Mising Autonomous Council

“Kapé MAC”

Spread the love

 

® মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

১১/০৫/২০২৬ তাৰিখে মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন কৰাৰ লগতে সঞ্চালিকা Merly Tom ক সাক্ষাৎ কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, TMPKৰ উপ-সভাপতি ৰাহুল লইঙে।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ‘সমষ্টি সংহতি গোট’ সভা।

তিতাবৰৰ বালিজান কৃষ্টি ভৱনত ১৬/০৫/২০২৬ তাৰিখে পৰিষদৰ ৩৩ নং যোৰহাট সমষ্টি, ৩৪ নং দিচাং-দিখৌ সমষ্টি আৰু নৱগঠিত ৩৮ নং জাঁজী সমষ্টিৰ “সংহতি গোট”ৰ সভা অনুষ্ঠিত কৰে।

উক্ত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুম।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্যা নিভা পেগু মিলি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান।

গুৱাহাটী খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ১২/০৫/২৬ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ “শপত গ্ৰহণ অনুষ্ঠান” অনুষ্ঠিত কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

শপত বাক্য পাঠ কৰোৱাই ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

আনহাতে, এনডিএ (NDA)-ৰ নৱ নিৰ্বাচিত চাৰিগৰাকী বিধায়ক ক্ৰমে – ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে অসম মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নাবিছ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচন্দ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ বিধায়িনী দলৰ সহ পৰ্যবেক্ষক নায়াব সিং ছেইনী, আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গ’ড়কে ধৰি ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, দেশৰ আগশাৰীৰ বিশিষ্ট উদ্যোগপতি, শিক্ষাবিদ, সমাজকৰ্মী, আধ্যাত্মিক ধৰ্মগুৰু, মাজুলী, বৰপেটাৰ সত্ৰাধিকাৰ, প্ৰাক্তন মন্ত্ৰী সকল, অসমৰ নৱ নিৰ্বাচিত বিধায়ক সকল, অসমৰ স্বায়ত্বশাসিত পৰিষদৰ সদস্য-সদস্যা সকল, জিলা পৰিষদ, আঞ্চলিক পৰিষদ, পঞ্চায়ত সভাপতি, সদস্য-সদস্যা সকল, গণশক্তি, বিজেপি, অগপ, বিভিন্ন সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু ডেৰ লক্ষাধিক ৰাইজ।

 

®  ACS বিষয়া প্ৰয়াত ধৰ্মকান্ত মিলিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

১৭/৫/২০২৬ তাৰিখে দিখৌমুখ উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন প্ৰধান সচিব, শিৱসাগৰ দিখৌমুখৰ প্ৰথমগৰাকী ACS বিষয়া, উচ্চ শিক্ষাৰ সঞ্চালক আৰু জলজীৱন মিচনৰ সঞ্চালক, অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব প্ৰয়াত ধৰ্মকান্ত মিলিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত মিচিং স্বায়ত্বশাসিত পৰিষদৰ হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে দুখৰ সমভাগী হয় পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুম, প্ৰশান্ত কুমাৰ বড়ি, সাধাৰণ সদস্য কনক দলে, প্ৰতাপ টায়ে, সাধাৰণ সদস্যা নিভা পেগু মিলি, মুখ্য সহায়ক বিপিন গাম, পৰিষদৰ অন্যান্য কৰ্মচাৰী আৰু গণশক্তি, MMK, TMMK, TMPKৰ বিষয়ববীয়া।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে দেশৰ মহান ব্যক্তিসকলৰ জীৱনযাত্ৰা, খাদ্য আৰু স্বাস্থ্য বিষয়ক তথ্যৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

ধন্যবাদ।।

Leave a Reply

Your email address will not be published. Required fields are marked *