"Kapé MAC" - R News India 24
Skip to content
® কাংকান চাপৰিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ “সমষ্টি সংহতি গোট” সভা।
কাংকান চাপৰি কৃষ্টি ভৱনত ১৯/০৫/২০২৬ তাৰিখে পৰিষদৰ ২০ নং অৱনৰি, ৩৯ নং ঘূণাসুঁতি আৰু ১৯ নং পূৱ তেলাহী সমষ্টিৰ “সমষ্টি সংহতি গোট” সভা অনুষ্ঠিত কৰে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমষ্টিবাসী ৰাইজক পৰিষদৰ দ্বাৰা ৰূপায়ন কৰা আৰু কৰিবলগীয়া আঁচনিৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মকভাৱে বক্তব্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা।
উপস্থিত থাকে কাৰ্য্যবাহী সদস্য বিজু পেগু, জিলা পৰিষদ সদস্যা তথা TMMK ৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু পৰিষদীয় ৰাইজ।
® মিচিং জনগোষ্ঠীৰ জাতীয় শ্বহীদ “বগা মেদক”ৰ প্ৰতিমূৰ্তি উন্মোচন।
কাংকান চাপৰি কৃষ্টি ভৱনৰ চৌহদত মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ ১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা মিচিং জনগোষ্ঠীৰ জাতীয় শ্বহীদ “বগা মেদক”ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাতীয় শ্বহীদ বগা মেদক দেৱৰ সহধৰ্মিনী ডালিমী মেদক আৰু পৰিয়ালবৰ্গ।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, কাৰ্য্যবাহী সদস্য বিজু পেগু, জিলা পৰিষদ সদস্যা তথা TMMK ৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু পৰিষদীয় ৰাইজ।
® মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ।
১৯/০৫/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰ ১৫ লাখ ৭০ হাজাৰ টকা ব্যয়েৰে লখিমপুৰ জিলাৰ বাধাকৰাৰ মছাইচুক প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, মছাইচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পঞ্চম সংখ্যক সাধাৰণ পৰিষদ সভা।
২০/০৫/২০২৬ তাৰিখে পৰিষদৰ সভাকক্ষত “সাধাৰণ পৰিষদ সভা” অনুষ্ঠিত কৰে।
সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
উক্ত সভাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ ক্ৰমে –
১/ জুলাই মাহৰ শেষত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ।
২/ টাবু ৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ অধীনত ২০২৬ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ এককালীন আৰ্থিক সাহাৰ্য্য মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।
৩/ চাৰু চন্দ্ৰ দলে শিক্ষা সাৰথি আঁচনিৰ অধীনত ২০২৬ বৰ্ষৰ উচ্চ শিক্ষাৰ এককালীন আৰ্থিক সাহাৰ্য্যৰ ধন মোকলাই দিয়াৰ প্ৰস্তাৱ গ্ৰহণ।
৪/ ২০২৫-২০২৬ বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ তালিকা চূড়ান্ত আৰু কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ।
৫/ ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সাহাৰ্য্য, প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনা, জটিল ৰোগত আক্ৰান্ত ৰোগীৰ আৰ্থিক সাহাৰ্য্য, খিলঞ্জীয়া জনজাতীয় শিল্পীৰ সাহাৰ্য্যকে ধৰি পৰিষদৰ দ্বাৰা প্ৰদান কৰা এনেধৰণৰ সকলো সাহাৰ্য্যৰ ধনৰাশি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ।
উল্লেখ্য যে, উক্ত এককালীন আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন পত্ৰ সমূহ মিচিং স্বায়ত্বশাসিত পৰিষদৰ Facebook Page আৰু Websiteৰ পৰা সংগ্ৰহ কৰি শুদ্ধকৈ পূৰণ কৰি অনলাইন যোগে জমা কৰিব লাগিব বুলি Rnewsindia24 ক জানিবলৈ দিয়ে MAC ৰ CEM পৰমানন্দ চায়েঙীয়াই।
পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাখনিত উপস্থিত থাকে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ লগতে পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা, প্ৰধান সচিব আৰু বিভাগীয় বিষয়া কৰ্মচাৰী সকল।
® নৱ নিৰ্মিত অতিথি শালা পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
২৪/৫/২০২৬ তাৰিখে পৰিষদৰ চিমেন চমকং সমষ্টিৰ ডিমৌ (চিমেন চাপৰি)ত নিৰ্মীয়মান অৱস্থাত থকা অতিথি শালা পৰিদৰ্শন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
লগতে অতিথি শালাটিক শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে।
পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন MMK, TMPK আৰু গণশক্তিৰ অন্যান্য বিষয়ববীয়া।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা জনজাতি ছাত্ৰাবাস পৰিদৰ্শন অধ্যক্ষ সুনীল কুমাৰ পেগুৰ।
২৩/০৫/২০২৬ তাৰিখে ঢকুৱাখনা ট্ৰাইবেল সংঘৰ চৌহদত নিৰ্মান কৰি থকা জনজাতি ছাত্ৰাবাস পৰিদৰ্শন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
অহা তিনিমাহত সম্পূৰ্ণ হ’বলগীয়া ছাত্ৰাবাসটিত ৭২ গৰাকী ছাত্ৰ/ছাত্ৰীৰ থকা, খোৱা, শোৱাৰ সু-ব্যৱস্থা কৰা হ’ব।
পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন MMK, TMMK, TMPK আৰু গণশক্তিৰ অন্যান্য বিষয়ববীয়া।
® পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা ভৃগুমুনি কাগয়ুঙৰ প্ৰতিমূৰ্তি পৰিদৰ্শন অধ্যক্ষ সুনীল কুমাৰ পেগুৰ।
শিৱসাগৰ দিখৌমুখত নিৰ্মান কৰা অসমৰ জাতীয় জীৱনৰ অবিস্মৰণীয় সত্তা তথা যশস্বী সাহিত্যিক, শিক্ষাবিদ ভৃগুমুনি কাগয়ুঙৰ নিৰ্মিয়মান প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
আনহাতে, দিখৌমুখ ঘাটত দীৰ্ঘদিন ধৰি হৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়া স্থান পৰিদৰ্শন কৰে অধ্যক্ষ গৰাকীয়ে।
পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন MMK, TMPK আৰু গণশক্তিৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে দেশৰ মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com
Post navigation
Go Top