদৰ বাবেও হ’ব নিৰ্বাচন।
আজি মনোনয়ন দাখিলৰ অন্তিম দিন।

১৩/ ACAৰ উপ-সভাপতি ৰাজদ্বীপ ওজাক গুৰুত্বপূৰ্ণ দায়িত্ব।
ভাৰত-বাংলাদেশৰ প্ৰথমখন টেষ্টৰ বাবে Match Observerৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

১৪/ আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক অব্যাহতি।
আছুৰ সভাপতি আৰু উপদেষ্টাৰ আলোচনা মৰ্মে এই সিদ্ধান্ত।

১৫/ নিযুক্তি বঞ্চিত ৰাজ্যৰ ৪,৮৫৪গৰাকী ঠিকাভিত্তিক শিক্ষকলৈ সুখবৰ৷
সংশ্লিষ্টসকলে যিকোনো খেলিমেলিৰ বাবে দাখিল কৰিব পাৰিব অভিযোগ৷
আজিৰে পৰা ১৫ ছেপ্টেম্বৰলৈ দাখিল কৰিব পাৰিব অভিযোগ৷

১৬/ ড্ৰোন, ৰকেট আক্ৰমণৰ মাজতেই হিংসাজৰ্জৰ মণিপুৰৰ ৩খন জিলাত কাৰ্ফিউ ঘোষণা৷
পূব ইম্ফল, পশ্চিম ইম্ফল আৰু আৰু থৌবাল জিলাত কাৰ্ফিউ জাৰি৷
ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এই নিৰ্দেশনা৷
আনহাতে, ১১ আৰু ১২ ছেপ্টেম্বৰত বন্ধ থাকিব ৰাজ্যখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যখনত বন্ধ থাকিব ইন্টাৰনেট সেৱা।

১৭/ চুমি বৰা আৰু তাৰ্কিক বৰাৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত বোকাখাত আৰক্ষীয়ে আটক কৰে ২জন যুৱকক৷
ধৃত মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মী।
বিগত সপ্তাহ শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমি-তাৰ্কিকে৷
এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে।

১৮/ নিউ বঙাইগাঁও জংচনত নকল সোণৰ নাওসহ এজনক আটক৷
GRPFৰ অভিযানত জব্দ কৰা হয় নকল সোণৰ নাও৷
ধৃত লোকজন ওড়িশাৰ সুশান্ত প্ৰধান৷
নামনিমুৱা তিনিচুকীয়া-টাম্বৰম এক্সপ্ৰেছত চলাইছিল অভিযান৷

১৯/ ইন্দ্ৰাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্ৰেপ্তাৰ।
পলাতক কুলদ্বীপ দাসক চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

২০/ সোণাপুৰৰ কচুতলিত দ্বিতীয় দিনাও চলিল উচ্ছেদ অভিযান।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে অঞ্চলটোৰ তিনিটা স্থানত অভিযান চলাই ডেৰশৰো অধিক পৰিয়ালক উচ্ছেদ কৰে।
ইফালে, গোৱালপাৰা জিলাত বনাঞ্চলৰ ভূমিত অবৈধভাৱে গঢ়ি তোলা ৰবৰ বাগানতো উচ্ছেদ চলাই বন বিভাগে।

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *