উত্তৰ অসমৰ প্ৰথম গৰাকী মুখ্য অভিযন্তা, মুখ্য সচিব, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ৰে’ডক্ৰছ ছ’ছাইটিৰ জন্মদাতা হৰিপ্ৰসাদ বৰুৱাৰ জীৱনযাত্ৰাঃ
১৮৮৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ খুমটাইত হৰিপ্ৰসাদ বৰুৱা জন্ম হৈছিল।
হৰিপ্ৰসাদ বৰুৱা অসমৰ
প্ৰথম মুখ্য অভিযন্তা, মুখ্য সচিব, সু-সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰশাসক আছিল।
তেওঁ ১৯০৪ চনত গোলাঘাট বেজবৰুৱা স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হয়।
১৯০৭ চনত কটন মহাবিদ্যালয়ৰ পৰা এফ.এ. পৰীক্ষাত ঊত্তীৰ্ণ হয়।
তাৰ পিছত তেওঁ কলিকতালৈ গৈ শিৱপুৰৰ বেংগল চিভিল ইঞ্জিনীয়াৰিং কলেজৰপৰা ১৯১৫ চনত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থানলাভ কৰি বি.ই. পৰীক্ষা পাছ কৰে।
প্ৰথমে অসম চৰকাৰৰ ইঞ্জিনীয়াৰিং বিভাগত এপ্ৰেণ্টিছ ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে।
১৯১৬ চনত তেখেতে Imperial and Provincial Service of Engineers ত যোগদান কৰে।
এই সেৱাক পাছলৈ ভাৰতীয় অভিযন্তা সেৱা (Indians Service of Engineers, চমুকৈ ISE) বুলি নামকৰণ হয়।
এই সন্মান লাভ কৰা মুষ্টিমেয় ভাৰতীয়ৰ ভিতৰত হৰিপ্ৰসাদ
বৰুৱা অন্যতম আৰু অসমীয়াৰ ভিতৰত প্ৰথম।
১৯১৮ চনত সহকাৰী অভিযন্তা আৰু ১৯২৮ চনত কাৰ্যবাহী অভিযন্তালৈ পদোন্নতি হয়।
তেখেতে গড়কাপ্তানি বিভাগৰ সচিব আৰু সহকাৰী মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে।
ভাৰত স্বাধীন হোৱাৰ পাছত তেওঁ অসমৰ মুখ্য অভিযন্তা আৰু ৰাজ্যিক গড়কাপ্তানী সচিব হৈছিল।
তেওঁ অসমৰ বানপানীৰ সমস্যাটোৰ প্ৰতি গভীৰভাৱে মনোনিৱেশ কৰিছিল।
তেখেতে জনপ্ৰিয় বিজ্ঞান ‘জেউতি’ আলোচনীত সেই সম্পৰ্কে এলানি প্ৰবন্ধ লিখিছিল।
ডিব্ৰুগড় নগৰৰ গৰাখহনীয়া ৰোধৰ বাবে তেওঁৰ আঁচনি অনুসৰি নিৰ্মাণ কৰা শিলৰ বুৰুজৰ নাম ‘বৰুৱা স্পাৰ’।
ডিব্ৰুগড় জিলাৰ খোৱাঙত বুঢ়ীদিহিং নৈৰ ওপৰত সজা দলংখন তেওঁৰ অভিযন্তা জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ।
শিৱসাগৰ নগৰৰ দিখৌ নৈৰ ওপৰতো ১৯২৯-৩৪ চনত তেওঁৰ তত্ত্বাৱধানত এখন লোৰ দলং সাজি উলিওৱা হৈছিল।
দলঙৰ বাবে প্ৰয়োজনীয় লো আৰু যন্ত্ৰ ইংলেণ্ডৰ পৰা অনা হৈছিল।
১৯৩৫ চনত তেখেতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ‘ওপঙা ঠুহা’ নামৰ এবিধ যতন উদ্ভাৱন কৰিছিল।
অসমত ইঞ্জিনীয়াৰিং শিক্ষাৰ বিকাশৰ বাবেও তেওঁ অৱদান আগবঢ়ায়।
তেওঁৰ চেষ্টাতেই ১৯৪৮ চনত গুৱাহাটীৰ চান্দমাৰীত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰম্ভ হয়।
তেওঁ অসমৰ প্ৰথম ইঞ্জিনিয়াৰিং কলেজ ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
হৰিপ্ৰসাদ
বৰুৱা এগৰাকী সু-সাহিত্যিক আছিল।
তেখেতে লিখা গ্ৰন্থ সমূহ হৈছে- অংক-ধাৰাপাত,
মইনা, একপক্ষ, বিৰচতীয়াৰ দেশ।
অপ্ৰকাশিত গ্ৰন্থ- এখন চিঠি, আদি অন্ত আৰু আগুৱান।
সাহিত্য আৰু বিজ্ঞান বিষয়ৰ ভালেমান প্ৰবন্ধ বিভিন্ন আলোচনীৰ পাতত সিঁচৰতি হৈ আছে।
বৰুৱা দেৱ অসম বিজ্ঞান সমিতিৰ সভাপতি আছিল।
১৯৭৪ চনৰ ১৩ জানুৱাৰীত হৰিপ্ৰসাদ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ যুগজয়ী সৃষ্টিৰাজী আৰু কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com