Mising Autonomous Council

“Kapé MAC”

Spread the love

® গণশিল্পী গজেন নৰহ স্মৃতি উদ্যান আৰু শদিয়া ভৱন পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ CEM পৰমানন্দ চায়েঙীয়াৰ।

২৮/০৫/২০২৬ তাৰিখে পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰি থকা প্ৰয়াত গণশিল্পী গজেন নৰহ ৰ স্মৃতি উদ্যান আৰু স্বাক্ষৰ বহনকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা শদিয়া ভৱন পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

আনহাতে MMK, TMMK, TMPKৰ নৱগঠিত শদিয়া জিলা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে বিশেষ আলোচনা মিলিত হয় মুখ্য কাৰ্য্যবাহী সদস্য গৰাকী।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।

® গোগামুখ চাৰিআলিত Raj Bhai Unisex Saloon মুকলি।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত প্ৰতি বছৰে বিনামূলীয়াকৈ নিৱনুৱা যুৱক-যুৱতীৰ বাবে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ইতিমধ্যে বহু যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণৰ অন্তত স্বকীয় কৰ্মসংস্থাপনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিছে।

তাৰে এক উৎকৃষ্ট উদাহৰণ স্বৰূপে গোগামুখৰ ৰাজ পায়েঙে গোগামুখ চাৰিআলি (North Lakhimpur Road)ত Raj Bhai Unisex Saloon নামেৰে এক অত্যাধুনিক Saloon মুকলি কৰে।

উক্ত Saloonৰ শুভাৰম্ভণি কৰি গৌৰৱান্বিত অনুভৱেৰে উদীয়মান যুৱকজনক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মিচিং জাতীয় সংগঠন MMK, TMPKৰ অন্যান্য বিষয়ববীয়া।

 

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে দেশৰ মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ আৰু অন্যান্য তথ্যৰ  বিষয়ে জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *