আনহাতে, দেশপ্ৰেমমূলক গীত, নৃত্য, চিত্ৰাংকন আৰু বিজ্ঞান প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী অধীক্ষক হিতেশ ৰয়।
উপস্থিত থাকে সমূহ কাৰ্য্যবাহী/ সাধাৰণ সদস্য/সদস্যা, পৰিষদৰ বিষয়া কৰ্মচাৰী সকল, সমাজকৰ্মী, স্থানীয় গামসকল, গণশক্তি, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া, স্থানীয় বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল আৰু স্থানীয় ৰাইজ।
মিংমাং সমষ্টিত মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু বৰনৈ সমষ্টিত অধ্যক্ষ সুনীল কুমাৰ পেগু উপস্থিত থকাৰ সমান্তৰালভাৱে কাৰ্য্যবাহী/সাধাৰণ সদস্য/সদস্যা সকলে নিজ নিজ সমষ্টিত উপস্থিত থাকি উক্ত অনুষ্ঠান সম্পন্ন কৰে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
সভাত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, পদুম ৰয়, TMPKৰ কেন্দ্ৰীয় উপদেষ্টা ৰাজকুমাৰ মৰাং, সভাপতি তিলক দলে লগতে ছয় মিচিং জাতীয় সংগঠন আৰু স্থানীয় অন্যান্য জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু জ’নাইবাসী ৰাইজ।