Sumi Bora

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Ankit Motors Gogamukh

Mising Autonomous Council
Mising Autonomous Council

১/ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত সংবাদমেল সম্বোধন ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষদ্বয়।

১৫ ছেপ্টেম্বৰত পৰীক্ষাত বহিব ১১,২৩,২০৪ প্ৰাৰ্থী।

২৮খন জিলাৰ ২,৩০৫টা কেন্দ্ৰত হ’ব পৰীক্ষা।

৪২৯টা স্পৰ্শকাতৰ কেন্দ্ৰত বিশেষ আৰক্ষী নিয়োগ।

২/ ‘নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব’।

পৰীক্ষাক লৈ সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে ল’ব ব্যৱস্থা।

৩-১০ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ভৰিব লাগিব ১ লাখ-১০ কোটি টকাৰ জৰিমনা।

৩/ পৰীক্ষা কেন্দ্ৰত ২ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ’ব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থী।

পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ নিলগৰ পৰা চলিব তালাচী।

পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলক কৰা হৈছে CC কেমেৰা।

৪/ ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভাৰত চৰকাৰৰ অনুমোদিত PMAY-G 2.0 ।

সৰ্বমুঠ ১,৭১,৫৯৩ জন হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা।

মহানগৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি এই জনাই বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে।

৫/ ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড।

প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড।

৬/ ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ।

পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা ডীন কে ভি কৃষ্ণৰ।

৭/ নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

সাংসদ ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা জ্ঞাপন কৰে।

৮/ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ মণিপুৰৰ সাংসদ বিমল আকাইজামৰ পত্ৰ।

হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতিক লৈ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ সাংসদ গৰাকীয়ে।

‘মণিপুৰৰ জনতাৰ জীৱনক লৈ কোনো গুৰুত্ব নাই কেন্দ্ৰৰ।’

অমিত শ্বাহলৈ পত্ৰযোগে ক্ষোভ প্ৰকাশ সাংসদ গৰাকীৰ।

৯/ শিৱসাগৰত গ্ৰামাঞ্চলৰ কৃষকৰ আয়বৃদ্ধিৰ লক্ষ্যৰে পলি হাউছ নাৰ্মাণ ।

জিলাখনত কৃষি বিভাগৰ উদ্যোগত নিৰ্মাণ ৫৫ টা পলি হাউছ।

আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে।

১০/ মানিক চান্দ নন্দ জুৱেলাৰ্ছৰ শাখা মুকলি।

মহানগৰীৰ জোনালীত মুকলি কৰা হয় প্ৰতিষ্ঠানখনৰ এটা শাখা।

নতুন শাখাটো মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।

১১/ ১৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ ।

প্ৰতিটো সমষ্টিতেই ১০ হাজাৰকৈ মহিলাক দিয়া হ’ব অৰুণোদয়ৰ ধন ।

অৰুণোদয় ৩.০ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মা।

১২/ আছুৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক সীমান্ত সমন্বয়ক ইনামূল হকৰ দেহাৱসান।

ইনামূল হক আছিল এগৰাকী প্ৰবল জাতীয়তাবোধসম্পন্ন নেতা।

ইনামূলৰ বিয়োগে জাতীয়তাবাদী শিবিৰত সৃষ্টি কৰিব শূন্যতাৰ।

১৩/ ‘লিৰিকেল লেন্স’ নামৰ তথ্যচিত্ৰখনিৰ বিশেষ প্ৰদৰ্শন।

শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ’চিয়েনৰ উদ্যোগত প্ৰদৰ্শন তথ্যচিত্ৰখন।

প্ৰখ্যাত ফটোগ্ৰাফাৰ নলিনী বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন।

১৪/ পোনপ্ৰথমবাৰৰ বাবে মৰিয়নীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখন যোৱা ৭ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

এই লীগ চেম্পিয়নশ্বিপখনৰ ১২খন খেল মৰিয়নীৰ বাপুজী খেলপথাৰত অনুষ্ঠিত হ’ব।

আজি মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰাখণ্ড আৰু পণ্ডিচেৰী মাজৰ খেলখন শুভাৰম্ভ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

১৫/ যিকোনো মুহূৰ্ততে আত্মসমৰ্পণ কৰিব পাৰে চুমি বৰা আৰু তাৰ্কিক বৰাই।

চুমি বৰা, তাৰ্কিক বৰা

বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক।

তাৰ্কিক বৰাক পলায়ন কৰাত সহায় কৰিছিল অম্লানে।

পূৰ্বে অম্লানৰ ফৰ্চুনাৰ বাহনখন জব্দ কৰিছিল STF-এ।

STFৰ এটা দলে শ্বিলঙৰ পৰা জব্দ কৰে বাহনখন।

চুমি বৰা, তাৰ্কিক বৰা

১৬/ শিশু যৌন নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড।

মৰিগাঁৱৰ বিশেষ POSCO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়।

জাগীৰোডৰ দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড।

কেশৱ নাথ নামৰ আন এটা অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড।

২০২২ চনত যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈছিল দুয়ো।

১৭/ তামুলপুৰত উদ্ধাৰ হয় ৮টা গ্ৰেণেড, ২টা হস্তনিৰ্মিত বন্দুক৷

বন্দুক-গ্ৰেণেডৰ লগতে ধনু আৰু কাঁড়ো উদ্ধাৰ কৰে আৰক্ষীয়ে৷

ভূটান আৰু অসমৰ সীমাত মাটিত পুতি থৈছিল মাৰণাস্ত্ৰখিনি৷

দৰঙামেলাত অভিযান চলাই মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে৷

সক্ৰিয় অৱস্থাত আছে উদ্ধাৰ হোৱা ৮টাকৈ গ্ৰেণেড৷

১৮/ মহানগৰীৰ ফটাশিল আমবাৰীত STF ৰ অভিযান।

মিলন নগৰৰ দাতালপাৰাৰ নতুনবস্তিত এই অভিযান।

মহিলাসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক।

ধৃত শ্বাহিদুল ৰহমান, আজিজুৰ ৰহমান, চাজিদা বেগম।

১৯/ মহানগৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ।

বৈদ্যুতিক উপভোক্তা সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।

বিজুলী ভৱনৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

২০/ ২৩ বছৰ সম্পূৰ্ণ বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ।

ভয়ংকৰ সন্ত্ৰাবাদী আক্ৰমণ ৯/১১ আক্ৰমণত নিহত প্ৰতিগৰাকী লোকলৈ শ্ৰদ্ধাঞ্জলি।

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আল-কায়দাই আক্ৰমণ কৰিছিল আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ।

আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ৩ হাজাৰ লোকৰ।

 

Ankit Motors Gogamukh

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *