৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ । - R News India 24
Skip to content
Rnewsindia24.com October 17 / 2022:-
1. আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰে প্রধানমন্ত্রী কিষান সন্মান সন্মিলন।
নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানৰ চৌহদত অনুষ্ঠিত হৈছে এই দুদিনীয়া সন্মিলন।
এই সন্মিলনতে PM কিষান সন্মান নিধিৰ ১২ নম্বৰ কিস্তিৰ ধনো মুকলি কৰি দিয়ে প্রধানমন্ত্রীয়ে।
2. জনতা ভৱনত ‘হামদেৰ মনেৰ কথা’ শীৰ্ষক এক মত বিনিময় অনুষ্ঠান।
উপস্থিত থাকে ড° মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষাণ, পৱিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা ।
3. ২২ বছৰৰ পিছত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন।
ভোটগ্ৰহণৰ ফলাফল অহা ১৯ অক্টোবৰত ঘোষণা কৰা হ’ব।
আগন্তুক ২০২৩ বৰ্ষত সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ’ব লগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে দলীয় সভাপতিৰ নিৰ্বাচনে বহন কৰিব এক গুৰুত্বপূৰ্ণ দ্বায়িত্ব ।
4. লখিমপুৰৰ গৰৈমাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
নিশা হ’লেই পত্নীৰ ওপৰত অসুৰৰ দৰে জঁপিয়াই পৰি পাশৱিক অত্যাচাৰ চলাই অধিবক্তা স্বামীয়ে।
মুখত সোপা দি পত্নীক নিৰ্দয় প্ৰহাৰ পাষাণ স্বামীৰ।
5. আৰক্ষী নিযুক্তি পৰীক্ষাৰ ১০০ প্রাৰ্থীক CIDৰ তলব।
কম্পিউটাৰ শিক্ষাৰ ভুৱা প্রমাণ পত্র দাখিলৰ অভিযোগ।
মুঠ ৪১৪গৰাকী প্রাৰ্থীৰ বিৰুদ্ধে আছিল এই অভিযোগ।
6. ‘ৰাজ্য চৰকাৰে ২১ আগষ্টত অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গ পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব’।
টুইটাৰ যোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
7. মালয়েছিয়াত অনুষ্ঠিত মিছেছ টুৰিজিম এম্বেচাদৰ
ইউনিৰ্ভাচ প্ৰতিযোগীতাত বিশ্বৰ আগশাৰীৰ প্ৰতিযোগীৰ মাজত যোৰহাটৰ ৰূপাঞ্জলী আৰ সৎনামী এ লাভ কৰিলে মিছেছ টুৰিজিম এম্বেচাদৰ খিতাপ।
8. ৰঙিয়াৰ মাণ্ডলিক কাৰ্যালয়ত CBIৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ কৰা হৈছে ৰে’ল বিষয়া ৰবীন দাস।
CBIৰ জালত ৰে’ল বিষয়া ৰবীন দাস।
9. লংকাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক।
জয়সাগৰৰ ৰবিন্দ্র মজুমদাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।
নিশা আহাৰ গ্ৰহন কৰাৰ পিছত অচেতন হৈ পৰে লোক কেইজন।
10. সৰ্বশিক্ষাৰ অধীনস্থ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীৰ প্ৰতিবাদ।
নৱেম্বৰ মাহৰ পৰা জ্যোতিকেন্দ্ৰ বন্ধৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।
জ্যোতিকেন্দ্ৰ বন্ধৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰে শিক্ষাকৰ্মীসকল।
11. বৰাগাঁৱত গড়চুক আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত ড্রাগছসহ গ্রেপ্তাৰ কৰে এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো বিৰুবাৰীৰ ৰাজা আলী।
12. মহানগৰীৰ আমিনগাঁৱত পুনৰ ড্ৰাগছ জব্দ কৰা হৈছে।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৬ কোটি।
৭৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাসহ দুজন যুৱক।
13. বৈঠালাংছ’ত বন বিভাগৰ অভিযান।
অভিযানত চোৰাং কাঠসহ জব্দ কৰে এখন বাহন।
বৈঠালাংছ’ৰ পৰা কঁচুৱা অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰা হৈছে বাহনখন।
14. বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে।
দুখন নাৱৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত নিহত আইজুল হক নামৰ এজন আৰু কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
15. সুৰাৰ বিপনী আবণ্টন গোচৰ সন্দৰ্ভত দিল্লীৰ শিক্ষা মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ২ মাহ সম্পূৰ্ণ নহওতেই চিবিআইৰ কাৰ্যালয়ত জেৰাৰ বাবে উপস্থিত হোৱাৰ চমন আহিল মনীষ চিচোদিয়াৰ বাবে ।
ৰবিবাৰে এক টুইট যোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।
16. কোকৰাঝাৰৰ কিষান কুমাৰ বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ।
পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ তথা কোকৰাঝাৰ টেঙাপাৰা নিবাসী মহিম চন্দ্ৰ বসুমতাৰীৰ পুত্ৰ কিষান কুমাৰ বসুমতাৰী কি পৰিস্থিতিত মৃত্যু হ’ল তাকে লৈ সন্দেহৰ সৃষ্টি হোৱাৰ সময়তে ছাত্ৰগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি দাবী কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই।
17. লামডিঙত দিনে দিনে বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশৰ ঘটনা ।
বৰ্তমানেও লামডিঙৰ প্ৰণৱ বিদ্যাপিঠ বিদ্যালয়ৰ ছাত্ৰ বিকি চৰকাৰ যোৱা ১৪ তাৰিখৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে ৷
18. ৭ দিনীয়াকৈ অনুষ্ঠিত হােৱা ‘আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱ’ ত ভূপালত প্ৰদৰ্শিত হ’ব গুৰুজনাৰ সৃষ্টি ‘ৰাম বিজয়’ নাট ।
১৬ অক্টোবৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত হোৱা এই ৰামলীলা উৎসৱত থাইলেণ্ড, ইণ্ডোনেছিয়া, ইউ. এ.ই., শ্ৰীলংকা, ফিজী, মালেছিয়া, আৰু ভাৰতবৰ্ষৰ কৰ্ণাটক, উৰিষ্যা, অযোধ্যাৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ উত্তৰ কমলাবাৰী সত্ৰক আমন্ত্ৰণ জনাইছে।
19. সংকটে দেখা দিছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ আসনত।
আস্থাহীনতাৰ বাবে পদ হেৰুৱাব পাৰে নৱ নিযুক্ত লিজ ট্ৰাছে ।
লিজ ট্ৰাছৰ বিৰুদ্ধে আস্থাহীনতাৰ পত্ৰ দাখিল কৰাৰ ওপৰিও কোনো নতুন নেতাক প্ৰধান মন্ত্ৰী ৰূপে নিৰ্বাচন কৰিবলৈও তৎকালীন ভাৱে আস্থা ভোটৰ আয়োজন কৰাবলৈও অনুৰোধ কৰিব দলীয় শীৰ্ষ নেতাক ।
20. প্ৰগতিশীল সাংবাদিকতাৰ প্ৰতি শ্ৰদ্ধাশীল জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক অসম ভিত্তিক সাংবাদিকতা বঁটা প্ৰদান।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।
Post navigation
Go Top