Amit Shah

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam, Jan / 20 / 2024:- 

1. তেজপুৰৰ শালনিবাৰীত SSBৰ প্ৰতিষ্ঠা দিৱস।
উক্ত দিৱসত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি ৷

2. সৰুসজাইত কমাণ্ডো বেটেলিয়নৰ দীক্ষান্ত সমাৰোহ।
২,৫৫১জন কমাণ্ডোৰ অংশগ্ৰহণ কৰে সমাৰোহত।
উক্ত সমাৰোহত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ আৰু কেইবাটা গণ্য মান্য ব্যক্তি।

3. আজি মহানগৰীৰ পাণবজাৰৰ অত্যাধুনিক উদ্যান মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷
৩৬ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় উদ্যান খন।

4. ৰাজ্য চৰকাৰে IPS আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে।
আৰক্ষী অধীক্ষকৰ কাৰ্য়ালয়ত দায়িত্বভাৰ অৰ্পণ।
লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ।

5. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলে আৰু ৰিতুমণি হাজৰিকাক আটক কৰে আৰক্ষীয়ে।
আটক কৰা কাৰন জানিব পৰা হোৱা নাই।

6. ঘোষণা হ’ল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ-২০২৪।
অসমৰ পৰা এই বঁটা লাভ কৰে স্বয়ম মজুমদাৰে৷
দেশৰ ১৯ গৰাকী শিশুৱে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

7. ঢেকীয়াজুলিৰ ঠেলামৰাৰ এৰাসুঁতিত বাথৌ সমাৰোহ৷
সমাৰোহৰ উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে বিশিষ্ট ব্যক্তি সকল।

বাথৌ মহাসভালৈ বছৰি ৫০ লাখকৈ টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এহাজাৰ বাথৌ থানচালি নিৰ্মাণলৈ ৫ লাখকৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

8. কলাক্ষেত্ৰত গ্ৰন্থ মুকলি কাৰ্যসূচী।
মুকলি কৰা হয় অৰূপ কুমাৰ দত্তৰ ‘Assam’s Braveheart Lachit Barphukan’ গ্ৰন্থ।
গ্ৰন্থ খন মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

9. অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিগৰাকীক।

10. কাইলৈ ৰাহুল গান্ধীৰ সৈতে ১৫ বিৰোধী দলৰ বৈঠক৷
গহপুৰৰ সোলেঙীত অনুষ্ঠিত হব এই বৈঠক।
প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ সভাপতিসকল উপস্থিত থাকিব ।

11. অৰুণাচল প্ৰদেশত ২ কোটি টকাৰে স্থাপন হ’ব নামঘৰ।
আধাৰশিলা স্থাপন কৰে বিধায়ক তৰংগ গগৈয়ে।
উপস্থিত থাকে অৰুণাচলৰ কেবিনেট মন্ত্ৰী ৱাংকি লৱাং আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

12. বকোত বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিৱেশন।
উক্ত অধিৱেশনত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

13. অৰুণাচলৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ পৰা দ খাৱৈত বাগৰি পৰে বাহন।
থিতাতে নিহত হয় ৩জনকৈ লোক।
মৃত আটাইকেইজনেই তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী।
তিনিচুকীয়াৰ পৰা অৰুণাচললৈ গৈ আছিল বাহনখন।

14. ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে মঙলদৈত প্ৰজ্বলন কৰা হ’ব ১ লাখ বন্তি৷
শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰত বিশ্ব হিন্দু পৰিষদ দৰং জিলা সমিতিয়ে প্ৰজ্বলন কৰিব এই বন্তিসমূহ৷

15. গুৱাহাটী ৰে’ল ষ্টেচনত GRPয়ে গ্ৰেপ্তাৰ কৰে এটা ম’বাইল চোৰক৷
ধৃত চোৰটোৰ নাম মহম্মদ মুক্তাৰ শ্বেখ৷
কামৰূপ এক্সপ্ৰেছৰ পৰা GRPয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক৷
গাৰ কাপোৰৰ তলত বান্ধি আনিছিল ২১টাকৈ মোবাইল৷

16. বৰপেটাৰ কাৱৈমাৰী ‘ঘ’ ব্লকত নিশা অগ্নিকাণ্ড৷
বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় জুইৰ সূত্ৰপাত৷
অগ্নিকাণ্ডৰ ফলত ৩-৪ লাখ টকাৰ ক্ষতিসাধন হয়৷

17. নলবাৰীৰ দৌলাশালত শোকাৱহ পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় আৰক্ষীৰ জোৱান।
নিহত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ উত্তম চন্দ্ৰ বৰা।
চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্যদ্বাৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।

18. আজি বিভিন্ন জিলাত ৰাজ্যিক কৰ্মচাৰীৰ প্ৰতিবাদ।
NPS প্ৰত্যাহাৰ কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে
বাক্সা, বৰপেটা, ধুবুৰী, তিনিচুকীয়া আদিত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতি জিলাত শতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

19. শিলচৰত ভূ-মাফিয়াক গ্ৰেপ্তাৰ৷
শিলচৰৰ মালুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত ভূ-মাফিয়া লাকী বৰলস্কৰক৷
দালালটোৰ বিৰুদ্ধে শিলচৰৰ প্ৰতিখন থানাত ৰুজু আছে গোচৰ৷

20. মহানগৰীৰ বশিষ্ঠত STFৰ অভিযান।
অভিযানত আটক কৰে এটা বিহাৰৰ ড্ৰাগছ সৰবৰাহকাৰী।
১৩ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ, নগদ ধন আৰু ২টা মোবাইল ফোন জব্দ কৰে ধৃত সৰবৰাহকাৰীৰ পৰা।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *