৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 18/2023:- 

1. দীপৰ বিল পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
পৰিদৰ্শন কালত উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু কেইবা গৰাকী বিষয়া।

2. জনতা ভৱনত কৃষি, উদ্যানশস্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ড° আশিস ভূটানী, সঞ্চালক ভাস্কৰ পেগু, অতিৰিক্ত সচিব তেজপ্ৰসাদ ভূষাল, যুটীয়া সচিবদ্বয় গুণজিৎ কাশ্যপ আৰু বিপুল দাস, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা আৰু বহু গণ্য মান্য ব্যক্তি।

3. ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩।
চন্দ্ৰত অৱতৰণৰ বাবে লেণ্ডাৰ বিক্ৰমে আজিৰে পৰা গতিবেগ হ্ৰাস কৰিব।
লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ লগে লগে USA, ৰাছিয়া আৰু চীনৰ পাছতে এই সফলতা অৰ্জন কৰা চতুৰ্থখন ৰাষ্ট্ৰ হ’ব ভাৰত।

4. প্ৰয়াত বিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়াৰ ডিব্ৰুগড়ৰ বৰপথাৰ খঙ্গীয়া গাঁওস্থিত বাসগৃহত উপস্থিত হয় লুৰিণজ্যোতি গগৈ।

5. চৰকাৰী নিৰ্দেশনা নাপাই বন্ধ হ’ল লাহৰীঘাটৰ বিদ্যালয়৷
স্কুল কৰ্তৃপক্ষই খবৰ নাপালে তিৰোভাৱ তিথিৰ বন্ধৰ দিন সলনিৰ কথা৷
বন্ধ দিলে বালিডোংগা লাল বাহাদুৰ শাস্ত্ৰী মাধ্যমিক বিদ্যালয়৷
শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে বন্ধ হ’ল বিদ্যালয়খন৷
বিদ্যালয়খনৰ বিৰুদ্ধে উঠিছে চৰকাৰী নিৰ্দেশনা উলংঘাৰ অভিযোগ৷

6. অধ্যক্ষ পদৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ।
মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াক পদত্যাগ পত্ৰ অৰ্পণ৷

7. বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন।
নৱগ্ৰহ শ্মশানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পৰিয়ালবৰ্গ আৰু বহু গণ্য মান্য ব্যক্তি।

8. বিশ্ব আলোকচিত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আলোকচিত্ৰ প্ৰদৰ্শনী।
অনুষ্ঠানটিত ১০০খন আলোকচিত্ৰৰ এক সংগ্ৰহ প্ৰদৰ্শনী কৰা হয়।
অনুষ্ঠানৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক প্ৰশান্ত ভট্টাচাৰ্যই।

9. লখিমপুৰত আজিৰে পৰা আৰম্ভ হয় আৰক্ষীৰ BMI টেষ্ট৷
জিলাখনৰ প্ৰতিজন আৰক্ষী অৱতীৰ্ণ হ’ব লাগিব BMI টেষ্টত৷
BMI টেষ্টত অনুত্তীৰ্ণ হ’লে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ৷

10. বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস৷
১৯৯২চনৰ ১৮ আগষ্টত প্ৰতিষ্ঠা হৈছিল কৃষ্ণগুৰু মহাবিদ্যালয়৷

11. দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত টকা উদ্ধাৰ৷
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ কৰে প্ৰায় ৪৫.৫৪ লাখ টকা৷
হাফলঙত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল শইকীয়া৷

12. কোকৰাঝাৰৰ ছাইকমপ্লেক্সত অনুষ্ঠিত ডুৰাণ্ড কাপত অঘটন৷
খেলুৱৈলৈ লক্ষ্য কৰি পানী বটল, চকী দলিয়ালে দৰ্শকে৷
বড়োলেণ্ড FC, ইণ্ডিয়ান আৰ্মী FCৰ মাজৰ খেলত এই ঘটনা সংঘটিত হয়।

13. EYE FLUৰ বাবে বন্ধ ঘোষণা মাজুলীৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন বনগাঁও৷
৩৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২০০ গৰাকী শিক্ষাৰ্থী
EYE FLUত আক্ৰান্ত হয়।

14. জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযানত জালত ২ লস্কৰ-ঈ-তৈবাৰ সদস্য৷
ছপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২ LETৰ সদস্যক৷
২ সন্ত্ৰাসবাদীৰ পৰা গ্ৰেণেড, ৮ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰে।
দীৰ্ঘদিনে সন্ত্ৰাস চলাইছিল লস্কৰ-ঈ-তৈবাৰ ২ সদস্যই৷

15. সৰ্থেবাৰীৰ মাজদিয়াত আৰক্ষীয়ে জব্দ কৰে দুখনকৈ কাঠভৰ্তি ট্ৰাক।
কৰ ফাঁকিৰে কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাওঁতেই জব্দ কৰে।

16. ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বকোত গাহৰি আৰু ছাগলী পালন কৰ্মশালা।
৮টা আত্মসহায়ক গোটক বিতৰণ কৰে ২৫টাকৈ গাহৰি পোৱালি আৰু ছাগলী পোৱালী।

17. ছয়গাঁৱৰ হাতীশলাত সদৌ অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা।
প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ ১২টাকৈ প্ৰতিযোগীৰ দলে অংশ গ্ৰহণ কৰে।

18. বোকাজান মহকুমা আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
ডিলাই থানাৰ অন্তৰ্গত ১০মাইলত সৰবৰাহকাৰীসহ জব্দ কৰে ৫৪৩ গ্ৰাম হেৰ’ইন।
কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান।
ইফালে খটখটি থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ বাচবাড়িত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৫৮.৮১ গ্ৰাম হেৰ’ইন।
লগতে ২ সৰবৰাহকাৰীক আটক কৰে।

19. ‘কাজিয়া লাগিছে, লাগিবই,
কাৰণ পৰিচালনা কৰিব পৰা নাই৷
ৰাইজৰ বাবে মাত মতা মানুহৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে’৷
বিজেপিত ন-পুৰণিৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া জাকিৰ হুছেইন শিকদাৰৰ৷

20. দক্ষিণ কামৰূপ ছয়গাঁৱত কিন্নৰৰ ওপৰত দূবৃত্তৰ আক্ৰমণ।
জাহাঙ্গীৰ আলী নামৰ উদণ্ড যুৱক এজনৰ বিৰুদ্ধে কিন্নৰে অভিযোগ উত্থাপন কৰে।

 

By : Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *