এলোভেৰাৰ ঔষধী গুণ আৰু ইয়াৰ ব্যৱহাৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

এলোভেৰা জেল আৰু ইয়াৰ ৰস দুয়োটাই আমাৰ বাবে উপকাৰী।

এলোভেৰা ৰসে আমাৰ শৰীৰৰ বহু বেমাৰ নাশ কৰে।

এলোভেৰাত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, এনজাইম, চেপনিন আৰু এমিনো এচিড, ভিটামিন এ, চি, ই, ফলিক এচিড, কেলচিয়াম, ক্ৰ’মিয়াম, চেলেনিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম, ছডিয়াম আৰু জিংক আদি পুষ্টিতত্ত্বৰে ভৰপূৰ।

জানোঁ আহক এলোভেৰাত কি কি ঔষধী গুন আছেঃ

1. দৈনিক এলোভেৰাৰ ৰস খালে পাচনতন্ত্ৰৰ বহু সমস্যা যেনে হজম শক্তিৰ সমস্যা, কোষ্ঠকাঠিন্য, এচিডিটি আৰু গেছৰ পৰা উপশম পোৱাত সহায়ক হয় ।

2. এলোভেৰাৰ ৰস খালে ভোক বৃদ্ধি হয় আৰু ওজন বৃদ্ধি নিয়ন্ত্ৰণত ই উপকাৰী ।

3. এলোভেৰাৰ ৰস খালে শৰীৰত থকা বিষাক্ত পদাৰ্থৰ পৰা মুক্তি পোৱা যায় ।

4. এলোভেৰাৰ ৰসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

5. এলোভেৰাৰ ৰসে দাঁতৰ বিষ, দাঁতৰ আলুৰ সমস্যাৰ নিৰাময় কৰে।

6. এলভেৰাৰ ৰসে গালৰ শালমইনা দূৰ কৰে।

7. এলভেৰাৰ ৰসৰ লগত কিছু পৰিমানে হালধিৰ ৰস, মৌ, গাখীৰ আৰু গোলাপজল মিহলাই শুকান ছালত ব্যৱহাৰ কৰিলে ছাল মসৃণ তথা কোমল হয়।

8. এলভেৰা ৰস চুলিত লগালৈ চুলি সতেজ, সজীৱ, কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰাে।

9. শিশুৰ পেটৰ কৃমি ৰোগত এলভেৰাৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।

10. যকৃত ৰোগত এলভেৰা ৰসৰ লগত কলা নিমখ আৰু আদা মিহলাই সেৱন কৰিলে সুফল পোৱা যায় ।

11. কাঁহ, চৰ্দীত এলভেৰা ৰসৰ লগত মৌজোলৰ মিহলাই সেৱন কৰিলে ভাল হয়।

12. থাইৰয়ড থকা লোকসকলৰ মুখ, হাত-ভৰি ফুলি থাকে।
এনে পৰিস্থিতিত এলোভেৰাৰ ৰসে ফুলা দূৰ কৰাত যথেষ্ট সহায় কৰে।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে এলোভেৰাৰ জেল ব্যৱহাৰ কৰক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

 

Mising Autonomous Council
Mising Autonomous Council.

আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *