Manmohan Singh

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং দেৱলৈ শ্ৰদ্ধাঞ্জলি।

Spread the love

 

(২৬/১২/২০২৪) দেশৰ অৰ্থনীতি আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি।

বিদগ্ধ অৰ্থনীতিবিদ, ৰাজনীতিবিদ, দেশৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী, অসমৰ পৰা পাঁচবাৰকৈ ৰাজ্যসভাৰ সাংসদ ড° মনমোহন সিং দেৱ ২৬/১২/২০২৪ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ এইমছ চিকিৎসালয়ত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা সিং দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জনাইছোঁ।

ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনীতিৰ পথাৰ খনলৈ যি অমূল্য অৱদান তথা অৰিহনা আগবঢ়াই থৈ গৈছে সেইয়া চিৰস্মৰণীয় হৈ থাকিব। তেখেতৰ দেশৰ প্ৰতি থকা প্ৰেম, দায়িত্ব, ব্যক্তিত্ব তথা আদৰ্শই প্ৰতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং দেৱৰ মৃত্যুৰ দিনটোৰ প্ৰতি সন্মান তথা বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২৬/১২/২০২৪ তাৰিখৰ পৰা ০১/০১/২০২৫ তাৰিখলৈ ৭ দিনীয়াকৈ “ৰাষ্ট্ৰীয় শোক” আৰু মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ উদ্যোগত “ৰাজ্যিক শোক” পালন কৰিব।
এই শোকাহত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিতকৈ ৰাষ্ট্ৰীয় পতাকা উৰিব৷
লগতে সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী এই সপ্তাহটিত বাতিল কৰা হৈছে।

সকলোৱে ৭ দিনীয়া শোক কাৰ্য্যসূচীত অংশ লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ একাঁজ্বলি শ্ৰদ্ধা নিবেদন কৰক তাৰেই আমাৰ অন্তৰতম কামনা।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *