৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 9/2023:- 

1. আজি ৰবীন্দ্ৰ জয়ন্তী।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬২সংখ্যক জন্মদিন।
ভিন্ন প্ৰান্তত ৰবীন্দ্ৰ জয়ন্তী আয়োজন কৰা হয়।
জন্মদিন উপলক্ষ্যে কলকাতাৰ Jorasanko Thakurbariত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহয়।

2. গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান
পাক ৰেঞ্জাৰ্ছে জিম্মাত লৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

3. দুৰ্ঘটনাত পতিত হয় মাজুলীৰ বিধায়ক ভুৱন গাম
শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বলৰে’ বাহনে খুন্দিয়ালে বিধায়কজনৰ বাহন।
ফলত আঘাতপ্ৰাপ্ত বিধায়কজনৰ লগতে পত্নীও।
আহত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

4. ২০২৪ত আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩
চৰকাৰৰ দ্বিতীয় বাৰ্ষিকীৰ প্ৰাকমুহূৰ্তত ঘোষণা কৰে মন্ত্ৰী যোগেন মহনে।

5. মধ্যপ্ৰদেশৰ খাৰগোনাত ভয়ংকৰ ঘটনা৷
দলঙৰ পৰা বাগৰি পৰিল বাছ৷
দুৰ্ঘটনাত ১৫জন নিহত হয় আৰু আহত হয় ২৫জন৷
বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান৷
নিহতৰ আত্নীয়লৈ ২লাখ টকাৰ সাহায্য ঘোষণা৷
আহতসকলক দিয়া হ’ব ৫০হাজাৰকৈ টকা৷
PMNRFৰ তৰফৰ পৰা ধন আগবঢ়োৱাৰ কথা টুইটযোগে ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

6. ৰাজ্যৰ নিবনুৱাৰ বাবে আন এক ভাল খবৰ।
জুলাইৰ প্ৰথম সপ্তাহতে পুনৰ প্ৰকাশ পাব ১০ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা।

7. দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে মন্ত্ৰী আৱাস চৌহদত বীৰনাম সমাৰোহ৷
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সমাৰোহ৷
বীৰনাম সমাৰোহৰ পূৰ্বে ভাগৱত পাঠ অনুষ্ঠান৷
বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে মুকলি কৰে ভাগৱত পাঠ অনুষ্ঠান৷
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

8. প্ৰেমৰ ছলনাৰে যুৱতীক প্ৰতাৰণাৰ গোচৰ৷
ছিপাঝাৰত গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়া৷
গ্ৰেপ্তাৰ ছিপাঝাৰ থানাৰ IC নিতাই চন্দ্ৰ ৰায়
ফকিৰাগ্ৰাম আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক৷

9. আজি গুৱাহাটীলৈ লৈ অনা হৈছে IAS শেৱালি দেৱী শৰ্মাসহ ৩ অভিযুক্তক৷
CM ভিজিলেন্সে ৰাজস্থানৰ পৰা লৈ আনিছে অভিযুক্তত্ৰয়ক৷
SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিত সোমবাৰে গ্ৰেপ্তাৰ হৈছিল।
ইতিমধ্যে ঘটনা সন্দৰ্ভত IAS শেৱালিসহ ৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

10. বলিষ্ঠ অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ দেহাৱসান।
গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

11. অসম ডাউন টাউন বিশ্ববিদ্যালয়ত মাষ্টাৰ চেফ ইণ্ডিয়া-২০২৩ৰ বিজয়ীক সম্বৰ্ধনা
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ অধীনস্থ আতিথ্য আৰু পর্যটন ব্যৱস্থাপনা বিভাগৰ উদ্যোগত এই সম্বৰ্ধনা জনোৱা হয়।

12. GMCHত সম্পন্ন হ’ল ৱালিউল ইছলামৰ DNA পৰীক্ষা।
পুনৰ পল্টন বজাৰ থানাৰ লকআপত ৱালিউল ইছলাম।
মহানগৰ আৰক্ষীৰ বহু কেইটা দলক দিয়া হৈছে বেলেগ বেলেগ দায়িত্ব।
আৰক্ষীয়ে ইতিমধ্যে সংগ্ৰহ কৰিছে ৩২টা CCTVৰ ভিজুৱেল।

13. “টকা মোৰ একাউণ্টত নালাগে, নহ’লে মোডী চৰকাৰক GST দিব লাগিব”-মন্তব্য জুবিন গাৰ্গৰ

14. ওড়িশাৰ সম্বলপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷
ভাত-চবজি নাৰান্ধাৰ বাবে পত্নীক হত্যা স্বামীৰ
হত্যাকাৰী সনাতন ধাৰুৱাক আটক কৰে আৰক্ষী এ।
নিহত মহিলাগৰাকীৰ নাম পুষ্পা ধাৰুৱা

15. মহানগৰীৰ মালিগাঁৱত শোকাৱহ দুৰ্ঘটনা।
সেনা বাহিনীৰ গাড়ীৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ছাত্ৰীৰ।
নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল

16. অসমত অতিৰিক্ত ৫খন POCSO আদালত স্থাপন কৰিব ৰাজ্য চৰকাৰে।
সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

17. ওড়িশাত আৰক্ষী আৰু মাওবাদীৰ মাজত মুখামুখি সংঘৰ্ষ।
এনকাউণ্টাৰত নিহত হয় ৩ মাওবাদী, আহত হয় এজন আৰক্ষী বিষয়া।
কালাহাণ্ডিত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

18. বাইহাটা চাৰিআলিৰ বেজেৰাৰ চ’কত নিশা ভয়ংকৰ অগ্নিকাণ্ড
বিধ্বংসী জুইত জাহ গ’ল প্ৰায় ৭খনকৈ দোকানৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষতিসাধন।
অগ্নিনিৰ্বাপকৰ বাহনেৰে নিৰ্বাপিত কৰা হয় জুই।

19. মৰিয়নিত বিধ্বংসী অগ্নিকাণ্ড৷
ৰিলেক্স’ নামৰ ধাবাখনত লাগিল জুই৷
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত ধাবাখন৷
অগ্নিকাণ্ডত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰো বিস্ফোৰণ৷
বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

20. কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত নিৰ্মাণ হৈছে কলাক্ষেত্ৰখন।

Leave a Reply

Your email address will not be published. Required fields are marked *