Mising Autonomous Council

“Kapé MAC”

Spread the love

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”।

🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, সাধাৰণ সদস্য ৰাজু পেগু, ‌গণশক্তিৰ উপ-সভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰমা পাইট, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু সমষ্টিবাসী ৰাইজ।

🔸 ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ত পৰিষদৰ ২১ নং বৰনৈ, ২২ নং দাংধৰা আৰু ৩০ নং চাংগা মাজুলী পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা অনুষ্ঠিত কৰে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, সাধাৰণ সদস্য নিলকান্ত দলে, সাধাৰণ সদস্যা বিউটি পেগু, MMKৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰেমধৰ দলে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইন্দ্ৰকুমাৰ চুংক্ৰাং, উজনি মাজুলী খণ্ড শক্তিৰ সম্পাদক দিলিপ বৰা, গণশক্তি, MMK , TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 ওপৰ টেমেৰা নৰেশ্ব বগা ভৱনত ৭/০৫/২০২৬ তাৰিখে পৰিষদৰ ২৮ নং ধনশিৰি, ২৯ নং দিচৈ আৰু ৪০ নং বৰনৈ বিল্লাম সমষ্টিৰ “সংহতি গোটৰ (CIU) সভা” অনুষ্ঠিত কৰে।

সভাত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য সুধীৰ চন্দ্ৰ মৰাং, সাধাৰণ সদস্যা লিভা পেগু, গণশক্তিৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক যোগেন টাইদ, TMMKৰ সাংগঠনিক সম্পাদিকা তৃষ্ণা কুটুম, MMKৰ কেন্দ্ৰীয় সদস্য মনেশ্বৰ কুটুম, TMPKৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাহুল লইং, গণশক্তি, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, খণ্ড আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 আবুতানি ভৱনত পৰিষদৰ ১০ নং অকাজান সমষ্টি, ১১ নং গৃদাং কুলাজান সমষ্টি আৰু ১২ নং চিচি টঙানি সমষ্টিৰ “সংহতি গোট (CIU)ৰ সভা” অনুষ্ঠিত কৰে।

সভাত সভাপতিত্ব কৰে বোকাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ পেগুৱে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুম।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ টায়ে, MMKৰ কেন্দ্ৰীয় উপ-সভাপতি যুক্তনাথ কুম্বাং, মোহনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লাবা পেগু, আবুতানি মহাবিদ্যালয়ৰ উপ-সভাপতি লম্বেশ্বৰ কুটুম, গাওঁ পঞ্চায়ত সভাপতি, আঞ্চলিক, ৱাৰ্ড সদস্য-সদস্যা, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 ২/০৫/২০২৬ তাৰিখে দক্ষিণ ধেমাজি গাওঁ পঞ্চায়ত ভৱনত পৰিষদৰ ১৩ন‍ং চিচিকলঘৰ সমষ্টি আৰু ১৬নং জীয়াঢল সমষ্টিৰ “সমষ্টি সংহতি গোট সভা” অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য বানিকান্ত দলে, সাধাৰণ সদস্যা লাৱণ্য মিলি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু সমষ্টিবাসী ৰাইজ।

🔸 ২৯/০৪/২০২৬ তাৰিখে লাইমেকুৰী মিচিং কৃষ্টি ভৱনত পৰিষদৰ ৪ নং ডেবিং ডেটাক, ৫ নং অৱাং জোনাই আৰু ৬ নং লালি তেলাম টাক’ পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোট সভা” অনুষ্ঠিত কৰে।

সভাত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পদুম ৰায়, পৰিষদৰ সাধাৰণ সদস্য ববীকান্ত পেগু, জিলা পৰিষদ, আঞ্চলিক, ৱাৰ্ড সদস্য-সদস্যা, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 ২৯/০৪/২০২৬ তাৰিখে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত পৰিষদৰ ১নং জনাই, ২নং মুৰ্কংচেলেক আৰু ৩নং গালি বিজয়পুৰ পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোট সভা” অনুষ্ঠিত কৰে।

সভাত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য উমা পাথৰি।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, TMPK ৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, জিলা পৰিষদ, আঞ্চলিক, ৱাৰ্ড সদস্য-সদস্যা, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® সোৱণশিৰি নদীৰ গঢ়া খহনীয়া পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

দিৰপাই অঞ্চল অৰ্থাৎ সোৱণশিৰি সোণালী খোৱা পানী যোগান প্ৰকল্প আৰু সোৱণশিৰি ইক’ কেম্পৰ সমীপে বিপদজনকভাৱে হৈ থকা সোৱণশিৰি নদীৰ গঢ়া খহনীয়া পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে ।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গণশক্তি, MMK, TMPK ৰ অন্যান্য বিষয়ববীয়া।

উল্লেখ্য যে, পৰিদৰ্শনৰ অন্তত মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে উক্ত জলন্ত সমস্যা সমাধানৰ হকে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে।

® ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মিচিং স্বায়ত্বশাসিত পৰিষদ কৰ্তৃপক্ষ আৰু মিচিং জাতীয় সংগঠনৰ।

৭/০৫/২০২৬ তাৰিখে অসম বিধানসভাৰ আৱাসিক গৃহত ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি নৱ গঠিত অসম চৰকাৰ আৰু দ্বিতীয় বাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদ কতৃপক্ষ আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।

সাক্ষাৎকালত উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ভূৱন পেগু, পৰিষদৰ অধ্যক্ষ তথা MMK কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে- জহান দলে, নৰেশ্ব কুম্বাং, বিজু পেগু, MMKৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMMKৰ সভানেত্ৰী তথা মৰনৈ জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, TMPKৰ সভাপতি তিলক দলে, সম্পাদক চান পাংগিং, গণশক্তি আৰু MBK, MMK, TMMK, TMPK অন্যান্য কেন্দ্ৰীয় বিষয়ববীয়া।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *