Mising Autonomous Council

মিচিং স্বায়ত্বশাসিত পৰিষদৰ নতুন সমষ্টি সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ উদ্দেশ্যপ্ৰণোদিত আৰু অপ্ৰাসংগিক : মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

Spread the love

 

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

লিখিত আবেদন অবিহনে এখনো অনা মিচিং গাওঁ অন্তৰ্ভূক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত।

Mising Autonomous Council

আজি ইংৰাজী ১৮/০৯/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি নতুন সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগৰ বিষয়ে পৰিষদৰ সভাকক্ষত সংবাদ মেল সম্বোধন কৰি মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয় যে-

অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ক’লা সংস্কৃতি, শৈক্ষিক, আৰ্থ- সামাজিক তথা সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা ১৯৯৫ চনত গঠন কৰা মিচিং স্বায়ত্বশাসিত পৰিষদ ২০১৩ চনৰ পৰা মিচিঙৰ লগতে আহোম, গোৰ্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে নিৰ্বাচিত হৈ স-গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে।

মিচিং স্বায়ত্বশাসিত পৰিষদখনত আহোম, গোৰ্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে যদিও পৰিষদৰ নিৰ্দ্ধাৰিত সীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি- জনগোষ্ঠীক সম-অধিকাৰ, সম-মৰ্য্যদা সম-উন্নয়নৰ লক্ষ্য উদ্দেশ্যেৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে পৰিষদৰ পুঁজি প্ৰদান কৰা হৈছে।

পৰিষদৰ নামত আৱন্তিত হোৱা সীমিত পুঁজিক সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নত ব্যয় কৰাৰ স্বত্বেও উদ্দেশ্যপ্ৰণোদিত ভাৱে একাংশ জাতীয় সংগঠন নামধাৰি সংগঠনে পৰিষদক বাৰে বাৰে বিতৰ্কৰ মাজলৈ ঠেলি দিয়া বিষয়টো গৰিহণাৰ যোগ্য।

অসমৰ যি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীক ছিন্ন-বিছিন্ন কৰিব খোজা তথাকথিত সংগঠন সমূহক এনে কাৰ্য্যৰ পৰা বিৰত থকাৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ যি সম-অধিকাৰ, সম-মৰ্য্যদা, সম-উন্নয়নৰ লক্ষ্য উদ্দেশ্যত আঘাত সনাৰ অপচেষ্টা নকৰিবলৈ আমাৰ আহ্বান।

আমাৰ দৃষ্টিগোচৰ হৈছে যে, বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে নাম প্ৰকাশ নকৰা একাংশ দ’ল সংগঠনে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱ- নিৰ্দ্ধাৰিত সীমাক লৈ বিভিন্ন আপত্তিজনক সংবাদ বিবৃতি প্ৰকাশ কৰা।

Mising Autonomous Council

আমি ৰাইজক স্পষ্ট কৰিব খুজিছোঁ যে, অসম চৰকাৰৰ সম্পূৰ্ণ আইনী বিধি বিধানৰ মাজেৰে ৰাজহ গাঁৱ সমূহ অন্তৰ্ভূক্ত হৈছে।

ৰাজহ গাঁৱ কোনো জনগোষ্ঠীৰ ভিত্তিত গঠন কৰা নহয়।

ৰাজহ গাঁৱৰ একাধিক জনগোষ্ঠী অন্তৰ্ভুক্ত হোৱাটো কোনো অস্বাভাৱিক নহয় ।

তেনেস্থলত মিচিং সকলক হে পৰিষদত অন্তৰ্ভূক্ত কৰা হ’ব।

এখনো ৰাজহ গাঁৱ লিখিত আবেদন অবিহনে পৰিষদত অন্তৰ্ভূক্ত কৰা হোৱা নাই আৰু নহয়।

ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা গাৱঁ সমূহ লিখিত আবেদন অনুসৰিহে অন্তৰ্ভূক্ত কৰা হৈছে আৰু ভৱিষ্যতেও হ’ব পাৰে।

যিসকলে আপত্তি দৰ্শাইছে সেই সকলক আমন্ত্ৰণ জনায় আনুষ্ঠানিক আলোচনা কৰা হ’ব।

গতিকে, পৰিষদৰ নতুন সীমা নিৰ্ধাৰণক লৈ যি বিতৰ্ক তথা অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগ সম্পূৰ্ণ অ-সাংবিধানিক আৰু অপ্ৰাসংগিক।

Mising Autonomous Council

উক্ত সংবাদ মেলত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং ।

Ankit Motors Gogamukh

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *