Mising Autonomous Council

■ ৩০/১০/২০২৪ তাৰিখে মিচিং আগম কেবাঙ (MAK) অৰ্থাৎ মিচিং সাহিত্য সভাৰ ৪০ সংখ্যক ভাষা দিৱসটি উত্তৰ লখিমপুৰ বাংকে কেবাং আৰু
ছাবতি গাঁৱ, ভীমপৰা, ঘূনাসূতি, অৱাং অৱনৰী, বিল্লাম অৱনৰী বাংকে কেবাঙৰ যৌথ উদ্যোগত ৰেগণ চাপৰিত উদযাপন কৰে।

অনুষ্ঠানত লখিমপুৰ বাংকে কেবাঙৰ উদ্যোগত ‘LEKE DO:YING’ আৰু ‘ÉDÉ TURNÉ LONGÉ JÍD’DÉ’ নামেৰে দুখন গ্ৰন্থ উন্মোচন কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যক্ষ সুনীল কুমাৰ পেগু লগতে বিভিন্ন সংগঠনৰ বিষয়ববীয়া।
■ ২৮/১০/২০২৪ তাৰিখে PÉKKÍ KÍGÍ KÍGÍ ÉMA:BIDUNG খ্যাত চণ্ডীৰাম দেৱৰ নিজা বাসভৱনত সাক্ষাৎ কৰি মিচিং জাতীয় সাংগঠনিক দিশত এক বিশেষ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

সাক্ষাৎকালত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, সাধাৰণ সদস্য ৰাজু পেগু, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া।
■ ২৮/১০/২০২৪ তাৰিখে গোগামুখ RLRCৰ সম্পাদক চত্ৰ মেদকৰ সৈতে অহা ০৪ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হবলগীয়া Domestic Electrician, House, Food & Beverage, Food Production বিভাগৰ প্ৰশিক্ষণ’ৰ প্ৰস্তুতি সম্পৰ্কে বিশেষ আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

■ ৩০ আৰু ৩১/১০/২০২৪ তাৰিখে দুদিনীয়া কাৰ্যসুচীৰে TMPK, MMK আৰু TMMK ৰ উদ্যোগত বগীবিল কাৰেং চাপৰি ইক’ কেম্পত Organisational Orientation & Social Media, Ethical Leadership ৰ ওপৰত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰে।
উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বানৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে MMK, TMMK, TMPKৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, পৰিষদৰ কাৰ্য্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকল লগতে জাতীয় দ’ল সংগঠনৰ বিষয়ববীয়া।
■ ১/১১/২০২৪ তাৰিখে TMPK, MMK, আৰু TMMK ৰ উদ্যোগত গোগামুখ আবুতানি লত্তাত অহা ২৯, ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ ২০২৪ তাৰিখে ধেমাজী জিলাৰ গোগামুখত অনুষ্ঠিত হবলগীয়া মিচিং অলিম্পিক দ্বিতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠনাৰ্থে এখনি ‘ৰাজহুৱা সভা’ অনুষ্ঠিত কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে TMPK, MMK, TMMK ৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি-সম্পাদক, গোগামুখ ছাত্ৰ সন্থাৰ সভাপতি, AJYCP ধেমাজী জিলা সমিতিৰ সভাপতি, বিভিন্ন দ’ল সংগঠনৰ বিষয়ববীয়া।
■ তিনিদিনীয়া কাৰ্যসূচীৰে মহৰিকেম্প ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত মিচিং অলিম্পিকৰ বাবে ধেমাজী জিলা ভিত্তিক বাচনি শিৱিৰ অনুষ্ঠিত কৰে।
উক্ত কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য বানীকান্ত দলে, ৰাজু পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, TMPK, MMK, TMMK ৰ বিষয়ববীয়া।
■ ৪/১১/২০২৪ তাৰিখে গোগামুখ চেটিয়া গাঁৱস্থিত RLRC ৰ পাটকাই দক্ষতা বিকাশ প্ৰতিষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে প্ৰশিক্ষণ প্ৰদান কৰা তৃতীয় বেটচ (batch) ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Skill Development Courseৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য সদস্য জহান দলে, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ জ্যা, পাটকাই দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ সঞ্চালক মন্টু বৰপাত্ৰ গোহাঁই, RLRCৰ সম্পাদক চত্ৰ মেডক আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
Sangita Dutta Editor in Chief Rnewsindia24.com