"Kapé MAC" - R News India 24
Skip to content
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন।
৪/০৫/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ১৫ নং গোগামুখ সমষ্টিৰ অন্তৰ্গত নামনি টাজিক গাঁৱৰ পৰা ধলপুৰীয়ালৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্য ৰাজু পেগু প্ৰাক্তন কাৰ্যবাহী সদস্য ৰমা পাইট, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন।
৩/৬/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে অমৰপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেপুন মাজগাওঁ প্ৰাথমিক বিদ্যালয়, চাৰহ গাওঁ প্ৰাথমিক বিদ্যালয়, হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়, চিলিং মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ ৩৬ নং শদিয়া সমষ্টিৰ সাধাৰণ সদস্য মুলচন পেগুৱে।
শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গণশক্তিৰ শদিয়া খণ্ড শক্তিৰ সভাপতি গনেশ কুটুম, TMPK শদিয়া জিলাৰ প্ৰাক্তন সম্পাদক তৰুন লাগাছু, প্ৰাক্তন শিক্ষা সম্পাদক ভোলানাথ পেগু, পঞ্চায়ত সমিতিৰ সম্পাদক গগন মিলি, গাওঁ পঞ্চায়তৰ সভানেত্ৰী বাৰনিকা পেগু কুলি, ৱাৰ্ড সদস্য অৰুন দলে, উল্লেখ্যিত বিদ্যালয়ৰ সমূহ শিক্ষক বৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয় পৰিদৰ্শন NCST উপদেষ্টাৰ।
৮/০৬/২০২৬ তাৰিখে পৰিষদৰ সচিবালয় পৰিদৰ্শন কৰে NCST অধ্যক্ষৰ জ্যেষ্ঠ উপদেষ্টা প্ৰকাশ কুমাৰ উইকে।
পৰিদৰ্শন কালত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত সভাকক্ষত পৰিষদৰ প্ৰশাসনিক সমস্যা, আৰ্থিক অনুদান, বন অধিকাৰ আইনৰ কাৰ্যকৰীকৰণ আৰু মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সামাজিক বিচাৰ ব্যৱস্থা সম্পৰ্কে বিশেষভাৱে মত বিনিময় কৰে।
লগতে বিস্তৃত আলোচনাৰ বাবে MAC কৰ্তৃপক্ষক তেখেতে দিল্লীলৈ আমন্ত্ৰণ জনাই।
উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপদেষ্টা গৰাকীৰ সচিব প্ৰদীপ মহান্তি, মধ্যপ্ৰদেশৰ জিলা ন্যায়াধীশ তথা প্ৰকাশ কুমাৰ উইকেৰ সহধৰ্মিনী ৰজনী প্ৰকাশ, পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা, মুখ্য সচিবকে ধৰি সমূহ বিষয়া, কৰ্মচাৰী।
উল্লেখ্য যে, তিনিও গৰাকী বিশিষ্ট অতিথিক মিচিং জনগোষ্ঠীৰ বিশেষ পৰম্পৰাগত সামগ্ৰীৰে সম্বৰ্ধনা জনাই পৰিষদ কৰ্তৃপক্ষই।
® গোগামুখ টাউন ক্লাৱ, আৰক্ষী বিষয়া আৰু বিশিষ্ট নাগৰিক সৈতে বিশেষ বৈঠক পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
৬/০৬/২০২৬ তাৰিখে গোগামুখত পাৰ্কিং ব্যৱস্থা শৃংখলিত কৰাৰ বাবে গোগামুখ টাউন ক্লাৱ, আৰক্ষী বিষয়া, বিশিষ্ট নাগৰিক, বিভিন্ন জাতীয় সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকী।
গোগামুখ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক গৃহ, দোকানসমূহ উচ্ছেদ কৰা হৈছে।
আনহাতে, ঢকুৱাখনা, নাহৰবাৰী আৰু মিংমাং পথত অবৈধভাৱে নিৰ্মান কৰা গৃহসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰিব
বুলি অৱগত কৰে।
৬/০৬/২০২৬ তাৰিখে ৰূপায়ণ কৰা উচ্ছেদ কাৰ্য সফলতাৰে সম্পন্ন কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসনিক, গোগামুখ আৰক্ষী, গোগামুখ উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।
® কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা বিধায়ক ডাঃ ৰণোজ পেগুক সাক্ষাৎ মিচিং স্বায়ত্বশাসিত পৰিষদ কৰ্তৃপক্ষৰ।
৫/০৬/২০২৬ তাৰিখে দ্বিতীয়বাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুক সচিবালয়ৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদ কৰ্তৃপক্ষ, সন্মিলিত গণশক্তি অসম আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।
সাক্ষাৎকালত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা গণশক্তিৰ সভাপতি পৰমানন্দ চায়েঙীয়া, পৰিষদৰ অধ্যক্ষ তথা গণশক্তিৰ উপদেষ্টা সুনীল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে – জহান দলে, যজ্ঞেশ্বৰ কুটুম, নৰেশ্ব কুম্বাং, বিজু পেগু, প্ৰশান্ত কুমাৰ বড়ি, সাধাৰণ সদস্য ববীকান্ত পেগু, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, সভাপতি তিলক দলে, সম্পাদক চান পাংগিং, গণশক্তি আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া।
® নৱ নিৰ্বাচিত মন্ত্ৰীৰ শপত গ্ৰহণ।
৫/০৬/২০২৬ তাৰিখে গুৱাহাটী জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ৰাজ্যৰ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্তিৰ বাবে মনোনীত মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে।
শপত বাক্য পাঠ কৰোৱায় অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসম গণ পৰিষদ সভাপতি অতুল বৰা, নৱ নিযুক্ত কেবিনেট মন্ত্ৰী ক্ৰমে – অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰীকা, ডা: ৰণোজ পেগু, সুশান্ত বৰগোহাঁই, বিধায়ক সকল, স্বায়ত্বশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্য্যবাহী সদস্য, কাৰ্য্যবাহী সদস্য, সাধাৰণ সদস্য সকল, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, গণশক্তি, বিজেপি, অগপ, BPF, UPPL আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com
ধন্যবাদ।।
Post navigation
Go Top