Gaurav Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

১/ ৮ জুলাইত পুটিনৰ দেশত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো মস্কো ভ্ৰমণ।

২/ শিৱসাগৰৰ ভিন্ন প্ৰান্তত বান গৰাখহনীয়া পৰিদৰ্শন কৰে সাংসদ গৌৰৱ গগৈয়ে।
লগতে ৰাইজৰ সৈতে মত-বিনিময় কৰে সাংসদ গৰাকীয়ে।

৩/ বান পৰিস্থিতি শেষ হোৱাৰ পাছতে ৰাজ্যত পুনৰ নিৰ্মাণ কৰা হ’ব ২২০ কিলোমিটাৰ মথাউৰি।
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই সদৰী কৰে এই তথ্য।
তাৰ সমান্তৰালকৈ নৈপৰীয়া ৰাইজৰ বাসগৃহসমূহ অধিক ওখকৈ নিৰ্মাণ কৰাৰ বাবে বিশেষ চৰ্চা চলি আছে ৰাজ্যিক কেবিনেটত।

৪/ হিংসা জৰ্জ্জৰিত মণিপুৰলৈ যাব লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী।
মনিপুৰৰ পৰা প্ৰাণৰ ভয়ত কাছাৰৰ ফুলেৰতলত আশ্ৰয় লোৱা মণিপুৰৰ বাসিন্দা সকলৰ শিবিৰ পৰিদৰ্শন কৰিব ৰাহুল গান্ধীয়ে৷
ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ কথা সংবাদ মাধ্যমত সদৰি কৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৷

৫/ ১৯৮৩ চনৰ বিশ্বকাপজয়ী ভাৰতীয় দলকো পুৰস্কৃত কৰাৰ আহ্বান ।
কপিল দেৱ নেতৃত্বাধীন বিশ্বজয়ী দলটোৰ এজন সদস্যই আহ্বান জনাই BCCIক।
T20 বিশ্বজয়ী দলক ১২৫ কোটিৰে পুৰস্কৃত কৰাৰ পাছতেই এই আহ্বান জনোৱা হয়।

৬/ কলিয়াবৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
হাতীমুৰাৰ বান্ধৰ ছিগা অংশ আৰু কলংমুখৰ বান্ধৰ মেৰামতি কৰা অংশ পৰিদৰ্শন কৰে আছুৰ উপদেষ্টাগৰাকীয়ে। হাতীমুৰাৰ নিম্নমানৰ কামৰ বাবে দোষীক কঠোৰ শাস্তিৰ দাবী জনাই সমুজ্জ্বল ভট্টাচাৰ্যৰ।

৭/ পলাশবাৰী সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

“এতিয়ালৈকে বানত ৬ টা গড় আৰু ৯৫ টা হৰিণা মৃত্যু হৈছে”- মন্তব্য মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাৰ।

৮/ কাজিৰঙাত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।
বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বন, পৰ্যটন আৰু পৰিবহণ বিভাগৰ কৰ্মীৰ লগতে স্বেচ্ছাসেৱক সকলৰ সজাগতা বৃদ্ধি কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
মাজুলীৰ পৰা দিছপুৰলৈ উভতাৰ পথত সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী।

৯/ ৰাজ্যত ভুৱা শিক্ষানুষ্ঠানে বিপদ কঢ়িয়াইছে বহু শিক্ষাৰ্থীৰ।
নাম পঞ্জীয়নৰ সময়ত SEBA-ই উদ্ধাৰ কৰে চাঞ্চল্যকৰ তথ্য।
আন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশ মাধ্যমিক শিক্ষা সঞ্চালকৰ।

১০/ মঙলদৈত বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় জল সম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।
বান সন্দৰ্ভত প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
বৈঠকত উপস্থিত থাকে কৰে সাংসদ দিলীপ শইকীয়া।

১১/ টাই আহোম জনগোষ্ঠীৰ ঐতিহাসিক কৰ্ম উম-ফা পূজা।
শিৱসাগৰৰ বকতা বৰদেওশালত পৰম্পৰাগত উম-ফা পূজা পালন।
পূজাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,সাংসদ গৌৰৱ গগৈ, মন্ত্ৰী যোগেন মহন, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ।

১২/ যোৰহাটত বান পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই।
ইয়াৰ লগতে চৰকাৰে বন্যাক্ৰান্তৰ বাবে ওখ ভেটিত ঘৰ সজাৰ পৰিকল্পনা কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

১৩/ অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ হয় অবিনাশ সৰকাৰৰ মৃতদেহ৷
পিতৃ-মাতৃয়ে চিনাক্ত কৰে পুত্ৰ অবিনাশৰ মৃতদেহ৷
উৱলি যোৱা অৱস্থাত নলাত উদ্ধাৰ হয় মৃতদেহটো৷

১৪/ মহানগৰীৰ মালিগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ।
মালিগাঁও প্ৰিয়া ভাইন লজত উদ্ধাৰ কৰে মৃতদেহটো।
মৃত লোকজন বিহাৰৰ পংকজ কুমাৰ চৌধুৰী।
জালুকবাৰী আৰক্ষীয়ে লজৰ কোঠাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

১৫/ ঢেকীয়াজুলিৰ মৰাবেলশিৰিত বানত মৃত্যু হয় এটি কণমানি।
শিশুটিৰ গৃহত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
দুৰ্ভগীয়া পৰিয়ালটোক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

১৬/ আজিৰে পৰা আৰম্ভ হৈছে পুৰীত জগন্নাথৰ ৰথযাত্ৰা।
ৰথযাত্রাত সমৱেত হয় ১০ লক্ষাধিক ভক্ত।
আহমেদাবাদত ৰথৰ আৰতি কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।

১৭/ কোকৰাঝাৰত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ উদ্যোগত ৰথযাত্ৰা কাৰ্যসূচী ৰূপায়ন।
কোকৰাঝাৰৰ শান্তিনগৰৰ পৰা তিতাগুৰীলৈ ৰথযাত্ৰাত অংশগ্ৰহণ কৰে বিপিএফ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে।

১৮/ বঙাইগাঁও চহৰত ইষ্কনৰ উদ্যোগত ৰথযাত্ৰা কাৰ্যসূচী।
ৰথযাত্ৰাত উপস্থিত থাকে অসম আৰক্ষীৰ IGP দিলীপ কুমাৰ দে লগতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস।

১৯/ চাপৰ আঞ্চলিক ৰথযাত্ৰা মহোৎসৱৰ উদ্যোগত অনুষ্ঠিত হয় জগন্নাথ ৰথযাত্ৰা।
৫ শতাধিক ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ কৰে ৰথযাত্ৰা কাৰ্যসূচীত।

২০/ কামপুৰৰ কচুৱাত ড্রাগছসহ দুজনক আটক।
আটক মোবাৰক আলী, ৰঞ্জু আহমেদক।
কচুৱা আৰক্ষীৰ অভিযানত আটক কৰে দুয়োকে।
দুয়োৰে পৰা ১২টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *