Lakshman Acharya

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

 

১/ হাৰিয়ানাত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

২/ হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

বৃদ্ধাৱাসৰ আৱাসীৰে মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে।

বৃদ্ধাৱাসৰ আৱাসীসকলৰ সৈতে উদযাপন কৰে নিজৰ ওপজা দিনটো।

৩/ অসম চৰকাৰৰ পৰা সহায়ৰ হাত আগবঢ়াইছে পাঠশালাৰ পৰা তীৰ্থ ভ্ৰমণলৈ যোৱা তীৰ্থযাত্ৰীসকললৈ।

তীৰ্থযাত্ৰীসকলক ঘৰলৈ উভতি অহাত সহায় কৰিব অসম চৰকাৰে।

এই কথা সংবাদমাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

৪/ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন।

হায়দৰাবাদ ক্ৰিকেট সন্থাৰে জড়িত বিত্তীয় কেলেংকাৰিৰ গোচৰত চমন EDৰ।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ২০ কোটি টকা আত্মসাৎৰ অভিযোগ।

৫/ এজাহাৰ দিবলৈ যোৱা কিশোৰীক হাৰাশাস্তি তথা এজাহাৰ উঠাই ল’বলৈ হেঁচা দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ কৰা হয় ধৰমতুল থানাৰ SI লীজা বৰুৱাক।

৬/ আকৌ আৰম্ভ হ’ব মাজুলী সংযোগী দলঙৰ কাম।

দিল্লী বিমানবন্দৰত নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শীঘ্ৰে নতুনকৈ নিবিদা আহ্বানক লৈ লোৱা হ’ব সিদ্ধান্ত।

৭/ কাছাৰত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত।

প্ৰতিকূল বতৰৰ বাবে স্থগিত শাৰীৰিক পৰীক্ষা।

পৰৱৰ্তী নিৰ্দেশনা নোলোৱালৈ স্থগিত থাকিব পৰীক্ষা।

৮/ শিলচৰত আৰক্ষীৰ নিযুক্তি পৰীক্ষা স্থগিত।

ৰাজ্যিক পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা স্থগিত।

প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হয় পৰীক্ষা।

৯/ কাইলৈ অসম জাতীয় পৰিষদত যোগ দিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে।

বহু সমৰ্থকক লগত লৈ যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।

অঃজাঃপঃত চামিল হ’ব ‘বোকাখাত নিৰ্মাণ গোট’।

১০/ অৱশেষত প্ৰৱঞ্চক অধ্যাপক মজবুল হক চৌধুৰীক গ্ৰেপ্তাৰ।

দিনজোৰা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ চৌধুৰীৰ বিৰুদ্ধে।

১১/ মণিপুৰৰ অপহৃত মেইটেই যুৱকক মুকলি৷

১১ দুৰ্ধৰ্ষ কুকি বিদ্ৰোহীৰ মুক্তিৰ বিনিময়ত মুকলি কৰে ২ অপহৃতক৷

কুকি বিদ্ৰোহীয়ে মুকলি কৰে ২ মেইটেই যুৱকক৷

১২/ বঙাইগাঁও চহৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ।

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা , সুত্ৰধৰ ছাত্ৰ সন্থাসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

১৩/ দৰিদ্ৰ মহিলালৈ মৌলানা বদৰুদ্দিন আজমলৰ সহায়ৰ হাত।

৫০ গৰাকী বিধবা মহিলাসহ ২৫০ গৰাকী মহিলালৈ আৰ্থীক সাহাৰ্য।

জাতি-ধৰ্ম নিৰ্বিশেষে মহিলাসকললৈ ১০ হাজাৰ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

দুৰ্গা পূজাৰ প্ৰাকক্ষণত সম্প্ৰীতিৰ নিদৰ্শন আজমল সংস্থাৰ।

১৪/ দুৰ্গা পূজা উপলক্ষে মহানগৰ আৰক্ষীৰ বৈঠক।

গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই বৈঠক।

বৈঠকত নীতি-নিয়ম, সুৰক্ষা, শৃংখলাবদ্ধ সন্দৰ্ভত আলোচনা কৰা হয়।

উপস্থিত থাকে আৰক্ষীৰ শীৰ্ষ বিষয়া।

১৫/ কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষকৰ ৰহস্যজনক মৃত্যু।

ট্ৰাকচালক উত্তম কাৰ্জীক আটক কৰে যোৰাবাট আৰক্ষীয়ে।

ধৃত উত্তম কাৰ্জী শিলিগুৰিৰ বাসিন্দা।

১৬/ মেঘালয়ৰ হেলেডেগঞ্জত ১৭ বাংলাদেশীক আটক।

ফুলবাৰীলৈ গৈ থকা অৱস্থাত আটক কৰে ১৭ বাংলাদেশীক।

দুদিন পূৰ্বে হাটশিঙিমাৰীতো আটক হৈছিল ১২ বাংলাদেশী।

খাৰুৱাবান্ধা আৰক্ষীৰ জালত পৰিছিল ১২ বাংলাদেশী নাগৰিক।

১৭/ নিউ বঙাইগাঁও জংচনৰ সমীপত চোৰাং তেল জব্দ।

ৰে’ল বিভাগৰ অভিযানত জব্দ হয় প্ৰায় ৫০০ লিটাৰ চোৰাং তেল।

মনোজ গুপ্তা নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে।

মনোজ গুপ্তাৰ বাসগৃহৰ পৰা জব্দ হয় তেলভৰ্তি ড্ৰাম।

১৮/ দিল্লীত জব্দ হয় ৫৬০ কিলোগ্ৰাম ক’কেইন।

জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য ২ হাজাৰ কোটি টকা।

দিল্লী আৰক্ষীয়ে ড্ৰাগছৰ লগতে বহু পৰিমাণৰ মাৰিজুৱানা জব্দ কৰে।

১৯/ ডিমৌত চোৰাং ম’হসহ ২ চোৰক আটক।

আৰক্ষীয়ে জব্দ কৰে চুৰি কৰা ৪টা ম’হ।

টিংখাং অঞ্চলৰ পৰা জব্দ কৰে ম’হকেইটা।

বেতনিপামৰ যতীন গগৈৰ ঘৰৰ পৰা চুৰি কৰিছিল ম’হ কেইটা।

ডিমৌ আৰক্ষীৰ জিম্মাত আছে চোৰ দুটা।

২০/ হোজাইত জব্দ ৩খনকৈ চোৰাং গৰু কঢ়িওৱা বাহন।

জব্দকৃত ৩খন বাহনত আছিল ৩৯টা চোৰাং গৰু।

হোজাই ভূঞাপট্টিৰ সমীপত আৰক্ষীয়ে জব্দ কৰে বাহন কেইখন।

আটক কৰে বাহন কেইখনৰ চালক আৰু হেণ্ডিমেনক।

ধৃত জীয়াৰুল ইছলাম, মতিবুৰ ৰহমান আৰু হাবিজুল ইছলাম।

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *