7. আজিৰে পৰা নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে BHARAT TEX 2024।
এই আন্তঃৰাষ্ট্ৰীয় এক্সপ’ত অংশগ্ৰহণ কৰে প্ৰাইড ইষ্টৰ CMD ৰিণিকি ভূঞা শৰ্মাই।
GOLDEN THREADS OF ASSAMৰ উদ্যোগত প্ৰদৰ্শন কৰা হৈছে মুগা, এড়ি আৰু পাটৰ কাপোৰৰ লগতে বিভিন্ন সামগ্ৰী।
8. ২৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বৰপেটা ৰোডৰ উৰণসেতু।
উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি এই ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত দাসে।
9. শদিয়াৰ মোগলপুৰৰ ITIৰ সন্মুখত পথ দুৰ্ঘটনা।
ডাম্পাৰ-বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ১৪ বছৰীয়া এটি কিশোৰ।
নিহত কিশোৰটিৰ নাম অংশুমান চিৰিং।
11. তামুলপুৰত বন বিভাগৰ অভিযান।
অভিযানত হাতীৰ দাঁতসহ আটক কৰে এটা সৰবৰাহকাৰী৷
আটকাধীন সৰবৰাহকাৰীটোৰ নাম সোণেশ্বৰ সূত্ৰধৰ৷
12. মহানগৰীত ভয়ংকৰ ঘটনা৷
অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এগৰাকী মহিলাৰ৷
জালুকবাৰীৰ পৰা লখৰামুখী পথত সংঘটিত হয় এই দুৰ্ঘটনা৷
13. ৰঙিয়াৰ ঢেপাৰগাঁৱত অগ্নিকাণ্ড।
জ্বলি ভস্মীভূত হয় প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি।
জুইত জাহ যায় এখন ব্যক্তিগত বিদ্যালয়ৰ লগতে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান।
14. মুম্বাই এয়াৰপ’ৰ্টত শুল্ক বিভাগৰ অভিযান।
জব্দ কৰে ৪ কোটিৰো অধিক টকাৰ ৭.৫৭ কেজি সোণ ।
ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰে ৷
কাপোৰৰ মাজত লুকুৱাই আনিছিল সোণখিনি৷
15. যোৰহাটৰ নাওবৈচাত অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী।
16. মণিপুৰত জব্দ ড্ৰাগছ৷
আৰক্ষীয়ে ১৫ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰে।
লগতে আটক ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী৷