কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?
Assam, May 8:
হয় কোন হ’ব অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী?
হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোনোৱাল?
এইলৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলি আছে।
আচলতে কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী?
যোৱা ২ তাৰিখে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতো কিয় মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিক কৰা হোৱা নাই?
ইয়াৰ আঁৰৰ ৰহস্য কি?
ইয়াকে লৈ এতিয়া সৰ্বসাধাৰণৰ মাজত বু বা চলিবলৈ ধৰিছে।
একাংশই যদি ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে আন একাংশই আকৌ সৰ্বানন্দ সোণোৱালকেই অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে।
এই প্ৰসংগত এইবাৰ মুখ খুলিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সাপ্তাহজুৰা মৌনতা ভংগ কৰি শুকুৰবাৰে সৰ্বানন্দ সোণোৱালে স্পষ্ট কৰি দিয়ে যে, ৰাজ্যৰ পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব এই সংক্ৰান্তত সিদ্ধান্ত লব দিল্লীস্থিত সংসদীয় বৰ্ডে।
এই লৈ বৰ্ডৰ মজিয়াত আলোচনা-বিলোচনা চলি আছে।
তাতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
সম্প্ৰতি স্বাস্থ্যখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়া বুলি প্ৰকাশ কৰি সৰ্বানন্দ সোনোৱালে কয়ঃ অহা দুই এদিনৰ ভিতৰতে অসমৰ ৰাইজে জানিব পাৰিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব।
সৰ্বানন্দ সোণোৱালৰ বক্তব্যৰ পৰা এটা স্পষ্ট হৈ পৰিছে যে, অধিৰ আগ্ৰহেৰে বাট চাই থকা অসমৰ জনসাধাৰণে হয়তো আজি-কালিৰ ভিতৰতে জানিব পাৰিব তেওঁলোকৰ পচন্দৰ নেতাজনৰ নাম।
ৰাজ্যবাসীক কভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিশ সঠিক ভাবে পৰ্যবেক্ষণ কৰি আছে।
By: জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24

