কেঞ্চাৰ, উচ্চ ৰক্তচাপ, কলেষ্টৰল, কৌষ্ঠকাঠিন্য, কলাইটিছ আদি মাৰাত্মক ৰোগৰ বাবে কাচকল অতি উত্তম।
কাচকলত ভিটামিন A, ভিটামিন B6, ভিটামিন C, পতাছিয়াম, আইৰণ, কেলচিয়াম, মেগনেছিয়াম , এন্টিঅক্সিডেন্টৰে ভৰপূৰ।
কাচকল খালে আমি কি কি বেমাৰৰ পৰা বাচি থাকিব পাৰো জানোঁ আহক।
1. হাৰ্টৰ সমস্যা, উচ্চ ৰক্তচাপ, কলেষ্টৰল, সমস্যাৰ বাবে কাচকল উপকাৰী।
ইয়াত থকা পতাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে।
2. ভিটামিন C আইৰণ থকাৰ বাবে ছাল ,চুলিৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে।
3. কাচকলত কেলচিয়াম,মেগনেছিয়াম থকা বাবে হাড়ৰ গঠনত সহায় কৰে আৰু সন্ধিবিষ হোৱাৰ পৰা বচাই ৰাখে।
4. ই কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে আৰু কাৰ্বোহাইড্ৰেট থকা বাবে শৰীৰক শক্তি প্ৰদান কৰে।
5. ৰক্তহীনতাত ভোগা লোক, গৰ্ভৱতী মহিলা, প্ৰসূতিৰ বাৱে কাচকল অতি উপকাৰী। অৱশ্যে সদায় খালে কৌষ্ঠকাঠিন্য হব পাৰে।
6. ডায়েৰীয়া, ডিচেণ্ট্ৰি, কলাইটিছ আদি সমস্যাত কাচকল উত্তম।
কাচকল বাকলিৰ সৈতে সিজাই ল’ব লাগে তেতিয়া বেছি ঔষধি হিচাবে কাম কৰে।
7. ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা।
মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
অসমীয়া প্ৰায় মানুহৰ ঘৰৰ বাৰীতে কাচকল পোৱা যায়।
বহুত মানুহে পূৰাকল বুলিও কয়।
কাচকল খাই আপুনি কেনে পাই?
কিছুমানে কাচকল ভাজি, পিটিকা বনাই, দালিত দি আৰু কিছুমানে সিজাই খাইয়ো ভাল পাই।
এইবিধ কল খুব কমকৈ পকাই খোৱা হয়।
নিয়মিয়াকৈ কাচকল খাওঁক আৰু শৰীৰটো কুশলে ৰাখক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24