11. জলসিঞ্চন বিভাগৰ উদ্যোগত বিশেষ কৰ্মশালা।
কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী শীৰ্ষক কৰ্মশালা।
বশিষ্ঠস্থিত অসম জলকেন্দ্ৰত অনুষ্ঠিত হয় এই কৰ্মশালা।
কৰ্মশালাত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
12. ৰাছিয়াৰ বেলগোৰোডত ৰাছিয়ান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত নিহত হয় প্ৰায় ৬৫জন লোক ।
13. চীনৰ ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ৩৯ গৰাকী লোকৰ মৃত্যু হয়।
দক্ষিণ জিয়াংচি প্ৰান্তত সংটিত হয় এই অঘটন।
একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
জুই নিৰ্বাপণৰ পূৰ্বে ভস্মীভূত হয় বহু সা-সম্পত্তি।
14. মঙলদৈৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।
স্কুটাৰ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত হয় মাতৃ-পুত্ৰৰ।
জুৰি বৰুৱা শইকীয়া আৰু পৰাগজ্যোতি শইকীয়া।
15. মহানগৰীৰ নালাপাৰাত ১০ কোটি টকাৰ গাঞ্জা জব্দ।
STFৰ অভিযানত জব্দ কৰে কেইবা বস্তা গাঞ্জা।
জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৪ হাজাৰ কিলোগ্ৰাম।
20. জামুগুৰিহাটৰ ইটাখোলাত অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ।
গাঁওখনৰ ৰীতা শ্বাহৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি।