আস্মিতা খেল' ইণ্ডিয়া ছাব-জুনিয়'ৰ আৰু জুনিয়'ৰ পেনচাক চিলাট লীগত অসমৰ বিশেষ সাফল্য। - R News India 24
Skip to content
আস্মিতা খেল’ ইণ্ডিয়া ছাব-জুনিয়’ৰ আৰু জুনিয়’ৰ পেনচাক চিলাট লীগ ২০২৬
৩০ মাৰ্চ তাৰিখৰ পৰা ১ এপ্ৰিল তাৰিখলৈকে গুজৰাটস্থিত যোগ পুৰুষ স্পৰ্টছ কম্প্লেক্স ইণ্ড’ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত গুজৰাট পেন্চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত সৰ্বভাৰতীয় পৰ্য্যায়ত তিনিদিনিয়াকৈ “আস্মিতা খেল’ ইণ্ডিয়া জুনিয়’ৰ” পেন্চাক চিলাট লীগ অনুষ্ঠিত কৰে।
উক্ত প্ৰতিযোগীতাত দেশৰ ২৯খন ৰাজ্যৰ প্ৰায় ৭০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে আৰু অসমৰ ১০ গৰাকী খেলুৱৈয়ে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে।
অসমে দুটা সোণৰ, এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ পাঁচটা পদক অৰ্জন কৰে।
ধেমাজী জিলাৰ হেমী মেদক আৰু ৰাজশ্ৰী বৰাই সোনৰ পদক, পূবালী চুতিয়া আৰু দীপশিখা গগৈয়ে ব্ৰঞ্জৰ পদক, শোণিতপুৰ জিলাৰ প্ৰগতি মহন্তই ৰূপৰ পদক লাভ কৰে।
অসম দলটিক নেতৃত্ব দিয়ে পেনচাক চিলাট সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক স্বপন দৈমাৰী আৰু ৰাষ্ট্ৰীয় বিচাৰক তথা প্ৰশিক্ষক ঔম চন্দ্ৰ চেত্ৰীয়ে।
গুজৰাটৰ পৰা গৃহাভিমুখী হোৱা অসম দলটি ৬ এপ্ৰিল তাৰিখে গুৱাহাটীত আহি উপস্থিত হয় বুলি অসম পেন্চাক চিলাট সন্থাৰ সাধাৰন সম্পাদক লক্ষ্যজিত দলেয়ে Rnewsindia24 ক জানিবলৈ দিয়ে।
প্ৰিয় পাঠক, অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।