বিশাল ফুকন

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক।

GMC ৰ পাৰিষদ সৈতেও বিশেষ বৈঠক মুখ্যমন্ত্ৰী গৰাকীৰ।

সদস্যভৰ্তি অনুষ্ঠান আৰু দলীয় বৈঠকত অংশগ্ৰহণ কৰে ড০ শৰ্মা।

২৫ চেপ্টেম্বৰ পৰ্যন্ত চলিব এই সদস্য ভৰ্তি অভিযান।

২/ জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ।

বান-নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ জলাশয় বাছনি তথা উন্নয়ন আৰু আনুসংগিক বিষয়ত আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

৩/ শিলসাঁকোৰ উচ্ছেদিত জনতাৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক।

উচ্ছেদিত জনতাক পুনঃসংস্থাপন তথা ক্ষতি পূৰণৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীয়ে।

অতিশীঘ্ৰেই দ্বিতীয় বাৰৰ বাবে পুনৰ বৈঠকত বহিব মুখ্যমন্ত্ৰী গৰাকী।

RCC ঘৰৰ বাবদ ১০ লাখ, অসম আৰ্হিৰ ঘৰৰ বাবদ ৫ লাখ টকা , কেঁচা ঘৰৰ বাবদ ১ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী উচ্ছেদিতৰ।

 

Ankit Motors Gogamukh

৪/ কৰ্কট ৰোগৰ ঔষধত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সকাহ।
পূৰ্বৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হয় কৰ্কট ৰোগৰ ঔষধৰ GST।
GSTৰ পৰিষদৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

৫/ প্ৰৱঞ্চক স্বপ্ননীল দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ৷

আৰক্ষীৰ জেৰাত স্বপ্ননীলে উল্লেখ কৰিছে বহু কথা৷

আৰক্ষীৰ হাতত স্বপ্ননীলৰ দুটা বেংক একাউণ্টৰ তথ্য৷

PNB আৰু বিশাখাপট্টনম কো-অপাৰেটিভ বেংকৰ দুটা একাউণ্টৰ তথ্য লাভ কৰে আৰক্ষীয়ে।

স্বপ্ননীল দাস

 

৬/ ADRE ২০২৪ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।

সামাজিক মাধ্যমৰ ওপৰত নিৰীক্ষণৰ বাবে বিশেষ গুৰুত্ব প্ৰদানৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

৭/ আজিৰে পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মহাযজ্ঞ।

বিশ্ব শান্তিৰ বাবে আয়োজন কৰা হয় এই যজ্ঞৰ।

৯-১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব মহাযজ্ঞ।

৮/ চীনত WELV নামৰ নতুন ভাইৰাছ চিনাক্ত ।

মগজুত প্ৰভাৱ পেলাব পাৰে ভাইৰাছবিধে।

২০১৯ চনত জিনঝৌ চহৰত প্ৰথমবাৰৰ বাবে এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ।

দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশ এই তথ্য।

প্ৰতিবেদন অনুসৰি, ৰোগীজনে জ্বৰ, মূৰৰ বিষ আৰু বমি অনুভৱ কৰিছিল, যাৰ লক্ষণবোৰ এণ্টিবায়টিক প্ৰতিৰোধী আছিল।

৯/ গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত শীঘ্ৰে চলিব উচ্ছেদ।

২৪ আৰু ২৫ ছেপ্টেম্বৰত বন বিভাগে চলাব উচ্ছেদ অভিযান।

বেদখলকাৰীৰ কবলত বনাঞ্চলখনৰ কেইবা হেক্টৰ বনভূমি।

বনভূমি দখল কৰি বাস কৰি আহিছে ২০০ৰো অধিক পৰিয়ালে।

ইতিমধ্যে বন বিভাগে জাৰি কৰে উচ্ছেদৰ জাননী।

বনাঞ্চলখনত আছে সৰ্বমুঠ ১১৮.০২ হেক্টৰ বনভূমি।

১০/ বিশাল ফুকন সন্দৰ্ভত আৰু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

ডিব্ৰুগড়ৰ প্ৰায় ১৫০ গৰাকী চিকিৎসকে ধন বিনিয়োগ কৰিছিল বিশালৰ ওচৰত।

ধন বিনিয়োগ কৰিছিল ব্যক্তিগত নাৰ্ছিংহোম, চিকিৎসালয়, লেবৰেটৰীৰ মালিক, ব্যৱসায়ী, চিকিৎসকে।

১১/ অহা ২০ ছেপ্টেম্বৰত চিত্ৰগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ‘চিকাৰ’।

ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ প্ৰমোচন পর্ব।

দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘চিকাৰ’ৰ প্ৰচাৰ চলাই ছবিখনৰ নায়ক তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গার্গে।

১২/ ওদালগুৰিৰ মাজবাটত ১ কোটি টকাৰ গাঞ্জা জব্দ।

আৰক্ষীৰ অভিযানত জব্দ কৰে ২৮৬ কেজি ভাং।

অসম-অৰুণাচল সীমান্তৰ ঘন জংঘলৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় গাঞ্জাখিনি।

১৩/ মৰিগাঁৱৰ মৈৰাবাৰীত মুন্নাভাই MBBSৰূপী চিকিৎসকক গ্ৰেপ্তাৰ।

ধৃত ভুৱা চিকিৎসকজন চিৰাজুল ইছলাম ওৰফে বাবুল।

ছিৰাজুলে AMES DIAGNOSTIC & POLYCLINICত চলাইছিল চিকিৎসা।

ছিৰাজুলে গৰ্ভৱতী মহিলাক পাকঘৰত কৰিছিল আলট্ৰা ছাউণ্ড।

কমিছনৰ বিনিময়ত আশাকৰ্মীয়ে লেবৰেটৰীটোলৈ নিছিল গৰ্ভৱতীক মহিলাক।

১৪/ চুমি বৰা আৰু তাৰ্কিক বৰাক ম’ষ্ট ৱান্টেড ঘোষণা আৰক্ষীৰ।

আনহাতে, চুমি বৰাৰ ককায়েক আৰু নবৌৱেককো ম’ষ্ট ৱান্টেড ঘোষণা কৰে আৰক্ষীয়ে।

১৫/ গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা।

‘কীৰ্তনৰ সমীক্ষা’ শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনৰ বাবে এই বঁটা।

বিশিষ্ট গৱেষকগৰাকীলৈ আউনীআটি সত্ৰই আগবঢ়াইছে এই বঁটা।

পালনাম সমাৰোহত আউনীআটি সত্ৰই প্ৰদান কৰিব এই বিশেষ সন্মান।

১৬/ বিলাসীপাৰাত বিজেপিৰ যোগদান কাৰ্যসূচী।

পৰ্বতঝোৰা জিলা বিজেপিৰ উদ্যোগত বিজেপিত যোগদান কৰে কেইবাশ লোকে।

১৭/ মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।

লতাশিলত জলব’ৰ্ডৰ পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

১৮/ তিতাবৰৰ জালুকণিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক চন্দ্ৰ নেওগক নিলম্বন।

কৰ্তব্যৰ সময়ত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰে চন্দ্ৰ নেওগক।

১৯/ গোগামুখত খাদ্যত বিষক্রিয়াৰ ঘটনা।

ভাদ মহীয়া নামঘৰৰ প্রসাদ খাই অসুস্থ শতাধিক লোক।

প্রসাদ গ্রহণৰ পিছতে শৌচ, বমি, জ্বৰত আক্রান্ত হয় লোকসকল।

নামঘৰত উপস্থিত হয় গোগামুখ চিকিৎসকৰ দল।

২০/ ভাৰতত মাংকী পক্সত আক্ৰান্ত প্ৰথমজন লোক৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য৷

সমগ্ৰ ঘটনাক লৈ স্বাস্থ্য মন্ত্ৰণালয়ৰ সতৰ্কতা৷

প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ জৰুৰী পত্ৰ প্ৰেৰণ৷

মাংকী পক্সৰ লক্ষণ দেখা লোকক পৰীক্ষা কৰাৰ নিৰ্দেশ৷

 

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *