৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 5/2023:- 

1. আজি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিৱস৷
এই দিৱস উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত লোক কল্যাণ দিৱস উদযাপন।
উক্ত দিৱসত ৰাজ্যিক পৰ্যায়ত ১০গৰাকী আৰু জিলা পৰ্যায়ত ৬৫ গৰাকী বিষয়া-কৰ্মচাৰীক ‘কৰ্মশ্ৰী সন্মান’, লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পিযুষ হাজৰিকা, ৰঞ্জিত কুমাৰ দাস আৰু বহু গণ্যমান্য ব্যক্তি।

*চৰকাৰী কৰ্মচাৰীসকল সাৱধান।
এতিয়াৰে পৰা ৰাইজৰ কামত বিলম্ব কৰিলে কৰ্মচাৰীৰ দৰমহাৰ পৰা প্ৰতিদিনে কৰ্তন কৰা হ’ব ১০০ টকা।
কলাক্ষেত্ৰৰ লোক কল্যাণ দিৱসত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

2. আজি কোকৰাঝাৰত ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।

*১১০ কোটি ব্যয়সাপেক্ষে কোকৰাঝাৰত নিৰ্মাণ হ’ব ষ্টেডিয়াম।
নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য।
ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

3. পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰে।
তোছাখানা গোচৰত ইমৰান খানক দোষী সাব্যস্ত আদালতৰ।
৩ বছৰৰ কাৰাদণ্ডৰ ৰায়।

4. তামুলপুৰত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া বৈঠক৷
উক্ত বৈঠকখনি সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।
উপস্থিত থাকে নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু।

5. প্ৰতিখন বিদ্যালয়ৰ প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা।
কাইলৈৰ ভিতৰত B.Ed ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ।
দাখিল কৰিব লাগিব B.Edৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰ তালিকা।
মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ ভিত্তিতে এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ।
ভুৱা ডিগ্ৰীৰে চাকৰি কৰাসকলক চিনাক্ত কৰাৰ বাবেই এই নিৰ্দেশনা।

6. “ৰাজ্যত স্থাপন হব প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰ”- ঘোষণা কেশৱ মহন্তৰ।

7. আমবাৰীত অনুষ্ঠিত হয় অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ সাধাৰণ সভা।
সভাতেই গঠন হ’ব অসম মহিলা পৰিষদৰ নতুন কমিটি।
সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু বহুকেইগৰাকী শীৰ্ষ নেতা।

8. দেশ তথা ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ।
১১ আগষ্টত আমিনগাঁৱত মুকলি হʼব বেডমিণ্টন চেন্টাৰ।
মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হব বেডমিণ্টন ক’ৰ্ট।
একেলগে ২৫খন ক’ৰ্ট ব্যৱহাৰৰ সুবিধা উপলব্ধ ষ্টেডিয়ামখনত।
থাকিব শৰীৰ চৰ্চা কেন্দ্ৰ,ক্ৰীড়া বিজ্ঞান পৰীক্ষাগাৰ, হোষ্টেল।

9. পুনৰ ৰক্তাক্ত হিংসাজৰ্জৰ মণিপুৰ।
পিতা-পুত্ৰসহ ৩ জনক হত্যা কুকি দুৰ্বৃত্তৰ।
ঘটনাৰ প্ৰতিবাদত বহু কুকিৰ লোকৰ বাসগৃহত অগ্নিসংযোগ।
বিষ্ণুপুৰ জিলাৰ কুৱাক্টাৰ ৱখা টাম্পাক গাঁৱত এই ঘটনা সংঘটিত হয়।

10. বাংলাদেশৰ ঢাকাত বিগত ২৪ ঘণ্টাত পুনৰ ১০জনৰ মৃত্যু।
এই পৰ্যন্ত ডেংগীত মৃত্যু হৈছে ২৯৩জন লোকৰ।
মৃত্যু হৈছে ৩৫ৰো অধিক ডেংগী আক্ৰান্ত শিশুৰ।

11. গোলাঘাটৰ কমাৰবন্ধা বামুণ গাঁৱত চাঞ্চল্যকৰ ঘটনা।
পত্নী, শাহুক ঘপিয়াই হত্যাৰ চেষ্টা সুৰামত্ত লোকৰ।
পৰিয়ালৰ আন ২ সদস্যকো আক্ৰমণ জোঁৱায়েকৰ।
আক্ৰমণত আহত হয় দুজন।
আহত লোক দুজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

12. মেঘালয়ৰ সোণাপুৰত ভূমিস্খলনৰ ঘটনা।
নেৰানেপৰা বৰষুণৰ ফলত সোণাপুৰ টানেলৰ সন্মুখত পুনৰ খহিল পাহাৰৰ মাটি।
ভূমিস্খলনৰ ফলত স্তব্দ যান-বাহনৰ চলাচল।
তৎপৰতাৰে পথ মুকলিৰ চেষ্টা মেঘালয় প্ৰশাসনৰ।

13. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ লাহৰীজানত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ১৩ গ্ৰাম হেৰ’ইন, ১৮ হাজাৰ নগদ ধন, ৩টা মোবাইল ফোন।
উদ্ধাৰ কৰে আধাৰ কাৰ্ড, ATM কাৰ্ড আৰু ভোটাৰ ID

14. ‘পুনৰ আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা৷
পাছিঘাটৰ পৰা আৰম্ভ হোৱা যাত্ৰাই সামৰি ল’ব অসমৰ একাংশ জিলাক’৷
এই তথ্য সদৰী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

15. দাম বৃদ্ধি হ’ল মাটিমাহ দাইলৰ।
প্ৰতিকিলো মাটিমাহৰ দাইলত ১০ টকাকৈ বৃদ্ধি হয়।

16. কলিয়াবৰৰ আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কলিতাক নিলম্বন৷
গৰু গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে৷
গৃহৰক্ষী জোৱানৰ দ্বাৰা হেমন্ত কলিতাই সংগ্ৰহ কৰিছিল ধন৷

17. ড্ৰাগছৰ বিৰুদ্ধে খানাপাৰা উৰণ সেতুৰ সমীপত STFৰ অভিযান।
৩০ কিলোগ্ৰাম গাঞ্জাসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীক।
STF আৰু বশিষ্ঠ আৰক্ষীৰ‌ যুটীয়া অভিযানত জব্দ কৰে গাঞ্জাখিনি।

18. বিলাসীপাৰাৰ কাঠালদি পাৰঘাটত নাও দুৰ্ঘটনা।
দুখন যন্ত্ৰচালিত নাওৰ মুখামুখি সংঘৰ্ষত আহত হয় এজন।
দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে শতাধিক যাত্ৰী।

19. APDCLৰ SDO-কৰ্মচাৰীক প্ৰহাৰ কৰা ৫ জনক গ্ৰেপ্তাৰ৷
আক্ৰমণকাৰীক বিচাৰি অভিযান তীব্ৰতৰ ধুবুৰী আৰক্ষীৰ৷

20. গুৱাহাটীত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।
স্কুললৈ যোৱা পথৰ পৰাই অপহৰণ ভাতৃ-ভগ্নীক।
বাক্ৰাপাৰাৰ মনসা মন্দিৰৰ সমীপৰ পৰা অপহৰণ কৰে ভাতৃ-ভগ্নীক।
অপহৰণৰ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকৰ।

 

By : News Editor Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *