৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com February 7/2023:-
1. কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা৷
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে উদ্বোধন কৰে গ্ৰন্থমেলা৷
মুখ্য অতিথি হিচাপে উপস্থিত থাকে KAACৰ CEM তুলিৰাম ৰংহাং৷
কাৰ্বি আংলং জিলা প্ৰশাসনে প্ৰকাশ কৰা ‘অপৰূপ আৰ্লেং’ গ্ৰন্থখন উন্মোচন কৰা হয়৷
2. ‘প্ৰথমতে টুইট কৰা যুৱতীগৰাকীক চিনাক্ত কৰি তেওঁৰ পৰা তথ্য ল’ব লাগিব’।
‘যুৱতীগৰাকীয়ে তথ্য দিব নোৱাৰিলেও অঞ্চলটোত ব্যৱস্থা লোৱা হ’ব’।
যোৰপুখুৰীৰ ঘটনা সন্দৰ্ভত গুৱাহাটী আৰক্ষীক ব্যৱস্থা ল’বলৈ নিৰ্দেশ ।
DGP জি পি সিঙে আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিলে আয়ুক্তক।
3. ‘পাঠান নমাই দিলো’।
next year ছলমান খানক নমাই দিম।
এতিয়া বহুত বেছি অসমীয়া হ’ব লাগিব।
we need to be assamese. কথাটো সেইটো, বেলেগ কথা নাই”- মন্তব্য জুবিন গাৰ্গৰ।
4. ‘পূৰ্বৰ চৰকাৰৰ তুলনাত এতিয়া উত্তৰ-পূবৰ বহু বিকাশ হৈছে।
কংগ্ৰেছে উত্তৰ-পূবক নেচনেল এজেণ্ডালৈ অনা নাছিল।’
নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সংবাদমেলত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
5. “বাল্যবিবাহৰ ফলত জনসংখ্যা বৃদ্ধি পোৱা জিলা সমূহত প্ৰত্যাহাৰ কৰক আশাকৰ্মী”- মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান বিধায়ক অতুল বৰাৰ।
6. ‘গঁড়ৰ বাবে মানুহ আতংকিত নহয়, মানুহৰ বাবেহে গঁড়টো আতংকিত হৈছিল৷
বন বিভাগে কষ্ট কৰিছে, কিন্তু আৰক্ষীৰ সহযোগ ভাল নাছিল’৷
গোলাঘাটত গঁড় মৃত্যু ঘটনা সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য৷
7. লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত হৈছে আন এটা ডকাইত৷
লখিমপুৰৰ দলৌহাটৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰাঞ্জল শইকীয়াক৷
লখিমপুৰৰ জগদম্বা হাৰ্ডৱেৰ ডকাইতিকাণ্ডৰে জড়িত প্ৰাঞ্জল শইকীয়া৷
২০২১ৰ মাৰ্চত জগদম্বা হাৰ্ডৱেৰত সংঘটিত হৈছিল ডকাইতিকাণ্ড, লুটি নিছিল ১১ লাখ টকা৷
এটা পিষ্টল, এটা মেগজিন, এজাঁই সক্ৰিয় গুলী জব্দ প্ৰাঞ্জল শইকীয়াৰ পৰা৷
8. তুৰ্কীত ২৪ ঘণ্টাত তিনিটাকৈ প্ৰলয়ংকাৰী ভূমিকম্প৷
ভূমিকম্পত মৃতকৰ সংখ্যা ৪,৩৬৫লৈ বৃদ্ধি হোৱাৰ লগতে আহত ১৫,০০০ লোক৷
প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৭.৮ ৰিখটাৰ স্কেল, দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ ৰিখটাৰ স্কেল৷
ভূমিকম্পত ভাগি চূৰমাৰ হৈছে ১৬০০ অট্টালিকা৷
নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা৷
বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান৷
9. আজি চিৰাঙত পুনৰ চলিল উচ্ছেদ৷
চিৰাং সংৰক্ষিত বনাঞ্চল দখল কৰাসকলৰ গৃহত চলিল বুলড’জাৰ৷
কৰাইবাৰী, দাঁতগিৰি এলেকাত উচ্ছেদ।
উচ্ছেদৰ বাবে উপস্থিত হয় বন বিভাগ, প্ৰশাসন আৰু আৰক্ষী৷
যোৱা ৩১ জানুৱাৰীতো উক্ত স্থানত চলিছিল উচ্ছেদ৷
10. ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ৷
বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷
গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় বিছা মিঞা নামৰ ব্যক্তিজন।
বিছা মিঞাৰ কান্ধত গুলী লাগে৷ ৷
গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰোডৰ ভালুকী গাঁৱত৷
বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিছা মিঞাক৷
11. গুৱাহাটীত কটাহবাৰীৰ পৰা নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ হয় ২ সৰবৰাহকাৰীক।
নাওবৈচাৰ পৰা নকল সোণৰ নাও আনিছিল দুই সৰবৰাহকাৰীয়ে।
বিহাৰৰ এজন লোকক বিক্ৰীৰ বাবে আনিছিল নকল সোণৰ নাও।
সৰবৰাহকাৰী কেইটা হৈছে মইনুল হক আৰু নজৰুল ইছলাম।
12. ব্ৰাচেলছত ৩দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা ।
এগৰাকী মেক্সিকান ছোৱালীয়ে আয়োজন কৰিছে এই কৰ্মশালা ।
১০ বছৰতকৈও অধিক সময় ধৰি সত্ৰীয়া নৃত্য অনুশীলন কৰিছে বেটজাবেলে।
বিভিন্ন বয়সৰ প্ৰাৰ্থীৰ পৰা ১৫ জনতকৈ ওপৰৰ প্ৰাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে।
13. গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড।
১ফেব্ৰুৱাৰীৰ নিশা অপহৰণ কৰিছিল ব্যৱসায়ী অংকুৰ চুৰানাক।
অপহৰণ কৰি আৱদ্ধ কৰি থৈছিল সোণাপুৰৰ পি কে ৰিজ’ৰ্টত ।
বন্ধু আৰু পাৰ্টিয়ে বিপদ মাতিছিল অংকুৰ চুৰানাৰ।
ঘটনাৰ সন্দৰ্ভত ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
14. বুট-মাহ খাই বিষক্ৰিয়াত আক্ৰান্ত ধেমাজিৰ ১৪ জনকৈ লোক ।
অসুস্থ লোককেইজন ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছে।
ভাওনা চাবলৈ গৈ দোকানত বুট কিনি খাইছিল।
তাৰ পিছতে এই ঘটনা।
15. যোৰহাট মহাবিদ্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আলোচনাচক্ৰ।
আলোচনাচক্ৰখন উদ্বোধন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ।
এই আলোচনাচক্ৰখনত অংশগহন কৰিছে দেশৰ কেইবাখনো উচ্চ শিক্ষানুষ্ঠানৰ বক্তাই।
16. ৮ ফেব্ৰুৱাৰীত অসমৰ ৬টা পথত আৰম্ভ হ’ব হেলিকপ্টাৰ সেৱা।
পৱনহংস লিমিটেডে আৰম্ভ কৰিব হেলিকপ্টাৰ সেৱা।
17. কাছাৰৰ বিহাড়া আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুবৰ্ণ দাসক নিলম্বন।
আৰক্ষী অধীক্ষক নোমল মাহাত্তাই দিলে নিলম্বনৰ নিৰ্দেশ।
আউট পোষ্টটোৰ লকআপৰ পৰা পলাই যোৱা অভিযুক্তই লৈছিল চৰম সিদ্ধান্ত।
আউট পোষ্টটোৰ সুৰক্ষা ব্যৱস্থাক লৈ উত্থাপিত হৈছিল প্ৰশ্ন।
18. চাপৰত হাতীপোতাস্থিত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয়।
বিবাহযাত্রী বাহন আৰু বাছৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন, আহত হয় ৫ গৰাকী বিবাহযাত্রী।
আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
19. প্ৰতিবাদত উত্তাল তৈল নগৰী ডিগবৈ।
ডিগবৈ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে।
ভাৰতীয় ঠিকা মজদূৰ ইউনিয়ন, গোৰ্খা ছাত্ৰ সন্থাৰ বিক্ষোভ।
ঠিকাদাৰ দুলাল মেছৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী।
শ্ৰমিক শেখৰ সোনাৰক অব্যাহতি দি আত্মীয়ক সংস্থাপন দিয়াৰ অভিযোগ।
20. দুধনৈৰ চেঁচাপানীত সংঘটিত হয় ভয়কৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী বলেৰো পিকআপ বাহনে মহটিয়াই নিলে স্কুটী আৰহীক।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে কণমানি কন্যাসহ এগৰাকী মাতৃ।
জানিব পৰা মতে, অঞ্চলটোৰ হাঁহচৰাবড়ী পৰা চেঁচাপানী অভিমুখে As18 G2038 নম্বৰৰ স্কুটীৰে মাতৃ-কন্যাই গৈ থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।