৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com February 6 / 2023  :- 

1. বাল্যবিৱাহৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত আছে।
বৰ্তমানলৈকে ২৪৪১গৰাকী বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে৷
টুইটযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

2. আজিৰে পৰা দেশত উপলব্ধ হ’ব ২০% ইথানল মিহলি পেট্ৰ’ল৷
বৰ্তমান ১০% ইথানল মিহলি পেট্ৰ’ল উপলব্ধ৷
সোমবাৰৰ পৰা পেট্ৰ’লত মিহলি হ’ব ২০% ইথানল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০% ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰীৰ শুভাৰম্ভ কৰিব৷
বাংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইকত পেট্ৰ’ল বিক্ৰী শুভাৰম্ভ কৰিব মোদীয়ে৷

3. “প্ৰতিটো বৃহৎ ভূমিকম্পৰ ফলত পুনৰ নিৰ্মাণৰ সৃষ্টি হয়।
ভৱিষ্যতৰ বাবে আমি কি কৰিম, সেইটো নিৰ্ণয় কৰাটো আমাৰ ওপৰত”-মন্তব্য জি পি সিঙৰ।

4. আজি কোকিলকণ্ঠী গায়িকা তথা ভাৰতৰত্ন লতা মংগেশকাৰৰ মৃত্যুবাৰ্ষিকী।
২০২২ চনৰ আজিৰ তাৰিখতে ৯২ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল গায়িকাগৰাকীয়ে৷

5. ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে তেজপুৰৰ শিশু বিজ্ঞানী৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উজলিল শিৱানী সৃষ্টি লহকৰ৷
দেশৰ ১৬ শিশু বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিছে শিৱানীয়ে।
পাকঘৰৰ আৱৰ্জনা নিষ্কাশন, অনুকূল পৰিৱেশ প্ৰস্তুতৰ প্ৰকল্প আগবঢ়াইছিল শিৱানীয়ে৷
ছেইণ্ট যোচেফ কনভেণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী শিৱানী সৃষ্টি লহকৰ৷

6. গোৱালপাৰাৰ কৃষ্ণাইৰ বেকীপুলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১৩ সংখ্যক চিলাৰায় দিৱস উদযাপন।
লগতে আয়োজন কৰা হৈছে জিলা আক্ৰাছুৰ ১৯ সংখ্যক বাৰ্ষিক অধিৱেশন।
অধিৱেশনত উপস্থিত থাকে অভিনেতা নয়ন নীলিম, অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আৰু বহু গণ্যমান্য ব্যক্তি।

7. তুৰ্কীত ভয়ংকৰ ভূমিকম্প৷
পুৱা ৪.১৭ বজাত অনুভূত জোকাৰণি৷
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৮ ৷
ভূমিকম্পৰ অভিকেন্দ্ৰ গাজিয়ানটেপ ৰাজ্যৰ নূৰ ডাগি চহৰ৷
নূৰ ডাগি চহৰৰ ২৬ কিঃমিঃ পূবত ভূমিকম্পৰ অভিকেন্দ্ৰ৷
ভূমিকম্পত ১৬টাকৈ অট্টালিকা খহি পৰাৰ লগতে ৫ জনকৈ লোকৰ মৃত্যু হয়।

8. ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰুণ ঘটনা।
কৰ্তব্যৰত অৱস্থাত বনকৰ্মীৰ মৃত্যু হয়।
চকীত বহি থকা অৱস্থাত হঠাৎ মৃত্যু হয় মনু ৰাম মেধিৰ।
বনকৰ্মীগৰাকীৰ ঘৰ মঙলদৈৰ প্ৰফুল্ল নগৰত।
বগৰিবাৰী কেম্পত এই ঘটনা সংঘটিত হৈছে।

9. সুস্থ হৈ ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক৷
কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত বৰ্তমান সুস্থ মইনা নায়ক৷
ঘৰতে থাকি নিয়মিতভাৱে ড্ৰেছিং কৰাৰ পৰামৰ্শ চিকিৎসকৰ৷
প্ৰায় ৬ মাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল মইনা নায়ক৷
মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল চাহ শ্ৰমিকগৰাকী৷

10. ‘মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপনৰ বাবে লিপষ্টিক ঘহে, জন্মদিন উদযাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে সংগ্ৰহ কৰিছিল ধন’৷
দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত হাতে হাত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ৷

11. অপাৰেশ্যন বাল্যবিৱাহৰ মাজতে বিস্ফোৰক তথ্য উন্মোচন৷
ৰাজ্যত ২০২২ বৰ্ষত ১ লাখ ৪ হাজাৰ ২৬৪ গৰাকী নাবালিকা মাতৃ হৈছে৷
২০২২ বৰ্ষত ৯৬ গৰাকী নাবালিকা মাতৃৰ মৃত্যু হৈছে৷
১৮ বছৰৰ তলৰ আটাইতকৈ বেছি কিশোৰী গৰ্ভৱতী হৈছে ধুবুৰীত৷
ইয়াৰ পাছতে দক্ষিণ শালমাৰা দ্বিতীয় আৰু নগাঁও তৃতীয়৷

12. কাজিৰঙাত হাতী ছাফাৰীত অঘটন৷
ছাফাৰী কৰি থাকোতে বাগৰি বনাঞ্চলত হাতীৰ পিঠিৰ পৰা পৰিল ৩ জন পৰ্যটক৷
আহত ৩ পৰ্যটকক JMCHলৈ প্ৰেৰণ কৰা হৈছে।
ব্যক্তিগত হাতীৰে ছাফাৰী কৰিছিল শ্ৰীলেখা সিনহা, শিখা সিনহা, প্ৰতিমা দত্তই৷

13. উত্তৰ গুৱাহাটীৰ মধুপুৰৰ গোপাল থানত গোপাল উৎসৱ৷
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ৷
এই বিশেষ পূজাখনত পুৰোহিত নাথাকে৷
ভক্তই পূজাৰ বাবে পকা কলৰ ঠোক আগবঢ়ায়।

14. কলিয়াভোমোৰা দলঙত তেজপুৰ আৰক্ষীৰ তালাচী।
এগৰাকী মহিলাসহ ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
১০টা চাবোনৰ বাকচৰ পৰা জব্দ কৰে হেৰ’ইন।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা।

15. ধেমাজি জিলাৰ গেৰুকামুখত শনিবাৰে পুৱা আৰক্ষী থানা চৌহদত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ।
ডিব্ৰগড় জিলাৰ টিংখাঙৰ ১ নং নাচনী গাঁৱৰ নৃপেন গগৈ আৰু অনিমা গগৈৰ একমাত্ৰ পুত্ৰ হৈছে চানু গগৈ(২৭) বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে৷
চাুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি দাবী কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

16. গুৱহাটীত AQI অতি ভয়াৱহ ৰূপত বৃদ্ধি হৈছে৷
৫ ফেব্ৰুৱাৰীৰ দিনটোত গুৱাহাটীৰ AQI ৩০০ পাৰ হৈছে৷
বায়ু প্ৰদূষণৰ বাবেই গুৱাহাটীবাসীয়ে হাঁওফাঁওজনিত সমস্যাত ভুগিছে বুলি দাবী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ৷

17. পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
খেৰণি আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত ৬.৭৩ গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী।
আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে ইন্দ্ৰ ছিং চৌহান আৰু বিৰ্তন তেৰণ।

18. লংকাৰ কাকীত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
জব্দ কৰে ৮টা ড্রাগছভৰ্তি কণ্টেইনাৰসহ এটা ড্রাগছৰ পেকেট।
আৰক্ষীয়ে ড্রাগছসহ আটক কৰে দুই সৰবৰাহকাৰীক।
আটকাধীন দুই সৰবৰাহকাৰী হৈছে ৰেকিবুদ্দিন আহমেদ ওৰফে বিতু আৰু আকাশ মুদৈ।

19. ইনভাৰ্টাৰত বিদ্যুৎ তাঁৰ সংযোগৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লয় উত্তৰ প্ৰদেশৰ এজন ছাত্ৰই।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটা ছাত্ৰজন হৰ্ষিত শৰ্মা বুলি জানিব পৰা গৈছে।
নিহত হৰ্ষিত বিএছচিৰ ছাত্ৰ আছিল।
ছাত্ৰজনৰ এই আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক।

20. দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত চানমাৰিত গ্ৰেপ্তাৰ হল জলসিঞ্চন বিভাগৰ বিষয়া।
পেঞ্চনৰ নামত উৎকোচ লৈ ২ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় জ্যেষ্ঠ সহকাৰী বিষয়া দ্বীপ বণিয়া ।
Central Monitoring Cellৰ পেঞ্চন বিভাগৰ দায়িত্বত আছিল দ্বীপ বণিয়া।

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *