৪/ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে দেশৰ ৩৩টা স্থানত হ’ব কমপ্ৰেছড বায়োগেছ প্ৰকল্প।
অসমৰো তিনিচুকীয়াকে ধৰি ৪ খন জিলাত স্থাপন হ’ব এই প্ৰকল্প।
তিনিচুকীয়াৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৫/ অসমৰ ৮বিধ নতুন সামগ্ৰীয়ে লাভ কৰে GI TAG।
বড়োসকলৰ পৰম্পৰাগত আৰনাইলৈ GI TAGৰ স্বীকৃতি।
GI TAG লাভ কৰিছে কেইবাবিধো জনগোষ্ঠীয় খাদ্য আৰু পানীয়ই।
বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈ GI TAG।
শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফাম, পৰম্পৰাগত বড়ো গৌখা, বড়ো নাৰ্জিলৈও GI TAGৰ স্বীকৃতি।
ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য আণ্ডলা।
৬/ ভাৰত ভ্ৰমণৰ পূৰ্বে নিউজীলেণ্ডৰ টেষ্ট অধিনায়কৰ পদ ত্যাগ কৰে টিম চাউদিয়ে।
টম লেথামক পৰৱৰ্তী অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয়।
৭/ ‘অধিনায়কত্বই অধিক বোজা দিয়ে।
মই এতিয়া নিজৰ প্ৰদৰ্শনত গুৰুত্ব দিব বিচাৰো, পৰিয়ালৰ সৈতে সময় কটাব বিচাৰো’।
সামাজিক মাধ্যমত এই কথা উল্লেখ কৰি অধিনায়ক পদ ত্যাগ কৰে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে।
১৮/ মহাৰাষ্ট্ৰৰ পুণেত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হয়।
অত্যধিক কুঁৱলীৰ বাবেই দুৰ্ঘটনাৰ সন্দেহ।
এটা পাহাৰীয়া এলেকাত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন।
বাৱধানৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
পুৱা ৭ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।