Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
Rnewsindia24.com Assam, Jan / 20 / 2024:-
1. তেজপুৰৰ শালনিবাৰীত SSBৰ প্ৰতিষ্ঠা দিৱস।
উক্ত দিৱসত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি ৷
2. সৰুসজাইত কমাণ্ডো বেটেলিয়নৰ দীক্ষান্ত সমাৰোহ।
২,৫৫১জন কমাণ্ডোৰ অংশগ্ৰহণ কৰে সমাৰোহত।
উক্ত সমাৰোহত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ আৰু কেইবাটা গণ্য মান্য ব্যক্তি।
5. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলে আৰু ৰিতুমণি হাজৰিকাক আটক কৰে আৰক্ষীয়ে।
আটক কৰা কাৰন জানিব পৰা হোৱা নাই।
6. ঘোষণা হ’ল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ-২০২৪।
অসমৰ পৰা এই বঁটা লাভ কৰে স্বয়ম মজুমদাৰে৷
দেশৰ ১৯ গৰাকী শিশুৱে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
7. ঢেকীয়াজুলিৰ ঠেলামৰাৰ এৰাসুঁতিত বাথৌ সমাৰোহ৷
সমাৰোহৰ উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে বিশিষ্ট ব্যক্তি সকল।
বাথৌ মহাসভালৈ বছৰি ৫০ লাখকৈ টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এহাজাৰ বাথৌ থানচালি নিৰ্মাণলৈ ৫ লাখকৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
8. কলাক্ষেত্ৰত গ্ৰন্থ মুকলি কাৰ্যসূচী।
মুকলি কৰা হয় অৰূপ কুমাৰ দত্তৰ ‘Assam’s Braveheart Lachit Barphukan’ গ্ৰন্থ।
গ্ৰন্থ খন মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
10. কাইলৈ ৰাহুল গান্ধীৰ সৈতে ১৫ বিৰোধী দলৰ বৈঠক৷
গহপুৰৰ সোলেঙীত অনুষ্ঠিত হব এই বৈঠক।
প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ সভাপতিসকল উপস্থিত থাকিব ।
11. অৰুণাচল প্ৰদেশত ২ কোটি টকাৰে স্থাপন হ’ব নামঘৰ।
আধাৰশিলা স্থাপন কৰে বিধায়ক তৰংগ গগৈয়ে।
উপস্থিত থাকে অৰুণাচলৰ কেবিনেট মন্ত্ৰী ৱাংকি লৱাং আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
12. বকোত বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিৱেশন।
উক্ত অধিৱেশনত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।