৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 6/2023:-
1. আজি ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ ফলাফল।
*বিজ্ঞান শাখাৰ শীৰ্ষ স্থানত নিখিলেশ দত্ত।
বিজ্ঞান শাখাত প্ৰথম দহটা স্থানত উজলিল ১৬গৰাকী পৰীক্ষাৰ্থী ।
*কলা শাখাৰ শীৰ্ষ স্থানত সংকল্পজিৎ শইকীয়া।
কলা শাখাত প্ৰথম দহটা স্থানত উত্তীৰ্ণ ১৫গৰাকী পৰীক্ষাৰ্থী।
*বাণিজ্য শাখাৰ শীৰ্ষ স্থানত বৰ্ষা বোথৰা।
2. অৰুণাচলী দুবৃত্তৰ গুলীচালনা ঘটনাৰ ৫ জনক আটক কৰা হৈছে।
অৰুণাচল আৰক্ষীয়ে আটক কৰিলে দুবৃত্তকেইটাক।
টুইটযোগে জনালে DGP জিপি সিঙে।
3. গুৱাহাটী বিমানবন্দৰত গোপীনাথ বৰদলৈৰ ১৩৩তম জন্মজয়ন্তী উদযাপন।
গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।
গোপীনাথ বৰদলৈক সুঁৱৰি ভাষণ প্ৰদান কৰে উৎপল বৰুৱাই।
4. আজি ঘোষিত HSৰ ফলাফলত কম্পাৰ্টমেণ্টেল দিব বিচৰা বা ফলাফল প্ৰকাশ নোহোৱা পৰীক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ জৰিয়তে আৱেদন কৰিব লাগিব।
এক নিৰ্দেশনাযোগে সদৰী কৰিছে শিক্ষা বিভাগে।
5. পাণবাৰী কাণ্ডত নিহত বগা চুতীয়া আৰু মণ্টু গগৈৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ।
গুলীচালনাত আহত জগত গগৈ আৰু পুষ্প গগৈলৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ।
টুইটযোগে এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
6. ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত উদ্ধাৰ হোৱা মৃতদেহৰ ১০১টা মৃতদেহ বৰ্তমানেও চিনাক্ত হোৱা নাই।
ভয়াৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছিল ২৫৭ জনকৈ লোকে।
ওড়িশাৰ বালাচোৰত সংঘটিত হৈছিল দুৰ্ঘটনা।
7. মাধ্যম বিতৰ্কক লৈ চানমাৰিত আছুৰ গণ সত্যাগ্ৰহ৷
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গণ সত্যাগ্ৰহ কাৰ্যসূচী৷
এমাহজোৰা আন্দোলনেৰে কাৰ্যসূচীৰ প্ৰতিবাদ।
8. কাইলৈ সন্ধিয়াৰ ভিতৰত ষ্টেটপুল শিক্ষকসকলৰ দৰমহা জমা কৰা হ’ব তেওঁলোকৰ বেংক একাউণ্টত।
টুইটাৰযোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই ঘোষণা।
9. ২২ জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা।
অম্বুবাচী মহাযোগৰ সময়ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ আগতীয়াকৈ বা পাছত অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰে।
২১জুনৰ পৰা ২৭জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামাখ্যা দেৱালয়ৰ অনুৰোধমৰ্মে এই নিৰ্দেশ দিয়া হয়।
10. লাওখোৱা অভয়াৰণ্যত নিশা গুলীচালনাৰ ঘটনা।
বনকৰ্মীৰ গুলীত আহত হয় এজন ব্যক্তি।
নিশা চোৰাংকৈ অভয়াৰণ্যৰ মাজত মাছ মাৰিবলৈ যোৱা ৰ অভিযোগ উঠিছে ব্যক্তি জনৰ বিৰুদ্ধে।
সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ব্যক্তি গৰাকীক।
11. বোকাজানৰ শক্তিপুৰত বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰা হৈছে।
বৰপথাৰ আৰক্ষীৰ তালাচীত জব্দ কৰে ১কিলোগ্রাম ড্রাগছ।
এখন আৰ্টিগা বাহনেৰে সৰবৰাহৰ সময়তে জব্দ কৰে।
12. হত্যা কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদক।
খড়গপুৰ IITৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুক লৈ প্ৰাৰম্ভিক শুনানিত কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।
গোচৰৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ।
ন্যায়ালয়ৰ মঙলবাৰে ছাত্ৰজনৰ মৃত্যুক লৈ হ’ব দ্বিতীয় শুনানি।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ৰ কবৰস্থানৰ পৰা খান্দি নিয়া হৈছিল ছাত্ৰজনৰ মৃতদেহ।
13. ব্ৰহ্মপুত্ৰত গা ধুবলৈ নমাৰ পিছতে সন্ধানহীন দুজন যুৱক।
নাম ভিৱৰ্মী লালু আৰু ৰাহুল চেত্ৰী।
জানিব পৰা মতে, ৬ জন বন্ধুৰ সৈতে অৱসৰৰ মুহূৰ্ত পাৰ কৰিবলৈ চন্দ্ৰপুৰলৈ আহিছিল যুৱক দুজন।
বিয়লি তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নমাৰ পিছতে ৰাহুল আৰু ভিৱৰ্মী সন্ধানহীন হৈ পৰে।
14. মণিপুৰত চলিছে হিংসাৰ দাবালন।
কুকি উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত শ্বহীদ হল BSFৰ জোৱান ৰঞ্জিত যাদৱ।
15. “বিদ্যুত বিল কমাবলৈ ফেন চেন বন্ধ কৰি গছৰ তলত বহক”
বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ এই কথা ৰাখিলে কমলাক্ষ দে পুৰকায়স্থই।
অধ্যক্ষৰ বাসগৃহৰ সন্মুখৰ গছৰ তলত এনেদৰে জিৰাই প্ৰতীকি প্ৰতিবাদ কৰে বিধায়ক গৰাকীয়ে।
16. টিহুৰ ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি।
২০ হাজাৰ টকা বিচাৰি ট্ৰাক চালকক কৰিলে মাৰপিট।
এই ঘটনাৰ পাছতেই আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ট্ৰাক চালকসকলে।
17. বিহাৰত গংগা নদীৰ ওপৰত নিৰ্মীয়মান দলং খহি পৰাৰ পিছত অসমতো আশংকা।
SP সিংলা নামৰ প্ৰতিষ্ঠানটোৱে অসমতো নিৰ্মাণ কৰি আছে তিনিখনকৈ দলং।
গুৱাহাটী–উত্তৰ গুৱাহাটীৰ লগতে কলিয়াভোমোৰা আৰু যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰি আছে SP সিংলাই।
18. NCB ৰ জালত পৰিছে দেশৰ বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।
এই পৰ্যন্ত ৬ জনক গ্ৰেপ্তাৰ কৰিছে।
১৫ হাজাৰ LSD চিট জব্দ কৰে।
19. হাতত খালী বাল্টি লৈ GMCৰ কাৰ্যালয়ত ‘আপ’ৰ কৰ্মী৷
গুৱাহাটী পৌৰ নিগমৰ ভঙাগড়স্থিত কাৰ্যালয়ত প্ৰতিবাদ৷
খালী বাল্টি, প্লেকাৰ্ড লৈ GMCৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ৷
গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
20. মথাউৰি নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে শিলচৰত।
বিগত বৰ্ষত শিলচৰবাসীৰ বেতুকাণ্ডি মথাউৰিৰ ভগ্ন অংশ নিৰ্মাণৰ নামত সংঘটিত হ’ল ১৪ কোটি টকাৰ দুৰ্নীতি।
যাৰ ফলত ভগ্ন মথাউৰিটো নিৰ্মাণৰ দুদিন পাছতে থাকিল ভাঙি।
এনে অৱস্থাত পুনৰ শংকা দেখা দিছে শিলচৰবাসীৰ সন্মুখত।