1. আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস।
দিল্লীৰ কৰ্তব্যপথত পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।
পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণৰ পাছতে গণৰাজ্য দিৱসৰ বৰ্ণিল পেৰেড।
প্ৰদৰ্শিত হয় দেশৰ শৌৰ্য-বীৰ্য-পৰাক্ৰম।
গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল ছিছি।
খানাপাৰাত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰে APCCৰ সভাপতি ভূপেন বৰাই। গোলাঘাটত পতাকা উত্তোলন কৰে মন্ত্ৰী অতুল বৰাই।
কোকৰাঝাৰত পতাকা উত্তোলন কৰে প্ৰমোদ বড়ো এ।
তেজপুৰত পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই।
লখিমপুৰত পতাকা উত্তোলন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
নলবাৰীত পতাকা উত্তোলন কৰে মন্ত্ৰী অশোক সিংঘালে।
ডিব্ৰুগড়ত পতাকা উত্তোলন কৰে যোগেন মহনে।
নগাওঁ জিলাত পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
দৰং জিলাত পতাকা উত্তোলন কৰে মন্ত্ৰী বিমল বৰাই।
আমিনগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দাসে।
2. আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।
বাগদেৱীৰ বন্দনাৰ বাবে শিক্ষানুষ্ঠানসমূহত ব্যাপক ব্যস্ততা।
সৰস্বতী পূজাত নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ল গ্ৰন্থ প্ৰদৰ্শনী ।
নগাঁও মহাবিদ্যালয় অট’নমাচৰ ব্যতিক্ৰমী চিন্তা।
বাগদেৱীৰ পূজাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানখনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গ্ৰন্থ প্ৰদৰ্শনী ।
মহাবিদ্যালয়খনৰ ২২ টা বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই।
3. ‘এইবাৰ ব’হাগ বিহুক ডাঙৰ সামাজিক উৎসৱ ৰূপে পালন কৰা হ’ব ৷
১৪ এপ্ৰিলত গুৱাহাটীত হ’ব বৃহৎ আয়োজন ৷
১০-১৫ হাজাৰ ঢুলীয়া-নাচনীয়ে পৰিৱেশন কৰিব বিহু ৷
এই অনুষ্ঠানেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লক্ষ্য লোৱা হৈছে ৷
অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷’ খানাপাৰাত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে ৷
4. ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান ।
মৰাণৰ বিশিষ্ট শিল্পী হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
শিল্পকৰ্মলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীলৈ এই সন্মান।
মিজোৰামৰ সাংস্কৃতিক কৰ্মী কে চি ৰুনৰেমছাংগিলৈ পদ্মশ্ৰী সন্মান।
মেঘালয়ৰ সাংস্কৃতিক কৰ্মী ৰিছিংবৰ কুৰকালাঙলৈ পদ্মশ্ৰী সন্মান।
নাগালেণ্ডৰ সাংস্কৃতিক কৰ্মী মোৱা ছুবঙলৈ পদ্মশ্ৰী সন্মান।
মাজুলীৰ বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।