3. ‘পাঠান নমাই দিলো’।
next year ছলমান খানক নমাই দিম।
এতিয়া বহুত বেছি অসমীয়া হ’ব লাগিব।
we need to be assamese. কথাটো সেইটো, বেলেগ কথা নাই”- মন্তব্য জুবিন গাৰ্গৰ।
4. ‘পূৰ্বৰ চৰকাৰৰ তুলনাত এতিয়া উত্তৰ-পূবৰ বহু বিকাশ হৈছে।
কংগ্ৰেছে উত্তৰ-পূবক নেচনেল এজেণ্ডালৈ অনা নাছিল।’
নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সংবাদমেলত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
5. “বাল্যবিবাহৰ ফলত জনসংখ্যা বৃদ্ধি পোৱা জিলা সমূহত প্ৰত্যাহাৰ কৰক আশাকৰ্মী”- মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান বিধায়ক অতুল বৰাৰ।
6. ‘গঁড়ৰ বাবে মানুহ আতংকিত নহয়, মানুহৰ বাবেহে গঁড়টো আতংকিত হৈছিল৷
বন বিভাগে কষ্ট কৰিছে, কিন্তু আৰক্ষীৰ সহযোগ ভাল নাছিল’৷
গোলাঘাটত গঁড় মৃত্যু ঘটনা সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য৷
7. লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত হৈছে আন এটা ডকাইত৷
লখিমপুৰৰ দলৌহাটৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰাঞ্জল শইকীয়াক৷
লখিমপুৰৰ জগদম্বা হাৰ্ডৱেৰ ডকাইতিকাণ্ডৰে জড়িত প্ৰাঞ্জল শইকীয়া৷
২০২১ৰ মাৰ্চত জগদম্বা হাৰ্ডৱেৰত সংঘটিত হৈছিল ডকাইতিকাণ্ড, লুটি নিছিল ১১ লাখ টকা৷
এটা পিষ্টল, এটা মেগজিন, এজাঁই সক্ৰিয় গুলী জব্দ প্ৰাঞ্জল শইকীয়াৰ পৰা৷
8. তুৰ্কীত ২৪ ঘণ্টাত তিনিটাকৈ প্ৰলয়ংকাৰী ভূমিকম্প৷
ভূমিকম্পত মৃতকৰ সংখ্যা ৪,৩৬৫লৈ বৃদ্ধি হোৱাৰ লগতে আহত ১৫,০০০ লোক৷
প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৭.৮ ৰিখটাৰ স্কেল, দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ ৰিখটাৰ স্কেল৷
ভূমিকম্পত ভাগি চূৰমাৰ হৈছে ১৬০০ অট্টালিকা৷
নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা৷
বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান৷